ছাত্ৰ-ছাত্ৰী আৰু এই চিকিৎসা প্ৰতিষ্ঠানৰ সাফল্যই এমজিআৰক আনন্দিত কৰিছে : প্ৰধানমন্ত্ৰী
ভাৰতীয় চিকিৎসা পেছাদাৰীসকলৰ যথেষ্ট সমাদৰ আৰু শ্ৰদ্ধা আছে : প্ৰধানমন্ত্ৰী
মহামাৰীৰ পিছত চিকিৎসকসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা বৃদ্ধি পাইছে : প্ৰধানমন্ত্ৰী
ব্যক্তিস্বাৰ্থৰ উৰ্ধ্বলৈ যাব পাৰিলে সিয়েই আপোনাক নিৰ্ভীক কৰি তুলিব : ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি বাৰ্তা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুস্থিত ডাঃ এমজিআৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰে। এই সমাৰোহত ২১ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হয়। অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বনৱাৰিলাল পুৰোহিতো উপস্থিত থাকে।

এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে ডিগ্ৰী আৰু ডিপ্ল’মাধাৰীসকলৰ ৭০ শতাংশৰো অধিক ছোৱালী হোৱাত আনন্দ প্ৰকাশ কৰেন। স্নাতক ডিগ্ৰীধাৰী সকলক অভিনন্দন জনাই তেওঁ মহিলা ডিগ্ৰীধাৰীসকলক বিশেষ প্ৰশংসা কৰে। তেওঁ কয়, এয়া সকলো সময়তেই বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠে, যেতিয়া মহিলাসকলে যিকোনো ক্ষেত্ৰতেই সমূখৰ পৰা নেতৃত্ব দিয়ে। আৰু এয়া যেতিয়া সম্ভৱ হৈ পৰে, তেতিয়াই সেয়া নিঃসন্দেহে গৰ্ব আৰু আনন্দৰ মুহূৰ্ত হৈ উঠে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, এই বিশ্ববিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যই নিঃসন্দেহে ডাঃ এমজিআৰ-ক আনন্দিত কৰিছে। তেওঁ স্মৰণ কৰি কয়, দৰিদ্ৰ জনতাৰ প্ৰতি ডাঃ এমজিআৰে সদায়েই কৰুণা দেখুৱাইছে। স্বাস্থ্য পৰিচৰ্যা, শিক্ষা আৰু মহিলা সবলীকৰণৰ দৰে বিষয়বোৰ তেওঁৰ হৃদয়ৰ অতি নিকটস্থানত আছিল। প্ৰধানমন্ত্ৰীয়ে কয়, ডাঃ এমজিআৰ য’ত জন্মগ্ৰহণ কৰিছিল, সেই শ্ৰীলঙ্কাত আমাৰ তামিল ভাই-ভনীসকলৰ বাবে স্বাস্থ্য ক্ষেত্ৰত কাম কৰিবলৈ পাই আজি ভাৰত সন্মানিত। শ্ৰীলঙ্কাত তামিল সম্প্ৰদায়ৰ লোকসকলে ভাৰতে প্ৰদান কৰা এম্বুলেন্স সেৱাৰ ব্যাপক সদ্ব্যৱহাৰ কৰিছে। স্বাস্থ্যক্ষেত্ৰত তামিল সম্প্ৰদায়ৰ বাবে এই প্ৰচেষ্টাবোৰ দেখিবলৈ পোৱাহেতেন ডাঃ এমজিআৰ নিশ্চয় আনন্দিত হ’লহেতেন।

প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰতীয় চিকিৎসা পেছাদাৰী, বিজ্ঞানী আৰু ফাৰ্মা ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ প্ৰতি যথেষ্ট সমাদৰ আৰু শ্ৰদ্ধা আছে। তেওঁ আৰু কয়, ভাৰতে এতিয়া সমগ্ৰ বিশ্বৰ বাবেই ঔষধ আৰু টীকা প্ৰস্তুত কৰিছে। ক’ভিড-১৯ ৰ সময়ত ভাৰতত মৃত্যু আৰু আৰোগ্যৰ হাৰ আছিল বিশ্বৰ ভিতৰতে সৰ্বাধিক। আজি ভাৰতীয় স্বাস্থ্য ব্যৱস্থাক এক নতুন দৃষ্টিভঙ্গীৰে, এক শ্ৰদ্ধাৰ দৃষ্টিৰে আৰু এক নতুন বিশ্বাসযোগ্যতাৰ প্ৰতীক হিচাপে মানুহে চাবলৈ লৈছে। মহামাৰীৰ সময়ত যি শিক্ষা আৰু অভিজ্ঞতা হৈছে, সিয়ে আমাক যক্ষ্মাৰ দৰে ৰোগৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিব।

শ্ৰী মোদীয়ে কয়, চৰকাৰে সমগ্ৰ চিকিৎসা শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ক্ষেত্ৰৰ আংগিকলৈ পৰিৱৰ্তন আনিছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে নতুন মেডিকেল কলেজ স্থাপনত থকা বিধি-নিষেধবোৰ আৰু অধিক সহজ-সৰল কৰি তুলিব, চিকিৎসা শিক্ষা ব্যৱস্থাত স্বচ্ছতা লৈ আহিব আৰু সুদক্ষ আৰু পৰ্যাপ্ত সংখ্যক মানৱ সম্পদৰ যোগান অটুট ৰাখিব। এক পৰিসংখ্যা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, বিগত ৬ বছৰত এমবিবিএছ স্তৰত আসন সংখ্যা ৩০ হাজাৰতকৈও অধিক বৃদ্ধি কৰা হৈছে, যিটো ২০১৪’ৰ তুলনায় ৫০ শতাংশতকৈও বেছি। স্নাতকোত্তৰ পৰ্যায়ত আসনৰ সংখ্যা ২৪ হাজাৰ বৃদ্ধি কৰা হৈছে, যিটো ২০১৪ ৰ তুলনায় প্ৰায় ৮০ শতাংশ অধিক। ২০১৪ চনত দেশত এইমছৰ দৰে চিকিৎসা প্ৰতিষ্ঠানৰ সংখ্যা আছিল কেৱল ৬ খন। দেশত বিগত ৬ বছৰত এনেধৰণৰ চিকিৎসা প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে ১৫ খনলৈ।

তামিলনাডুৰ যিবোৰ জিলাত এখনো মেডিকেল কলেজ নাই, সেইবোৰ স্থানত ১১ খনকৈ নতুন মেডিকেল কলেজ স্থাপনৰ বাবে চৰকাৰে অনুমতি দিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, এই মেডিকেল কলেজবোৰ স্থাপনৰ বাবে চৰকাৰে ২ হাজাৰ কোটি টকাতকৈও অধিক সাহায্য দিব। বাজেটত ঘোষিত প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ সুস্থ ভাৰত যোজনাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, এই কাৰ্যসূচীৰ ফলত নতুন ধৰণৰ অসুখ-বিসুখ চিহ্নিতকৰণ আৰু তাৰ প্ৰতিকাৰৰ ক্ষেত্ৰত প্ৰাইমাৰী, ছেকেণ্ডাৰী আৰু টাৰ্টিয়েৰী স্বাস্থ্য সেৱা ব্যৱস্থা আৰু সুদৃঢ় হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয়, দেশত চিকিৎসকসকলে সৰ্বাধিক সন্মান আৰু শ্ৰদ্ধা অৰ্জন কৰে। মহামাৰীৰ পিছত চিকিৎসকসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা আৰু বৃদ্ধি পাইছে। জনসাধাৰণে এই কথা জানে যে চিকিৎসকসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ আঁৰত আছে মহান চিকিৎসা বৃত্তিৰ প্ৰতি থকা তেওঁলোকৰ আন্তৰিকতা। আৰু এয়া তেতিয়া আৰু বেছিকৈ প্ৰকট হয়, যেতিয়া ৰোগীৰ জীৱন-মৃত্যুৰ প্ৰশ্নই বিস্তাৰিত ৰূপ লাভ কৰে। তেওঁ কয়, আন্তৰিক হোৱা আৰু আন্তৰিকতা দেখুওৱা দুয়োটাই সম্পূৰ্ণ পৃথক বিষয়। এই পৰিপ্ৰেক্ষিতত তেওঁ চিকিৎসা শিক্ষা নবিচসকলৰ ৰসবোধ বজাই ৰখাৰ পৰামৰ্শও দিয়ে। তেওঁ আৰু কয়, পেছাগত দায়িত্ব আৰু কৰ্তব্য পালনৰ সমান্তৰালকৈ ৰসবোধৰ মানসিকতাই ৰোগীক আত্মসন্তুষ্টি দিব। আনকি, তেওঁলোকৰ মানসিকতাকো তুংগত ৰাখিব। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দি কয়, সুস্বাস্থ্য আৰু শাৰীৰিক ভাৰসাম্য বজাই ৰখাৰ ওপৰত আৰু গুৰুত্ব দিব লাগিব। কাৰণ, তেওঁলোকেই সাধাৰণ মানুহৰ স্বাস্থ্যৰ ওপৰ নজৰ ৰাখে। প্ৰধানমন্ত্ৰী শিক্ষা নবিচসকলক স্বাৰ্থৰ ঊৰ্ধ্বত থকাৰ পৰামৰ্শ দি কয়, এই মানসিকতা অৱলম্বন কৰিব পাৰিলে সাহসী হৈ উঠা সম্ভৱ হয়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi