প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি দূৰভাষৰ মাধ্যমত বাৰ্তালাপত মিলিত হয় যুক্তৰাজ্যৰ মহামান্য ৰজা তৃতীয় চার্লছৰ সৈতে।

ৰজা তৃতীয় চার্লছ ক্ষমতাধিষ্ঠিত হোৱাৰ পাছৰ পৰা এই প্রথম তেওঁৰ সৈতে আলাপ-আলোচনাত মিলিত হ'ল ভাৰতৰ প্রধানমন্ত্রী। ৰজা চার্লছৰ শাসনকাল নানা দিশৰ পৰা সফল হৈ উঠক, এই কামনাও কৰে শ্রী নৰেন্দ্ৰ মোদীয়ে।

দুয়োজনৰ মাজত একান্ত আলোচনাত দুয়োখন দেশৰ স্বার্থ-সংশ্লিষ্ট বিভিন্ন বিষয়ৰ ওপৰত মতবিনিময় কৰা হয়। জলবায়ু তথা পৰিৱেশ প্ৰদূষণ ৰোধত প্রয়োজনীয় পদক্ষেপ, জৈৱবৈচিত্র্য সংৰক্ষণ, শক্তিৰ ৰূপান্তৰ প্রচেষ্টাত বিনিয়োগ সমস্যাৰ সমাধানত উদ্ভাৱনক কামত লগোৱাকে ধৰি বিভিন্ন বিষয় উত্থাপিত হয় তেওঁলোকৰ আলোচনাৰ পৰিসৰত।

ভাৰতৰ জি-২০ৰ সভাপতিত্বকালত চিহ্নিত অগ্রাধিকাৰৰ বিষয়সমূহ সম্পর্কে ৰজা চার্লছক অৱগত কৰে ভাৰতৰ প্রধানমন্ত্রীয়ে। তেওঁ জনায় যে ডিজিটেল পদ্ধতিৰ প্রসাৰৰ বিষয়টোত বিশেষভাৱে গুরুত্ব দিয়া হ'ব। ইয়াৰ উপৰিও, ‘মিছন এলআইএফই’ৰ প্রাসঙ্গিকতাৰ বিষয়টোও শ্রী মোদীয়ে ব্যাখ্যা কৰে ৰজা চার্লছৰ আগত। এই মিছনৰ আওতাত পৰিৱেশ অনুকূল জীৱনশৈলীক নিৰন্তৰ কৰি তোলাৰ লক্ষ্যত ভাৰতৰ বিশেষ প্রচেষ্টাৰ কথাও তুলি ধৰে তেওঁ।

কমনৱেলথভুক্ত দেশসমূহৰ প্রাসঙ্গিক বিষয়সমূহেও স্থান পায় দুয়োজনৰ আলোচনাৰ মাজত। এই গোষ্ঠীক কেনেদৰে অধিক শক্তিশালী কৰি তোলা যায় সেই সম্পর্কেও চিন্তাভাবনা কৰে তেওঁলোকে। যুক্তৰাজ্যত ভাৰতীয় বংশোদ্ভূত পৰিয়ালসমূহে যে দুয়োদেশৰ মাজত এক প্রাণৱন্ত সম্পর্ক তথা বন্ধন গঢ়ি তুলিছে, এই বিষয়টো তেওঁলোক উভয়েই স্বীকাৰ কৰে। কেৱল সেয়াই নহয়, দ্বিপাক্ষিক সম্পর্কক অধিক সমৃদ্ধ কৰি তোলাৰ ক্ষেত্রত ভাৰতীয় বংশোদ্ভূতসকলে যে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি গৈছে, এই বিষয়েও তেওঁলোকে সহমত প্রকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi