জম্মু আৰু কাশ্মীৰত ১৫০০ কোটি টকাতকৈ অধিক মূল্যৰ ৮৪টা বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডত প্ৰতিযোগিতামূলকতা উন্নয়ন (জে কে চি আই পি) প্ৰকল্প শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
শ্ৰীনগৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে
দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিষয়বস্তু হৈছে “আত্ম আৰু সমাজৰ বাবে যোগ”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ আৰু ২১ জুন, ২০২৪ত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব।

২০ জুনৰ সন্ধিয়া ৬ বজাত শ্ৰীনগৰত শ্বেৰ-ই কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ (এছকেআচিচি)ত প্ৰধানমন্ত্ৰীয়ে ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

তদুপৰি তেওঁ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ প্ৰতিযোগিতামূলকতা উন্নয়ন প্ৰকল্প (জেকেচিআইপি)ৰ শুভাৰম্ভ কৰিব।

২১ জুনৰ পুৱা প্ৰায় ৬.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে শ্ৰীনগৰৰ এছকেআইচিচিত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমাৱেশত ভাষণ আগবঢ়াব। ইয়াৰ পিছত চিৱাইপি যোগ পৰ্বত অংশগ্ৰহণ কৰিব।

 

যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ

“যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ” শীৰ্ষক অনুষ্ঠানটো অঞ্চলটোৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত, যিয়ে অগ্ৰগতি প্ৰদৰ্শন কৰে আৰু কৃতী যুৱক-যুৱতীসকলক প্ৰেৰণা প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কেইখনমান বিপনী পৰিদৰ্শন কৰাৰ লগতে জম্মু আৰু কাশ্মীৰৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ১৫০০ কোটি টকাতকৈ অধিক মূল্যৰ ৮৪টা বৃহৎ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। উদ্বোধনী অনুষ্ঠানত পথ আন্তঃগাঁথনি, পানী যোগান আঁচনি আৰু উচ্চ শিক্ষাৰ আন্তঃগাঁথনি আদিৰ সৈতে জড়িত প্ৰকল্পসমূহ অন্তৰ্ভুক্ত কৰা হ’ব। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে চেনানী-পাটনিটোপ-নাশ্ৰী খণ্ডৰ উন্নতি, ঔদ্যোগিক বাগিচা উন্নয়ন আৰু ০৬খন চৰকাৰী ডিগ্ৰী কলেজৰ দৰে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ১৮০০ কোটি টকা ব্যয় সাপেক্ষ কৃষি আৰু সংশ্লিষ্ট খণ্ডত প্ৰতিযোগিতামূলকতা উন্নয়ন (জেকেচিআইপি) প্ৰকল্পৰো শুভাৰম্ভ কৰিব। এই প্ৰকল্পটো জম্মু আৰু কাশ্মীৰৰ ২০খন জিলাৰ ৯০টা ব্লকত ৰূপায়ণ কৰা হ’ব আৰু ১৫ লাখ হিতাধিকাৰীক সামৰি ল’ব।

 

প্ৰধানমন্ত্ৰীয়ে চৰকাৰী সেৱাত নিযুক্ত ২০০০ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰও বিতৰণ কৰিব।

এই প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন/উদ্বোধন আৰু মুকলিয়ে যুৱ প্ৰজন্মক সৱল কৰি তুলিব আৰু জম্মু-কাশ্মীৰৰ আন্তঃগাঁথনি উন্নীত কৰিব।

 

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

২০২৪ চনৰ ২১ জুনত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰীনগৰৰ এছকেআইচিচিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব। এইবাৰৰ অনুষ্ঠানটোৱে যুৱ মন আৰু শৰীৰত যোগৰ গভীৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে। এই দিৱস উদযাপনৰ লক্ষ্য হৈছে হাজাৰ হাজাৰ লোকক যোগৰ অনুশীলনত একত্ৰিত কৰা, বিশ্ব স্বাস্থ্য আৰু সুস্থতাক প্ৰসাৰ কৰা।

২০১৫ চনৰ পৰা প্ৰধানমন্ত্ৰীয়ে দিল্লী, চণ্ডীগড়, দেৰাডুন, ৰাঁচী, লক্ষ্ণৌ, মহীশূৰ আৰু নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়কে ধৰি বিভিন্ন উল্লেখযোগ্য স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দি আহিছে।

এইবাৰৰ বিষয়বস্তু “আত্ম আৰু সমাজৰ বাবে যোগে” ব্যক্তিগত আৰু সমাজৰ মংগলৰ পোষকতাত দ্বৈত ভূমিকা পালন কৰিছে। এই অনুষ্ঠানে তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণ আৰু গ্ৰামাঞ্চলত যোগৰ প্ৰসাৰক উৎসাহিত কৰিব।.

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুলাই 2026
July 20, 2026

Yuva to Global Stage: How PM Modi’s Policies Are Turning India’s Youth, Farms & Factories into Growth Engines