প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি (২৪ জানুৱাৰী, ২০২৫) লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’বলগীয়া এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে। বাৰ্তালাপৰ সময়ত, বহু অংশগ্ৰহণকাৰীয়ে প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ হোৱাত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে, ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ই ভাৰতীয় গণতন্ত্ৰৰ শক্তি প্ৰকাশ কৰে।”

বিহাৰৰ মুংগেৰৰ এজন অংশগ্ৰহণকাৰীৰ সৈতে মত বিনিময় কৰি, প্ৰধানমন্ত্ৰীয়ে মুংগেৰৰ ভূমিৰ প্ৰতি নিজৰ শ্ৰদ্ধা প্ৰকাশ কৰে, তেওঁ কয় যে মুংগেৰ যোগৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত আৰু এতিয়া সমগ্ৰ বিশ্বই যোগ গ্ৰহণ কৰিছে।

আন এগৰাকী অংশগ্ৰহণকাৰীয়ে কয় যে স্বচ্ছ ভাৰত অভিযান আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দৰে পদক্ষেপে দেশৰ উন্নতিত অৰিহণা যোগোৱাই নহয়, বৰং যুৱ প্ৰজন্মকো আকৰ্ষণ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ প্ৰতি সকলোৱে চুম্বকৰ দৰে আকৰ্ষিত হয় আৰু এনে ব্যক্তিত্বৰ প্ৰধানমন্ত্ৰী থকাটো দেশৰ বাবে গৌৰৱৰ বিষয়। শ্ৰী মোদীয়ে এই কথাত জোৰ দিয়ে যে যদি ১৪০ কোটি ভাৰতীয়ই স্বচ্ছতা বজাই ৰখাৰ প্ৰতিশ্ৰুতি লয়, তেন্তে ভাৰত সদায় পৰিষ্কাৰ হৈ থাকিব।

 

ওড়িশাৰ আন এজন অংশগ্ৰহণকাৰীয়ে শ্ৰী মোদীক সফলতাৰ প্ৰকৃত সংজ্ঞাৰ বিষয়ে সোধে, এই সন্দৰ্ভত তেওঁ কয় যে কোনেও কেতিয়াও বিফলতাক মানি ল’ব নালাগে। তেওঁ এই কথাৰ ওপৰত আলোকপাত কৰে যে যিসকলে বিফলতাক স্বীকাৰ কৰে, তেওঁলোক কেতিয়াও সফল নহয়, কিন্তু যি তাৰ পৰা শিকে, তেওঁলোক শীৰ্ষত উপনীত হয়। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে কোনেও কেতিয়াও বিফলতাক ভয় কৰিব নালাগে, বৰং তাৰ পৰা শিকাৰ মনোভাৱ থাকিব লাগে আৰু যি বিফলতাৰ পৰা শিকে, তেওঁ অৱশেষত শীৰ্ষত উপনীত হয়।

এজন অংশগ্ৰহণকাৰীয়ে সোধে যে তেওঁক কিহে অনুপ্ৰাণিত কৰে আৰু শক্তি প্ৰদান কৰে, তেতিয়া প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনাৰ দৰে যুৱক-যুৱতীক লগ পাই মই শক্তি আৰু প্ৰেৰণা পাওঁ।” তেওঁ আলোকপাত কৰে যে যেতিয়া তেওঁ দেশৰ কৃষকসকলৰ কথা ভাবে তেতিয়া তেওঁৰ উপলব্ধি হয় যে তেওঁলোকে কিমান ঘণ্টা কাম কৰে; যেতিয়া তেওঁ সৈনিকৰ কথা ভাবে, তেতিয়া তেওঁৰ ভাব হয় যে তেওঁলোকে কিমান ঘণ্টা সীমান্তত পহৰা দিয়ে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে সকলোৱে অতি কঠোৰ পৰিশ্ৰম কৰে আৰু আমি যদি তেওঁলোকক চাওঁ আৰু তেওঁলোকৰ দৰে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ, তেন্তে আমিও অনুভৱ কৰোঁ যে আমাৰো জিৰণি লোৱাৰ অধিকাৰ নাই। তেওঁ কয় যে তেওঁলোকে যেনেকৈ ইমান নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰে, তেনেদৰে দেশৰ ১৪০ কোটি নাগৰিকেও তেওঁক পালন কৰিবলৈ কৰ্তব্য অৰ্পণ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে পুৱা সোনকালে শুই উঠাৰ অভ্যাস জীৱনত অতি উপকাৰী। তেওঁ কয় যে আগতে এনচিচিৰ কেডেট হোৱাৰ লগতে শিবিৰৰ সময়ত পুৱা সোনকালে শুই উঠাৰ অভ্যাসে তেওঁক অনুশাসন শিকাইছিল। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজিও তেওঁৰ পুৱা সোনকালে সাৰ পোৱাৰ অভ্যাস এক মূল্যৱান সম্পদ, যাৰ ফলত তেওঁ পৃথিৱীখন উঠাৰ আগতেই বহু কাম সম্পূৰ্ণ কৰিব পাৰে। তেওঁ সকলোকে পুৱা সোনকালে উঠাৰ অভ্যাস বজাই ৰাখিবলৈ উৎসাহিত কৰে, কিয়নো এই অভ্যাস তেওঁলোকৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ’ব।

মহান ব্যক্তিত্বৰ পৰা শিকিব পৰা বিষয়ত প্ৰধানমন্ত্ৰীয়ে কয় যে আমি ছত্ৰপতি শিৱাজী মহাৰাজকে ধৰি সকলোৰে পৰা শিকিব লাগিব। তেওঁ অতীতৰ মহান নেতাসকলৰ পৰা শিক্ষা লোৱা আৰু আজি ৰাষ্ট্ৰৰ সেৱাত সেই শিক্ষা প্ৰয়োগ কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে এজন অংশগ্ৰহণকাৰীক গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ সময়ত আনৰ পৰা কি শিকিলে সেই বিষয়ে সোধে, যাৰ উত্তৰত তেওঁ কয় যে বিভিন্ন অংশগ্ৰহণকাৰীৰ সৈতে বন্ধুত্ব গঢ়ি তোলা, মত বিনিময় কৰা আৰু সংযুক্ত ভাৰত গঢ়ি তোলাৰ বাবে একত্ৰিত হোৱা। তেওঁ কয় যে ইয়াৰ দ্বাৰা সকলো ধৰণৰ পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱাৰ বিষয়েও বহু কথা শিকাইছে। শ্ৰী মোদীয়ে এই কথাত প্ৰসন্ন হয় যে এজন কাশ্মীৰী পণ্ডিত পৰিয়ালৰ যুৱ অংশগ্ৰহণকাৰীয়ে কয় যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ আত্মনিৰ্ভৰশীল হ’বলৈ শিকিছে। তেওঁ এই কথাৰ ওপৰত আলোকপাত কৰে যে আগতে কেতিয়াও ঘৰুৱা কাম নকৰাৰ পিছতো, ইয়াত সকলো স্বতন্ত্ৰভাৱে পৰিচালনা কৰিবলৈ শিকাটো এক মূল্যৱান অভিজ্ঞতা হৈ পৰিছে। তেওঁ এই কথাৰ ওপৰত জোৰ দিয়ে যে ঘৰলৈ উভতি গ’লে নিজৰ পঢ়া-শুনাৰ লগতে ঘৰৰ কাম-কাজত নিজৰ মাকক তেওঁ সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে গভীৰভাৱে আপ্লুত হয় যেতিয়া এজন যুৱ অংশগ্ৰহণকাৰীয়ে ক’লে যে ইয়াত শিকা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে পৰিয়াল কেৱল সেই মানুহখিনিৰে গঠিত নহয়, যি আমাৰ লগত ঘৰত থাকে, বৰং ইয়াত আন লোক - বন্ধু-বান্ধৱী আৰু বয়োজ্যেষ্ঠ-সকলোৱে মিলি এটা ডাঙৰ পৰিয়াল গঠন কৰে। অংশগ্ৰহণকাৰীয়ে জোৰ দি কয় যে এইটো এটা মূল্যৱান শিক্ষা, যিটো সদায় মনত ৰখা উচিত। শ্ৰী মোদীয়ে কয় যে এই অভিজ্ঞতাৰ পৰা পোৱা গুৰুত্বপূৰ্ণ শিক্ষাৰ ৰূপত “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”ৰ মনোভাব গ্ৰহণ কৰিব লাগিব।

শ্ৰী মোদীয়ে যেতিয়া অংশগ্ৰহণকাৰীসকলক আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে নিৰ্বাচন কৰা বা নিৰ্বাচন নকৰাৰ বিষয়ে সোধাত এজন অংশগ্ৰহণকাৰীয়ে উত্তৰ দিলে যে বাছনি কৰা বা নিৰ্বাচন নকৰাটো বেলেগ কথা, কিন্তু চেষ্টা কৰাটো নিজৰ বাবেই এক উল্লেখযোগ্য কৃতিত্ব। শ্ৰী মোদীয়ে জোৰ দি কয় যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ফলাফল যিয়েই নহওক কিয় নিজৰ শ্ৰেষ্ঠখিনি দিয়া।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ইয়াত এমাহ কটোৱা অংশগ্ৰহণকাৰীসকলে প্ৰযুক্তি আৰু ডিজিটেল ইণ্ডিয়াৰ বাবেই বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভিডিঅ’ কনফাৰেন্স কৰিবলৈ সক্ষম হৈছিল, যিয়ে আমাক উন্নত ভাৰতৰ দিশে লৈ গৈছে। তেওঁ জোৰ দি কয় যে বিশ্বত ভাৰতৰ দৰে সুলভ তথ্য থকা দেশ অতি কম। ইয়াৰ ফলস্বৰূপে দেশৰ আটাইতকৈ দৰিদ্ৰ ব্যক্তিয়েও ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আপোনজনৰ সৈতে আৰামত কথা পাতিব পাৰে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোধে যে কিমান মানুহে ইউপিআই আৰু ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰে, তেওঁ মন্তব্য কৰে যে নতুন প্ৰজন্মই কেতিয়াবাহে নিজৰ পকেটত নগদ ধন ৰাখে।

শ্ৰী মোদীয়ে এই কথা সোধে যে অংশগ্ৰহণকাৰীসকলে এনচিচিৰ পৰা কি কি মূল্যৱান কথা শিকিলে, যিবোৰ তেওঁলোকৰ আগতে নাছিল। এজন অংশগ্ৰহণকাৰীয়ে উত্তৰ দিয়ে যে সময়মতে কৰা, সময়ৰ ব্যৱস্থাপনা আৰু নেতৃত্ব। আন এজন অংশগ্ৰহণকাৰীয়ে কয় যে এনচিচিৰ পৰা পোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা হৈছে–জনসেৱা, যেনে ৰক্তদান শিবিৰৰ আয়োজন আৰু চাৰিওফালে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা। ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত মাই ভাৰত বা মেৰা যুৱ ভাৰত মঞ্চত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই মঞ্চত তিনি কোটিৰো অধিক যুৱক-যুৱতী পঞ্জীকৃত। তেওঁ জোৰ দি কয় যে অংশগ্ৰহণকালীয়ে বিকশিত ভাৰতৰ ওপৰত বিতৰ্ক, কুইজ প্ৰতিযোগিতা, ৰচনা লিখা আৰু ভাষণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাকে ধৰি উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ কয় যে সমগ্ৰ দেশৰ পৰা প্ৰায় ৩০ লাখ লোক এই কামত জড়িত হৈ আছে। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলক শীঘ্ৰে মাই ভাৰত পৰ্টেলত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।

 

২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ (বিকশিত ভাৰত) হিচাপে গঢ়ি তোলাৰ দিশত ভাৰত আৰু ভাৰতীয়ৰ দ্বাৰা নিৰ্ধাৰণ কৰা লক্ষ্যৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে যদি ১৪০ কোটি নাগৰিকে কিবা ইতিবাচক কাম কৰাৰ সংকল্প লয়, তেন্তে লক্ষ্যত উপনীত হোৱাটো কঠিন নহ’ব। তেওঁ জোৰ দি কয়, “আমাৰ কৰ্তব্য পালন কৰি, আমি এখন উন্নত ভাৰত গঢ়াৰ এক গুৰুত্বপূৰ্ণ শক্তি হ’ব পাৰোঁ।”

শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলক সোধে যে আমাৰ মাজৰ কোনে আমাৰ মাতৃক বহুত ভাল পায় আৰু কোনে পৃথিৱী মাতৃক সমানে ভাল পায়। তেওঁ জোৰ দি কয় যে ‘এজোপা গছ মাৰ নামত’ অনুষ্ঠানটোৱে আমাৰ মাতৃ আৰু পৃথিৱী মাতৃ উভয়কে শ্ৰদ্ধা জনাইছে। তেওঁ সকলোকে মাতৃৰ নামত এজোপা গছ ৰোপণ কৰি যাতে কেতিয়াও শুকাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই কামৰ প্ৰথম হিতাধিকাৰী হ’ব মাতৃ পৃথিৱী।

অৰুণাচল প্ৰদেশৰ এগৰাকী অংশগ্ৰহণকাৰীৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে অৰুণাচল প্ৰদেশৰ এক অনন্য বৈশিষ্ট্য হ’ল ইয়াৰ পৰাই সূৰ্যৰ প্ৰথম ৰশ্মি ভাৰতলৈ যায়। তেওঁ কয় যে অৰুণাচল প্ৰদেশত মানুহে "ৰাম ৰাম" বা "নমস্তে"ৰ সলনি "জয় হিন্দ" বুলি ইজনে সিজনক সম্ভাষণ জনায়। প্ৰধানমন্ত্ৰীয়ে সকলোকে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বৈচিত্ৰ্য, শিল্প, প্ৰাকৃতিক সৌন্দৰ্য আৰু মৰম অনুভৱ কৰিবলৈ উৎসাহিত কৰে। মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ছিক্কিম, ত্ৰিপুৰা, অসম, মেঘালয়কে ধৰি সমগ্ৰ অষ্টলক্ষ্মী অঞ্চল ভ্ৰমণ কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে ইয়াত ইমানেই চাবলগীয়া আছে যে দুই-তিনি মাহো যথেষ্ট নহ’ব।

প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলক সোধে যে এনএছএছৰ দলটোৰ সৈতে কাম কৰাৰ সময়ত ইউনিটটোৱে কৰা কোনো এনে কাম আছে নেকি, যি তেওঁলোকৰ অঞ্চলত ব্যাপকভাৱে স্বীকৃত? ঝাৰখণ্ডৰ এজন অংশগ্ৰহণকাৰীয়ে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি  কয় যে এটা উল্লেখযোগ্য প্ৰয়াস আছিল ডুমকাত মাহীৰী সম্প্ৰদায়ক সহায় কৰাটো, যি বাঁহৰ সামগ্ৰী নিৰ্মাণৰ বাবে পৰিচিত। তেওঁ কয় যে সম্প্ৰদায়টোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল, কিয়নো তেওঁলোকৰ সামগ্ৰীসমূহ কেৱল ঋতু অনুসৰিহে বিক্ৰী হৈছিল। তেওঁ কয় যে ইউনিটটোৱে এনে শিল্পকাৰ চিনাক্ত কৰে আৰু তেওঁলোকক ধূপকাঠি প্ৰস্তুত কৰা কাৰখানাৰ সৈতে সংযোগ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ত্ৰিপুৰাৰ আগৰতলাৰ অৰণ্যত আগৰৰ গছ গজে, যি অনন্য আৰু সুগন্ধিৰ বাবে পৰিচিত। তেওঁ উল্লেখ কৰে যে এই গছবোৰৰ পৰা উলিওৱা তেল অতি মূল্যৱান আৰু ই বিশ্বৰ অন্যতম ব্যয়বহুল তেল। তেওঁ কয় যে আগৰৰ সমৃদ্ধ সুগন্ধিয়ে ধূপকাঠি তৈয়াৰ কৰাৰ পৰম্পৰাৰ জন্ম দিছে।

 

শ্ৰী মোদীয়ে চৰকাৰৰ GeM (Government e-Marketplace) পৰ্টেলৰ ওপৰত আলোকপাত কৰে। তেওঁ শিক্ষিত যুৱক-যুৱতীসকলক স্থানীয় শিল্পী আৰু উৎপাদকসকলক তেওঁলোকৰ সামগ্ৰী পৰ্টেলত পঞ্জীয়ন কৰাত সহায় কৰিবলৈ উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সামগ্ৰী আৰু মূল্যৰ তালিকাভুক্ত কৰিলে চৰকাৰে সামগ্ৰীসমূহৰ অৰ্ডাৰ দিয়াৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত লেনদেন দ্ৰুত হয়। তেওঁ গাঁৱে-ভূঞে আত্মসহায়ক গোট (SHG)ৰ পৰা ৩ কোটি মহিলাক “লাখপতি দিদি” হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী ব্যক্ত কৰি কয় যে তেওঁলোকৰ সংখ্যা ইতিমধ্যে ১.৩ কোটি হৈছেগৈ। এগৰাকী অংশগ্ৰহণকাৰীয়ে শ্বেয়াৰ কৰিছে যে তেওঁৰ মাকে চিলাই শিকিছিল আৰু এতিয়া নৱৰাত্ৰিৰ সময়ত পিন্ধা পৰম্পৰাগত চানিয়া তৈয়াৰ কৰে। মোদীয়ে কয় যে এই চানিয়াসমূহ বিদেশলৈও ৰপ্তানি কৰা হয়। এয়া এক প্ৰেৰণাদায়ক উদাহৰণ বুলি উল্লেখ কৰি তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে “লাখপতি দিদি” কাৰ্যসূচীয়ে এখন উন্নত ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

প্ৰধানমন্ত্ৰীয়ে নেপালৰ পৰা এজন অংশগ্ৰহণকাৰীৰ কথা শুনি আনন্দিত হৈ পৰে, যিয়ে ভাৰতলৈ আহি তেওঁক লগ পোৱাৰ বাবে উৎসাহ প্ৰকাশ কৰে। তেওঁ প্ৰধানমন্ত্ৰীক বিনাচৰ্ত আতিথ্য প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মৰিচাছৰ আন এজন অংশগ্ৰহণকাৰীয়ে কয় যে তেওঁৰ যাত্ৰাৰ প্ৰাকক্ষণত মৰিচাছত থকা ভাৰতৰ উচ্চায়ুক্তই তেওঁক লগ কৰি ভাৰত ভ্ৰমণৰ বাবে উৎসাহিত কৰিছিল, ভাৰত ভ্ৰমণৰ বাবে তেওঁক তেওঁৰ “দ্বিতীয় ঘৰ” বুলি অভিহিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ভাৰত কেৱল তেওঁৰ দ্বিতীয় ঘৰেই নহয়, বৰং তেওঁৰ পূৰ্বপুৰুষৰ প্ৰথম ঘৰো।

 

এই অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া আৰু শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড° মনসুখ মণ্ডাৱিয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"