প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভল’ডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে জি-২০ত ভাৰতৰ অধ্যক্ষতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে খাদ্য আৰু শক্তি সুৰক্ষাৰ দৰে বিষয়ত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উদ্বেগৰ কথা উল্লেখ কৰাৰলগতে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ মূল অগ্ৰাধিকাৰসমূহৰ বিষয়ে ব্যাখ্যা কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ সুযোগ সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে ইউক্ৰেইনৰ পৰা উভতি অহা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা অব্যাহত ৰখাৰ ব্যৱস্থা সুচল কৰিবলৈ ইউক্ৰেইনৰ কৰ্তৃপক্ষক অনুৰোধ জনায়।

ইউক্ৰেইনত চলি থকা সংঘাত সন্দৰ্ভতো নেতাদ্বয়ে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শত্ৰুতা শীঘ্ৰে বন্ধ কৰাৰ আহ্বানক কঠোৰভাৱে পুনৰবাৰ উল্লেখ কৰি কয় যে দুয়োপক্ষই নিজৰ মতানৈক্যৰ স্থায়ী সমাধান বিচাৰিবলৈ আলোচনা আৰু কূটনীতিলৈ ঘূৰি আহিব লাগে।

প্ৰধানমন্ত্ৰীয়ে যিকোনো শান্তি প্ৰচেষ্টাৰ বাবে ভাৰতৰ সমৰ্থন প্ৰকাশ কৰে, আৰু ক্ষতিগ্ৰস্ত হোৱা সাধাৰণ জনসাধাৰণৰ বাবে মানৱীয় সাহায্য আগবঢ়াই নিয়াৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ আশ্বাস দিয়ে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Union Budget trims TCS, simplifies TDS to ease burden on taxpayers

Media Coverage

Union Budget trims TCS, simplifies TDS to ease burden on taxpayers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Haryana meets Prime Minister
February 02, 2026

Chief Minister of Haryana, Shri Nayab Saini met the Prime Minister, Shri Narendra Modi, at New Delhi, today.

The Prime Minister posted on X:

"Chief Minister of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi."

@cmohry