আজি ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ ৫০তম সন্মিলনৰ সামৰণি পৰে৷ এই সন্মিলনত জনজাতি কল্যাণৰ সৈতে জড়িত বিভিন্ন বিষয় যেনে— পানী, কৃষি, উচ্চ শিক্ষা আৰু জীৱনযাপনৰ মান উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷

ৰাজ্যপালসকলক লৈ গঠিত পাঁচটা উপগোটে উক্ত বিষয়সমূহৰ সম্পর্কে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে৷ ইয়াৰ ভিত্তিতে অনাগত দিনত ৰাজ্যপালসকলৰ ভূমিকা কি হ’ব, তাক লৈ বিস্তাৰিত আলোচনা হয়৷ সন্মিলনত জনজাতিৰ কল্যাণৰ বিষয়টোৰ ওপৰত অগ্রাধিকাৰ দিয়া হৈছে আৰু জনজাতিসকলৰ সার্বিক উন্নয়নে গৃহীত নীতিগুলি স্থানীয় চাহিদা অনুযায়ী পৰিচালিত হ’ব৷

প্ৰধানমন্ত্রীয়ে সামৰণী অনুষ্ঠানত আগবঢ়োৱা ভাষণত ৰাজ্যপালসকলৰ এই সন্মিলন সফলতাৰে সামৰণী পৰাত সকলোকে অভিনন্দন জনাই কয় যে এই ধৰণৰ সন্মিলনৰ মূল লক্ষ্যই হ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নয়ন সুনিশ্চিত কৰা আৰু সাধাৰণ লোকৰ চাহিদা পূৰণ কৰা৷

সন্মিলনত যিবোৰ মূল্যবান মতামত আৰু পৰামর্শ পোৱা গৈছে, তাৰ বাবে অংশগ্ৰহণকাৰীসকলৰ ভূমিকাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্রীয়ে ৰাজ্যৰ প্ৰথম নাগৰিক হিচাপে ৰাজ্যপালসকলৰ প্ৰতি ৰাজ্যিক পৰ্যায়ত উন্নয়নমূলক বিষয়সমূহক লৈ বিস্তাৰিতভাৱে আলোচনা তথা স্থানীয় পৰিস্থিতি অনুযায়ী সেইবোৰ বাস্তবায়িত কৰাৰ আহ্বান জনায়৷

জনজাতি উন্নয়নৰ ওপৰত গুৰুত্ব দি প্ৰধানমন্ত্রীয়ে প্ৰযুক্তিৰ সদ্ব্যৱহাৰেৰ লগতে যুৱক-যুৱতীসকল বাবে ক্রীড়া আৰু উন্নয়নমূলক ক্ষেত্রত বিভিন্ন কার্যকৰী প্ৰকল্প গ্ৰহণ কৰাৰ আহ্বান জনায়৷ উন্নয়নশীল ১১২খন জিলাৰ উন্নয়নমূলক বিভিন্ন চাহিদা পূৰণত মিছন হিচাপে দৃষ্টি দিবলৈ গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্রীয়ে কয় যে দেশৰ জনজাতি বসতি প্ৰধান জিলাসমূহৰ ক্ষেত্ৰত অগ্রাধিকাৰ প্ৰদান কৰা হ’ব, যাতে তেওঁলোকে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নয়নৰ নিৰিখত সমপর্যায়লৈ উন্নতি কৰিব পাৰে৷

সন্মিলনত জল জীৱন অভিযানক লৈ যি আলোচনা হৈছে, সেই ক্ষেত্ৰত পানী সংৰক্ষণ আৰু পানীৰ দক্ষ পৰিচালনাৰ ক্ষেত্রত চৰকাৰৰ অগ্রাধিকাৰৰ দিশসমূহ প্ৰতিফলন ঘটিছে। বিশ্ববিদ্যালয়সমূহৰ আচার্য হিচাপে ৰাজ্যপালসকলৰ ভূমিকাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে যুৱসম্প্ৰদায় আৰু ছাত্ৰ সমাজৰ মাজত পানী সংৰক্ষণৰ গুৰুত্বৰ বার্তা আৰু অধিক প্ৰেৰণৰ কৰাৰ বাবে ৰাজ্যপালসকলক অনুৰোধ জনায়৷ পৰম্পৰাগত জলসম্পদ উৎসৱ যেনে ‘পুষ্কৰম’ সম্পর্কে আৰু অধিক বার্তা প্ৰচাৰ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷

নতুন শিক্ষা নীতি আৰু উচ্চ শিক্ষাৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে ৰাজ্যপালসকলৰ গুৰুত্বপূর্ণ ভূমিকাৰ কথা উল্লেখ কৰি কয় যে বিশ্ববিদ্যালয়সমূহত উচ্চ মানৰ গৱেষণা ক্ষেত্রত যি বিপুল ধন বিনিয়োগ কৰা হয় সেই ব্যয় ৰাহি কৰি উদ্ভাৱন আৰু প্ৰযুক্তিৰ কামত লগাব পাৰি৷ উদাহৰণস্বৰূপে তেওঁ হেকাথনৰ কথা উল্লেখ কৰে৷ এই ধৰইৰ প্ৰচেষ্টাই ষ্টার্ট আপ সংস্কৃতি গঢ়ি তোলাটো যেনেকৈ অনুকূল, তেনেকৈ যুৱপ্ৰজন্মৰ কর্মসংস্থাপনৰ পক্ষেও সহায়ক হয়৷

প্ৰধানমন্ত্রীয়ে জীৱনযাপনৰ মান উন্নয়নৰ লক্ষ্যৰে গ্ৰহণণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যিক পৰ্যায়ত প্ৰতিষ্ঠানসমূহক ৰঙাফিটাৰ মেৰপাক দূৰ কৰি, নিয়ন্ত্ৰণমূলক ব্যৱস্থাৰ মাজত সঠিক ভাৰসাম্য বজাই ৰাখিব লাগিব৷ আনহাতে স্বাস্থ্য সেৱা আৰু শিক্ষাৰ দৰে মৌলিক ক্ষেত্ৰসমূহৰ সৈতে জড়িত প্রাথমিক চাহিদাসমূহ সহজে পুৰণ কৰিব লাগিব৷

কৃষি সম্পর্কে প্ৰধানমন্ত্রীয়ে কৃষিভিত্তিক অর্থব্যবস্থাৰ উন্নয়নত অগ্ৰাধিকাৰ প্ৰদান কৰে৷ তেওঁ কৃষি খণ্ডৰ অত্যাধুনিক পদ্ধতিসমূহ আৰু অধিক কামত লগোৱাৰ বাবে ৰাজ্যপালসকলৰ প্ৰতি অনুৰোধ জনায়৷ প্ৰধানমন্ত্রীয়ে কয় যে আধুনিক কৃষি পদ্ধতি আৰু অধিক প্ৰসাৰ কৰাৰ ক্ষেত্রত কৃষি বিশ্ববিদ্যালয়সমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

সামৰণী অনুষ্ঠানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু গৃহ মন্ত্রীয়ে ভাষণ আগবঢ়ায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's passenger vehicle sales expected to grow 4-6% in FY27: Report

Media Coverage

India's passenger vehicle sales expected to grow 4-6% in FY27: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to President of India, Smt. Droupadi Murmu
June 20, 2026

The Prime Minister, Shri Narendra Modi has extended warm birthday greetings to the President of India, Smt. Droupadi Murmu.

The Prime Minister said that her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Shri Modi noted that through her many years in public life, the President has served the nation in an outstanding manner and has been especially passionate about the wellbeing of the underprivileged and marginalised.

The Prime Minister stated that her steadfast dedication to India’s development is very motivating.

Shri Modi prayed for her long and healthy life in the service of the nation and said that he looks forward to meeting her later in the day at a programme in Odisha.

The Prime Minister wrote on X;

“Warm birthday greetings to the President of India, Smt. Droupadi Murmu Ji. Her journey, marked by courage, simplicity, humility and unwavering commitment to public service, continues to inspire people across the country.

Through her many years in public life, she has served the nation in an outstanding manner, especially passionate about the wellbeing of the underprivileged and marginalised. Her steadfast dedication to India’s development is very motivating.

May she be blessed with a long and healthy life in the service of the nation. I look forward to meeting her later today at the programme in Odisha.

@rashtrapatibhvn”