প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ২য় খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় শীতকালীন ক্ৰীড়াৰ উদ্বোধনী ভাষণ প্ৰদান কৰিলে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰেপৰা খেল’ ইণ্ডিয়া-শীতকালীন ক্ৰীড়াৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হৈছে। এয়া হৈছে শীতকালীন ক্ৰীড়াসমূহত ভাৰতৰ প্ৰভাৱী উপস্থিতিকে ধৰি জম্মু আৰু কাশ্মীৰক এটা মূল কেন্দ্ৰ কৰি তোলাৰ দিশে বিশেষ পদক্ষেপ। তেখেতে জম্মু-কাশ্মীৰৰ খেলুৱৈ আৰু সমগ্ৰ দেশখনৰে সকলো খেলুৱলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে উল্লেখ কৰে যে এই শীতকালীন ক্ৰীড়াত ভিন্ন ৰাজ্যসমূহৰপৰা অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সংখ্যা দুগুণ বৃদ্ধি পোৱাটোৱে শীতকালীন ক্ৰীড়াৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহকে প্ৰতিফলিত কৰিছে। তেখেতে কয়, এই শীতকালীন ক্ৰীড়াৰপৰা লাভ কৰা অভিজ্ঞতাসমূহে খেলুৱৈসকলক শীতকালীন অলিম্পিকত অংশগ্ৰহণৰ সময়ত সহায় কৰিব। তেখেতে কয়, জম্মু-কাশ্মীৰৰ শীতকালীন ক্ৰীড়াই এটা নতুন ক্ৰীড়া বাতাবৰণ সৃষ্টিত সহায় কৰিব। এই কাৰ্যসূচীয়ে জম্মু-কাশ্মীৰৰ পৰ্যটন খণ্ডটোত নতুন উদ্দীপনা আৰু উৎসাহ যোগাব বুলি তেখেতে কয়। তেখেতে কয়, ক্ৰীড়া এনে এটা ক্ষেত্ৰ হৈ পৰিছে য’ত বিশ্বখনৰ দেশসমূহে তেওঁলোকৰ ছফ্ট পাৱাৰ নিক্ষেপ কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক্ৰীড়াৰ এটা বৈশ্বিক মাত্ৰা আছে আৰু এই দৃষ্টিয়েই ক্ৰীড়া বাতাবৰণটোত শেহতীয়া সংস্কাৰসমূহক পৰিচালিত কৰিছে। খেল’ ইণ্ডিয়া কাৰ্যক্ৰমৰপৰা অলিম্পিক পডিয়াম ষ্টেডিয়ামলৈ এটা সামগ্ৰিক দৃষ্টিকোণ আছে। প্ৰতিভাৱান ক্ৰীড়াবিদসকলক সৰ্বোচ্চ বৈশ্বিক প্লেটফৰ্মলৈ নিবলৈ তেওঁলোকক তৃণমূল পৰ্যায়ৰপৰা উলিয়াই আনি হাতে-হাত ধৰোৱা হৈছে। প্ৰতিভা বিচাৰৰপৰা আৰম্ভ কৰি টীম বাছনিলৈকে, চৰকাৰখনে স্বচ্ছতাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ক্ৰীড়াবিদসকলৰ মৰ্যাদা আৰু তেওঁলোকৰ বৰঙণিক নিশ্চিত কৰি তোলা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰি কয় যে শেহতীয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিত ক্ৰীড়াক এক বিশেষ স্থান প্ৰদান কৰা হৈছে। পূৰ্বে পাঠ্যক্ৰম-বৰ্হিভূত ক্ৰিয়া-কলাপ হিচাপে গণ্য কৰা ক্ৰীড়াক এতিয়া পাঠ্যক্ৰমৰ এটা অংশ হিচাপে গণ্য কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাত ক্ৰীড়াৰ ক্ষেত্ৰত লাভ কৰা গ্ৰেডিং গণনা কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ক্ৰীড়াৰ অৰ্থে উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। তেখেতে বিদ্য়ালয় পৰ্যায়ত ক্ৰীড়া বিজ্ঞান আৰু ক্ৰীড়া ব্যৱস্থাপনাৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে যাৰ জৰিয়তে যুৱ সমাজৰ বিকাশৰ সম্ভাৱনাৰ উন্নয়ন সাধন কৰিব আৰু ক্ৰীড়া অৰ্থনীতিত ভাৰতৰ প্ৰভাৱ বৃদ্ধি কৰিব।

শ্ৰী মোদীয়ে যুৱ ক্ৰীড়াবিদসকল যে আত্মনিৰ্ভৰ ভাৰতৰ ব্ৰেণ্ড এম্বেচাদৰ সেই কথা মনত ৰাখিবলৈ কয়। ক্ৰীড়াৰ প্ৰেক্ষাপটত তেওঁলোকৰ প্ৰদৰ্শনৰ জৰিয়তে বিশ্বখনে ভাৰতৰ মূল্যায়ন কৰিছে বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ উদ্বোধনী ভাষণৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi