জাৰ্মানীৰ অধ্যক্ষাধীন জি-৭ সন্মিলনলৈ জাৰ্মানীৰ চেন্সেলৰ মহামহিম শ্ৰী অলাফ স্ক'লজৰ আমন্ত্ৰণমৰ্মে মই জাৰ্মানীৰ শ্বলছ এলমাউ ভ্ৰমণ কৰিবলৈ আগবাঢ়িছো। যোৱা মাহত ফলপ্ৰসূ ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনা (IGC) ৰ পিছত পুনৰ চেন্সেলৰ স্ক’লজক লগ পাবলৈ আগ্ৰহী হৈ উঠিছো।

মানৱতাক প্ৰভাৱিত কৰা গুৰুত্বপূৰ্ণ বৈশ্বিক বিষয়সমূহৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ়কৰণৰ প্ৰয়াস হিচাপে জাৰ্মানীয়ে আৰ্জেন্টিনা, ইণ্ডোনেছিয়া, চেনেগাল আৰু দক্ষিণ আফ্ৰিকাৰ দৰে আন-আন গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহকো জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনাইছে। সন্মিলনখনিৰ অধিবেশনসমূহৰ সময়ত মই জি-৭ দেশ, জি-৭ অংশীদাৰ দেশ আৰু অতিথি আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে পৰিবেশ, শক্তি, জলবায়ু, খাদ্য সুৰক্ষা, স্বাস্থ্য, সন্ত্ৰাসবাদ-দমন, লিংগ সমতা আৰু গণতন্ত্ৰৰ দৰে প্ৰাসংগিক বিষয়সমূহৰ সন্দৰ্ভত মত-বিনিময় কৰিম। সন্মিলনখনিৰ সমান্তৰালভাৱে একাংশ অংশগ্ৰহণকাৰী জি-৭ আৰু অতিথি দেশসমূহৰ নেতাসকলৰ সৈতে মিলিত হ’বলৈ মই আগ্ৰহী হৈ উঠিছো।

জাৰ্মানীত থকাৰ সময়ছোৱাত মই সমগ্ৰ ইউৰোপৰ প্ৰবাসী ভাৰতীয় সদস্যসকলকো লগ পাবলৈ উদগ্ৰীৱ হৈ উঠিছো। তেওঁলোকে স্থানীয় অৰ্থনীতিলৈ অপৰিসীম বৰঙণি আগবঢ়োৱাৰ লগতে ইউৰোপীয় দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কও সমৃদ্ধ কৰিছে।

ভাৰতলৈ উভতি অহাৰ পথত মই ২০২২ ৰ ২৮ জুনত ইউএইৰ ৰাষ্ট্ৰপতি আৰু আবুধাবিৰ শাসক মহামহিম শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰে মিলিত হ’বলৈ ইউএইৰ আবুধাবিত চমু সময়ৰ বাবে ৰ’ম। ইয়াতে ইউএইৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু আবুধাবিৰ শাসক শ্বেইখ খলিফা বিন জায়েদ আল নাহিয়ানৰ দেহাৱসানৰ পৰিপ্ৰেক্ষিতত সমবেদনা জ্ঞাপন কৰিম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival