Intra-BRICS trade and investment targets should be more ambitious: PM
India is the world's most open and investment friendly economy due to political stability, predictable policy and business friendly reforms: PM
Prime Minister Shri Narendra Modi addresses BRICS Business Forum

মাননীয়,

ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ সন্মানীয় অংশগ্ৰহণকাৰীসকল,

নমস্কাৰ,

শুভ সন্ধিয়া৷

ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ অংশীদাৰ হ’বলৈ পাই মই অতিশয় সুখী অনুভৱ কৰিছো৷ ১১তম ব্ৰিকছ সন্মিলনৰ কাৰ্যসূচী এই মঞ্চৰ পৰাই সূচনা হৈছে৷ ব্যৱসায়ক প্ৰাথমিকতা প্ৰদান কৰাৰ বাবে মই ব্ৰাজিল ৰাষ্ট্ৰপতি, এই মঞ্চৰ উদ্যোক্তা আৰু আৰু সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জনাইছো৷

বন্ধুসকল,

বিশ্বৰ আৰ্থিক বৃদ্ধিত ব্ৰিকছ দেশৰ অংশীদাৰীত্ব হ’ল ৫০%৷ বিশ্বৰ মন্দাৱস্থাও ব্ৰিকছ দেশসমূহে আৰ্থিক বিকাশক গতি প্ৰদান কৰিছে, কোটি কোটি লোকক দৰিদ্ৰতাৰ পৰা মুকলি কৰিলে আৰু প্ৰযুক্তি তথা উদ্ভাৱনত সফলতা লাভ কৰিছে৷ এতিয়া ব্ৰিকছ স্থাপনৰ দহ বছৰৰ পিছত ভৱিষ্যতে আমাৰ প্ৰয়াসসমূহৰ দিশসমূহ বিচাৰ কৰাৰ বাবে এই মঞ্চ উত্তম মঞ্চ হিচাপে বিবেচিত হৈছে৷

বন্ধুসকল,

এই ব্ৰিকছ ব্যৱসায়ক সৰল কৰি তোলাৰ দ্বাৰা পাৰস্পৰিক ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধি হ’ব৷ আমি পাঁচখন দেশৰ মাজত কৰ আৰু শুল্ক প্ৰক্ৰিয়া সৰল কৰি তোলা হৈছে৷ বৌদ্ধিত সামগ্ৰী অধিকাৰ আৰু বেংকসমূহৰ মাজৰ সহযোগিতাৰ দ্বাৰা ব্যৱসায়িক পৰিবেশ গঢ়ি তোলা হৈছে৷ ব্ৰিকছ ব্যৱসায়িক মঞ্চক মই অনুৰোধ জনাইছো যে তেওঁলোকে এই ধৰণৰ উৎপন্ন অৱকাশৰ সম্পূৰ্ণ লাভ উঠোৱাৰ বাবে প্ৰয়োজনীয় ব্যৱসায়িক পদক্ষেপসমূহ অধ্যয়ন কৰক৷

আন্তঃ ব্ৰিকছ ব্যৱসায় আৰু বিনিয়োগৰ লক্ষ্য তথা মহত্বকাংক্ষা থকাটো উচিত৷ আমাৰ মাজত ব্যৱসায়ৰ ব্যয়সমূহ হ্ৰাস কৰাৰ বাবে আপোনালোকৰ প্ৰস্তাৱ উপযোগী বিবেচিত হ’ব৷

মই এয়াও অনুৰোধ কৰিবলৈ বিচাৰিম যে আগন্তুক দহ বছৰৰ বাবে আমাৰ মাজত ব্যৱসায়ত প্ৰাথমিক ক্ষেত্ৰসমূহৰ চিনাক্তকৰণ কৰা হওক আৰু ইয়াৰ ভিত্তিত আন্তঃ ব্ৰিকছ সহযোগিতাৰ ব্লু-প্ৰিণ্ট নিৰ্মাণ কৰা হওক৷

বন্ধুসকল,

আমাৰ বজাৰ আকাৰ, বিবিধতা আৰু আমাৰ পূৰকসমূহ পৰস্পৰৰ বাবে অতিশয় লাভজনক৷ উদাহৰণৰ বাবে যদি এখন ব্ৰিকছ দেশত প্ৰযুক্তি আছে তেন্তে আনখন দেশত সেই সম্বন্ধীয় কেঁচামাল অথবা বজাৰ আছে৷ বৈদ্যুতিক বাহন, ডিজিটেল প্ৰযুক্তি, সাৰ, কৃষি উৎপাদন, খাদ্য সংসাধন আদিত এনে সম্ভাৱনীয়তা প্ৰচুৰ পৰিমাণে আছে৷ মই আগ্ৰহ প্ৰকাশ কৰিছো যে এই মঞ্চৰ জৰিয়তে যেন পাঁচোখন দেশত এই ধৰণ পূৰকতাসমূহৰ মেপিং হওক৷ মই এই প্ৰস্তাৱো প্ৰদান কৰিব বিচাৰিম যে আগন্তুক ব্ৰিকছ সন্মিলন পৰ্যন্ত অতি-কমেও পাঁচখন ক্ষেত্ৰৰ চিনাক্তকৰণ কৰা হওক য’ত পূৰকতাসমূহৰ ভিত্তিত আমাৰ মাজত যৌথ মৈত্ৰী স্থাপন হওক৷

বন্ধুসকল,

ব্ৰিকছ দেশ নিজৰ জনসাধাৰণ, প্ৰতিভা আৰু সৃজনীশীলতাৰ বাবে সুপ্ৰসিদ্ধ৷ কাইলৈ সন্মিলনৰ সময়ত উদ্ভাৱনী ব্ৰিকছ নেটৱৰ্ক আৰু ব্ৰিকছ ইন্সটিটিউচন ফ’ৰ ফিউচাৰ নেটৱৰ্কৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ওপৰত বিচাৰ কৰা হ’ব৷ ব্যক্তিগতখণ্ডসমূহক মই অনুৰোধ কৰিছো যে তেওঁলোকে মানৱ সংসাধনৰ ওপৰক কেন্দ্ৰীভূত এই প্ৰয়াসসমূহৰ সৈতে জড়িত হওক৷ যুৱ উদ্যমীসকলক এই পদক্ষেপৰ সৈতে জড়িত কৰিও ব্যৱসায় আৰু উদ্ভাৱন সৱলীকৃত হ’ব৷

বন্ধুসকল,

আমাৰ দেশসমূহৰ মাজত পৰ্যটন, ব্যৱসায় আৰু কৰ্ম সংস্থাপনৰ প্ৰক্ৰিয়া সৰলীকৰণ কৰাৰ সম্ভাৱনা আছে৷ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ভাৰতীয়সকলৰ বাবে ভিছা মুক্ত প্ৰৱেশৰ সিদ্ধান্ত গ্ৰহণক ধন্যবাদ প্ৰদান কৰিছো৷ আমি পাঁচোখন দেশে পৰস্পৰে সামাজিক সুৰক্ষা চুক্তিৰ ওপৰতো চিন্তা কৰিব লাগে৷

বন্ধুসকল,

ইজ অব্ ডুয়িং বিজনেছ, লজিষ্টিক দক্ষতা আৰু বিশ্ব উদ্ভাৱনৰ দৰে সূচাংকসমূহত ভাৰতৰ নিৰন্তৰ অগ্ৰগতি সন্দৰ্ভত আপোনালোক অৱগত৷ সময়ৰ সীমাৱদ্ধতাৰ বাবে মই কেৱল ইয়াকে ক’ব বিচাৰিম যে ভাৰত ৰাজনৈতিক স্থিৰতা, অনুধাৱন নীতি আৰু ব্যৱসায় অনুকূল সংশোধনৰ বাবে বিশ্বৰ সবাতোকৈ মুক্ত আৰু বিনিয়োগ অনুকূল অৰ্থনীতিলৈ পৰিৱৰ্তিত হৈছে৷ ২০২৪ চন পৰ্যন্ত ভাৰতক পাঁচ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিবলৈ বিচাৰিছো৷ কেৱল আন্তঃগাঁথনিতেই ১.৫ ত্ৰিলিয়ন ডলাৰৰ বিনিয়োগৰ আৱশ্যকতা আছে৷

ভাৰতত অসীম সম্ভাৱনা আছে, অসংখ্য সুযোগ আছে৷ ইয়াৰ লাভ উঠাবলৈ মই ব্ৰিকছ দেশসমূহৰ ব্যৱসায়ক আমন্ত্ৰণ জনাইছো যাতে তেওঁলোকে ভাৰতত নিজৰ উপস্থিতি প্ৰতিপন্ন কৰি ইয়াক সম্প্ৰসাৰিত কৰক৷

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"