প্ৰধানমন্ত্ৰীয়ে আজি ইউৰোপিয়ান পৰিষদৰ অধ্যক্ষ এইচ.ই.চাৰ্লছ মাইকেলৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰী মাইকেলক ইউৰোপিয়ান পৰিষদৰ কাৰ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায় আৰু তেওঁ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷ শ্ৰী মাইকেলৰ নেতৃত্বত ভাৰত আৰু ইউৰোপৰ মিত্ৰতা অধিক শক্তিশালী হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷

এই বৰ্ষৰ আৰম্ভণিতে নিউয়ৰ্কত অনুষ্ঠিত ইউএনজিএ পাৰ্শ্বৱৰ্তী সময়ত শ্ৰী মাইকেলৰ সৈতে সোৱা সাক্ষাৎকাৰৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে পাৰস্পৰিক বিষয়সমূহ যেনে বিটিআইএ, যোগাযোগ সহযোগিতা, ইউৰ’প’ল, ইউৰ’টম, সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা, জলবায়ু পৰিৱৰ্তন ইত্যাদিত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে৷

দুয়োগৰাকী নেতাই অহা বছৰ ব্ৰাছেলত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী ভাৰত-ইউৰোপ সন্মিলনৰ প্ৰতি সন্মতি প্ৰদান কৰে৷ কূটনৈতিক পক্ষৰ দ্বাৰা সন্মিলনৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India at Davos: From presence to partnership in long-term global growth

Media Coverage

India at Davos: From presence to partnership in long-term global growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জানুৱাৰী 2026
January 24, 2026

Empowered Youth, Strong Women, Healthy Nation — PM Modi's Blueprint for Viksit Bharat