• ২৫ জানুৱাৰী, ২০২০ত প্ৰথমখন বৈঠকৰ পাছত আজিৰ বৈঠক পিএমঅ’ৰ শেহতীয়া পৰ্যালোচনামুলক সভা; • এই বৈঠকত কাৰ্যকৰী ‘পান-চৰকাৰ দৃষ্টিভংগী’ পুনৰ নিশ্চিত হ’ল; কেন্দ্ৰ, ৰাজ্য আৰু ৰাজ্যিক পৰ্যায়ত একাধিক চৰকাৰী কৰ্তৃপক্ষৰ বিশেষ ক্ষেত্ৰৰ দায়বদ্ধতাক চিহ্নিত কৰা হৈছে • জন অংশীদাৰমুলক দৃষ্টিভংগীৰ জৰিয়তে চৰকাৰী আৰু সমুদায়ৰ ব্যাপক অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰা হৈছে • পৰীক্ষা-নিৰীক্ষাৰ সুবিধা বৃদ্ধি আৰু ৰোগৰ সৰ্বাধিক প্ৰভাৱিত অঞ্চল মেপিঙৰ বাবে জিআইএছ ডাটাবেছ আৰু চিকিৎসা সুবিধা উপলব্ধ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

ক’ৰোনা ভাইৰাছক লৈ প্ৰতিক্ৰিয়া আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি. কে. মিশ্ৰই আজি আন্তঃমন্ত্ৰালয়ভিত্তিক এক বৈঠকত সভাপতিত্ব কৰে৷ ২৫ জানুৱাৰীৰ প্ৰথমখন বৈছকৰ পাছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত আজিৰ বৈঠকখন শেহতীয়া পৰ্যালোচনামুলক সভা৷ আজিৰ বৈঠকত কেবিনেট সচিব, বিদেশ সচিব, স্বাস্থ্য, অসামৰিক পৰিবহণ, তথ্য আৰু সম্প্ৰচাৰ, জাহাজ পৰিবহণ, পৰ্যটন মন্ত্ৰালয়ৰ সচিব, অধ্যক্ষ(ভাৰতীয় বিমান প্ৰাধিকৰণ), সচিব(সীমান্ত ব্যৱস্থাপনা), গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা বাহিনী, দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকৰণ, নীতি আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

এই উপলক্ষে সভাত এক বিশাল জনসংখ্যা আৰু এই ৰোগৰ কেন্দ্রস্থলৰ ভৌগোলিক সান্নিধ্য থকা সত্ত্বেও ভাৰতত ভাইৰাছৰ সংক্রমণ প্ৰসাৰৰ বিৰুদ্ধে এতিয়ালৈকে গ্ৰহণ কৰা কার্যকৰী পদক্ষেপসমূহ সকলোৱে প্রশংসা কৰে৷ একে সময়তে ৰাজ্যসমূহৰ সহযোগিতাত পান-চৰকাৰ পদ্ধতিৰ অৱলম্বন কৰি গৃহীত ফলপ্ৰসূ পদক্ষেপ আৰু বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

সভাত এক বিশাল স্পেকট্ৰাম সমস্যাৰ পৰ্যালোচনা কৰা হৈছে৷ কালিৰে পৰা সকলো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আৰু সমুদ্ৰ বন্দৰত বাহিৰৰ পৰা অহা পৰ্যটক আৰু বিদেশ ভ্ৰমণ কৰি ঘুৰি অহা লোকসকলক থাৰ্মেল ইমেজাৰি পদ্ধতিৰে পৰীক্ষা কৰা আৰু পৰ্যটকসকলে কোন ঠাইৰ পৰা আহিছে সেই বিষয়ে লিখাটো বাধ্যতামুলক কৰাকে ধৰি দুটা গুৰুত্বপূৰ্ণ সাল-সলনি কৰা হৈছে৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক আমাৰ সীমান্তৰ সংহত তালাচী চকীত বাধ্যতামুলক পৰীক্ষা কৰাটো সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট জিলা প্ৰশাসনৰ বিষয়াসহ ৰাজ্য চৰকাৰৰ সৈতে গুৰুত্বসহকাৰে কামবোৰ কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ এই ক্ষেত্ৰত নেচনেল ইনফৰমেটিকছ চেণ্টাৰে প্ৰব্ৰজন ব্যুৰ’ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক প্ৰয়োজনীয় সহায় আগবঢ়াব৷

ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে দেশৰ সকলো প্ৰান্তত উপযুক্ত পৰীক্ষাৰ ব্যৱস্থা, আছুতীয়া কক্ষ আৰু অন্যান্য সা-সুবিধা তাৎক্ষণিকভাৱে প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰে’ল মন্ত্ৰালয় আৰু শ্ৰম মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়ক তেওঁলোকৰ সা-সুবিধা আৰু চিকিৎসালয় ব্যৱহাৰ কৰিবলৈ দি সহায় আগবঢ়াইছে৷

সাধাৰণ জনতাক প্ৰাসংগিক পৰামৰ্শৱলী আৰু ‘কৰণীয় আৰু অকৰণীয়’ সম্পৰ্কে সময়ে সময়ে তথ্য প্ৰদান কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু এনডিএমএৰ সৈতে ঘণিষ্ঠতাৰে কাম কৰি আহিছে৷ এই উপলক্ষে স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰসকলে নিয়মীয়াকৈ সবিশেষ ৰাইজক অৱগত কৰি আহিছে৷ স্বাস্থ্য মন্ত্ৰালয়ে ৰোগ প্ৰাদুৰ্ভাৱ হোৱা মুল অভিকেন্দ্ৰসমূহৰ জিআইএছ মেপিং কৰা তথা এনডিএমএৰ সৈতে চিকিৎসা সুবিধাৰ উপলব্ধতাৰ সন্দৰ্ভত প্ৰাসংগিক সংস্থা আৰু চৰকাৰী বিভাগৰ সৈতে যোগসুত্ৰ স্থাপন কৰি আহিছে৷ স্বাস্থ্য মন্ত্ৰালয়ে বৈঠকত লগতে উল্লেখ কৰে যে বিভাগটোৱে ২৩ জানুৱাৰীৰ পৰাই ২৪ ঘণ্টাই কাৰ্যক্ষম অৱস্থাত থকা মেডিকেল হেল্প-লাইনৰ দহটা টেলিফোন লাইন মুকলি কৰিছে য’ত বৰ্তমানলৈকে ইয়াত ৬,০০০ ফোন কল আহিছে৷

বৈঠকত এই ভাইৰাছৰ ভয়াবহতাৰ বিৰুদ্ধে যুঁজিবলৈ সমূদায় আৰু স্থানীয় নিকায়সমূহৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো আলোকপাত কৰা হৈছে৷ এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণকো বিশেষ গুৰুত্ব দিয়া হৈছে৷

চৰকাৰী স্বাস্থ্য বিশেষজ্ঞসকলৰ দেশত বৰ্তমান যিকোনো বৃহৎ ৰাজহুৱা সভা, আন্তঃৰাষ্ট্ৰীয় সভা-সমিতি অনুস্থিত কৰাৰ পূৰ্বে সকলো চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ক স্বাস্থ্য মন্ত্ৰালয়ক সৈতে আলোচনা কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷

আজি পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী মোদীয়ে “বিশ্বৰ বিশেষজ্ঞসকলে কভিড-১৯, ন’ভেল ক’ৰো’না ভাইৰাছ”ৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে জনসমাগম হ্ৰাস কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷ সেয়েহে মই এই বছৰ কোনোধৰণৰ হোলী মিলন অনুষ্ঠানত অংশগ্ৰহণ নকৰো,” বুলি টুইটাৰত উল্লেখ কৰিছিল৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
12 Years Of Digital Revolution: How PM Modi’s Vision Democratised Technology For India’s Weakest Sections

Media Coverage

12 Years Of Digital Revolution: How PM Modi’s Vision Democratised Technology For India’s Weakest Sections
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights 12 years of the government dedicated to trust, development, and public welfare
June 09, 2026

Prime Minister Shri Narendra Modi today stated that the past 12 years of the government have been dedicated to trust, development, and public welfare. The Prime Minister noted that with the blessings of 140 crore countrymen and the spirit of Nation First, no stone has been left unturned in empowering the youth, women, and farmer brothers and sisters.

Shri Modi observed that it is the result of relentless efforts that today the country has gained a new identity across the world, from infrastructure to the digital revolution. To realize the resolution of a Viksit Bharat, the Prime Minister affirmed that the government will continue to move forward on this path of service, good governance, and prosperity.

The Prime Minister posted on X:

"हमारी सरकार के बीते 12 वर्ष विश्वास, विकास और जनकल्याण को समर्पित रहे हैं। 140 करोड़ देशवासियों के आशीर्वाद और राष्ट्र प्रथम की भावना से हमने युवाओं, महिलाओं और अपने किसान भाई-बहनों को सशक्त बनाने में कोई कोर-कसर नहीं छोड़ी है। यह हमारे अथक प्रयासों का ही परिणाम है कि इंफ्रास्ट्रक्चर से लेकर डिजिटल क्रांति तक आज देश को दुनियाभर में एक नई पहचान मिली है। विकसित भारत के संकल्प को साकार करने के लिए हम सेवा, सुशासन और समृद्धि के इसी पथ पर निरंतर आगे बढ़ते रहेंगे।

#12YearsOfSeva"