প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিশিদাৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। জাপানৰ প্ৰধানমন্ত্ৰী কিশিদাই প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে এক নৈশ ভোজৰ আয়োজন কৰিছিল। বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক নিবিড় কৰাৰ লগতে আঞ্চলিক আৰু আন্তৰ্জাতিক নানা বিষয়ত তেওঁলোকৰ মাজত মত-বিনিময় হয়।

দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা সৰঞ্জাম উৎপাদন সহ দ্বিপাক্ষিক নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা আৰু অধিক মজবুত কৰিবলৈ সন্মত হয়। অতি সোনকালে জাপানত বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ পৰৱৰ্তী ২+২ বৈঠক অনুষ্ঠিত কৰিব পাৰি বুলিও তেওঁলোকে সন্মত হয়।

দুয়োখন দেশৰ মাজত বৰ্ধিত অৰ্থনৈতিক সম্পৰ্কক লৈ দুয়োগৰাকী নেতাই সন্তোষ প্ৰকাশ কৰে। অহা পাঁচ বছৰত জাপানৰ পৰা ভাৰতত চৰকাৰী বেচৰকাৰী মিলি ৫ ট্ৰিলিয়ন ইয়েন বিনিয়োগৰ যি সিদ্ধান্ত লোৱা হৈছে সেয়া বাস্তৱত ৰূপায়ণৰ দিশত দুয়োখন দেশে যুটীয়াভাৱে কাম কৰিবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰীয়ে ব্যৱসায় অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু গাতি শক্তি উদ্যোগৰ জৰিয়তে ব্যৱসায় উন্নত কৰাৰ বাবে বিভিন্ন প্ৰয়াস আলোকপাত কৰি ভাৰতত জাপানী কোম্পানীসমূহে যাতে আৰু অধিক বিনিয়োগ কৰে সেই দিশত উদ্যোগ গ্ৰহণ  কৰিবলৈ প্ৰধানমন্ত্ৰী কিশিদাক আহ্বান জনায়। এনে বিনিয়োগে স্থিতিস্থাপক যোগান শৃংখলা সৃষ্টি কৰাত সহায় কৰিব আৰু ইয়াৰ ফলত দুয়োখন দেশ লাভৱান হ'ব। এই সন্দৰ্ভত জাপানী কোম্পানীসমূহৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত তেওঁলোকে বিনিয়োগ বৃদ্ধি কৰিছে আৰু ২৪ টা জাপানী কোম্পানীয়ে বিভিন্ন পিএলআই আঁচনিৰ অধীনত সফলতাৰে আবেদন কৰিছে।

দুয়োগৰাকী নেতাই মুম্বাই-আহমেদাবাদ উচ্চ গতি সম্পন্ন ৰে'ল (এমএএইচএছআৰ) প্ৰকল্প ৰূপায়ণৰ অগ্ৰগতিৰ কথা উল্লেখ কৰে আৰু এই প্ৰকল্পটোৰ বাবে তৃতীয় খণ্ডৰ ঋণদান সংক্ৰান্তীয় কাগজ পত্ৰত স্বাক্ষৰক আদৰণি জনায়। দুয়োগৰাকী নেতাই তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ বৰ্ধিত গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু এই ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ প্ৰযুক্তিৰ বিকাশত দুয়োপক্ষৰ ব্যক্তিগত খণ্ডৰ মাজত অধিক সহযোগিতাক উৎসাহিত কৰিবলৈ সন্মত হয়। ৫জি, বিয়ণ্ড ৫জি আৰু অৰ্ধপৰিবাহীৰ দৰে গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়েও তেওঁলোকে আলোচনা কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে গ্ৰীণ হাইড্ৰজেনকে ধৰি পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰত সহযোগিতা গভীৰতৰ কৰাৰ ক্ষেত্ৰতো সহমত পোষণ কৰে আৰু এই ক্ষেত্ৰত ব্যৱসায়িক সহযোগিতাক অধিক উৎসাহিত কৰে।

দুয়োগৰাকী নেতাই জনসাধাৰণৰ মাজত সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰিবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰী কিশিদাই উল্লেখ কৰে যে এনে সংযোগেই দ্বিপাক্ষিক সম্পৰ্কৰ মূল মেৰুদণ্ড। এই ক্ষেত্ৰত, তেওঁলোকে সুনিৰ্দিষ্ট দক্ষ শ্ৰমিক (এছএছডব্লিউ) কাৰ্যসূচী ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু এই কাৰ্যসূচীক অধিক উৎসাহিত যোগাবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে জাপানত প্ৰৱেশৰ ক্ষেত্ৰত ভ্ৰমণ নিষেধাজ্ঞা শিথিল কৰাৰ বিষয়টো উত্থাপন কৰি কয়, কভাক্সিন আৰু কভিশ্বিল্ড টিকাকৰণ প্ৰমাণপত্ৰ লৈ জাপানলৈ যোৱা ভাৰতৰ যাত্ৰীসকলক জাপানত কোৱাৰেণ্টাইন মুক্ত প্ৰৱেশৰ অধিকাৰ দিয়া উচিত। ভাৰত-জাপান এক্ট ইষ্ট ফৰাম ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত উপযোগী বুলি মন্তব্য কৰি দুয়োগৰাকী নেতাই বাৰ্ষিক শীৰ্ষ সন্মিলনৰ সময়ত ঘোষিত বিভিন্ন প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে পৰামৰ্শ আগবঢ়ায়।

শেহতীয়া গোলকীয় আৰু আঞ্চলিক উন্নয়নৰ বিভিন্ন বিষয়ক লৈ দুয়োগৰাকী নেতাই মত বিনিময় কৰে। এক মুক্ত, স্বাধীন আৰু অন্তৰ্ভুক্তিমূলক ইণ্ডো-পেচিফিক অঞ্চল গঢ়ি তোলাৰ লক্ষ্যেৰে দুয়োগৰাকী নেতাই তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। এই সন্দৰ্ভত তেওঁলোকে কোৱাডৰ সমসাময়িক আৰু গঠনমূলক কাৰ্যসূচী যেনে ভেকছিন, জলপানি, গুৰুত্বপূৰ্ণ প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ অগ্ৰগতিক আদৰণি জনায়।

জাপান ভ্ৰমণকালত তেওঁ আৰু তেওঁৰ প্ৰতিনিধি দলৰ সদস্যসকললৈ আগবঢ়োৱা উষ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী কিশিদাক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।  প্ৰধানমন্ত্ৰী মোদীক পৰৱৰ্তী বাৰ্ষিক দ্বিপাক্ষিক শীৰ্ষ সন্মিলনৰ বাবে জাপান ভ্ৰমণৰ বাবে পুনৰবাৰ আমন্ত্ৰণ জনায় জাপানৰ প্ৰধানমন্ত্ৰী কিশিদাই, যিটো প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দেৰে গ্ৰহণ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi pitches India as stable investment destination amid global turbulence

Media Coverage

PM Modi pitches India as stable investment destination amid global turbulence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জানুৱাৰী 2026
January 12, 2026

India's Reforms Express Accelerates: Economy Booms, Diplomacy Soars, Heritage Shines Under PM Modi