প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই
ভূটানৰ সৈতে আদৰ্শগত অংশীদাৰিত্বৰ প্ৰতি ভাৰতৰ দৃঢ় দায়বদ্ধতা দোঁহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

ভূটানৰ প্ৰধানমন্ত্ৰী দশো চেৰিং টবগেই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক টেলিফোনযোগে অষ্টাদশ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী টবগেই যোৱা দশকত প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ শলাগ লয় আৰু তেওঁৰ তৃতীয় কাৰ্যকালৰ সফলতাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক শুভেচ্ছা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী টবগেই তেওঁক উষ্ম সম্বৰ্ধনা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে যে ভাৰতে ভূটানৰ সৈতে দৃষ্টান্তমূলক অংশীদাৰিত্বক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ভূটান আৰু ভাৰতৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

ভাৰত-ভূটান অংশীদাৰিত্বৰ বৈশিষ্ট্য হৈছে সকলো স্তৰতে পৰম আস্থা, সদিচ্ছা আৰু পাৰস্পৰিক বুজাবুজি আৰু দুয়ো দেশ জনতাৰ মাজত শক্তিশালী সংযোগ আৰু ঘনিষ্ঠ অৰ্থনৈতিক আৰু উন্নয়নমূলক অংশীদাৰিত্বৰ দ্বাৰা ইয়াক সুদৃঢ় কৰা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre launches Bhavya scheme to set up 100 industrial parks across country

Media Coverage

Centre launches Bhavya scheme to set up 100 industrial parks across country
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers