Announces ex-gratia to victims

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মেহছানা জিলাত দেৱাল ভাঙি প্ৰাণ হেৰুওৱা লোকসকলৰ গভীৰ শোক প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা মৃতকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্যও ঘোষণা কৰে।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"গুজৰাটৰ মেহছানাত দেৱাল ভাঙি পৰাৰ ফলত সংঘটিত দুৰ্ঘটনাটো অত্যন্ত দুখজনক। ইয়াৰ ফলত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। ভগৱানে তেওঁলোকক এই যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক। মই আহত লোকসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। মই কামনা কৰিছোঁ যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো ধৰণৰ সহায়-সহযোগিতাৰ কামত নিয়োজিত হওক: প্ৰধানমন্ত্ৰী @narendramodi.

"গুজৰাটৰ মেহছানাত সংঘটিত দুৰ্ঘটনাত নিহত প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰা হ'ব। আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ'ব।"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুন 2026
June 16, 2026

Viksit Bharat in Action: 12 Years of Roads, AI Unicorns, Export Booms & Unmatched Global Camaraderie"