প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে জলবায়ু ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে
২০০৫ চনৰ স্তৰৰ পৰা জিডিপিৰ নিৰ্গমন তীব্ৰতা ৩৩ ৰ পৰা ৩৫ শতাংশ হ্ৰাস কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ – প্ৰধানমন্ত্ৰী

মান্যবৰ, ড০ মহম্মদ ইৰফান আলী, ৰাষ্ট্রপতি, গুৱেনা গণৰাজ্য,

মান্যবৰ, জেমছ মাৰাপে, প্রধানমন্ত্রী, পাপুৱা নিউগিনি,

মান্যবৰ, তথা মোৰ বন্ধু, মহম্মদ নাশিদ, অধ্যক্ষ, পিপলছ মজলিছ ৰিপাবলিক অফ মালদ্বীপ,

মান্যবৰ, মইনা জে মহম্মদ, উপ-মহাসচিব, ৰাষ্ট্রসংঘ,

শ্রী প্রকাশ জাভড়েকাৰ, কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱর্তন মন্ত্ৰী, ভাৰত চৰকাৰ আৰু

উপস্থিত অতিথিবৃন্দ।

নমস্কাৰ,

বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত বক্তব্য আগবঢ়াবলৈ পাই মই সচাকৈয়ে আনন্দিত হৈছো৷ এই ফ’ৰামে ২০ বছৰ অতিক্রম কৰিলে। বিশ্বৰ বর্তমান পৰিস্থিতিত এই ধৰণৰ সন্মিলন আয়োজন কৰাৰ বাবে দ্য এনার্জি এণ্ড ৰিছ’ৰ্ছেজ ইনষ্টিটিউট, টেৰিক মই অভিনন্দন জনাইছো৷

বন্ধুসকল,

দুটা বিষয় আমি নির্ধাৰণ কৰিম যে মানৱতাৰ অগ্রগতিৰ যাত্রাৰ আগন্তুক সময়ত কিদৰে পৰিচালিত হ’ব৷ প্রথমটো হ’ল আমাৰ জনস্বাস্থ্য আৰু দ্বিতীয়টো হ’ল আমাৰ বিশ্বৰ স্বাস্থ্য। দুয়োটাৰ মাজত কিন্তু পাৰস্পৰিক সংযোগ আছে। জনস্বাস্থ্যক লৈ ইতিমধ্যে বহু আলোচনা হৈছে। এতিয়া আমি আমাৰ পৃথিৱী নামৰ গ্রহৰ স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিবলৈ সমবেত হৈছো। আমি যি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো সেয়া আমাৰ বাবে বহুল পৰিচিত। সেয়েহে, বহু সময়ত আমি যি ধৰণৰ সমস্যাৰ সম্মুখীন হও সেইবোৰে প্রচলিত পদ্ধতি সমাধান কৰিব নোৱাৰে৷ আমাৰ নৱ প্ৰজন্মৰ বিনিয়োগৰ সীমাবদ্ধতাৰ বাহিৰত গৈ চিন্তাভাৱনা কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে কাম কৰাৰ প্রয়োজনীয়তা আছে।

বন্ধুসকল,

জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজৰ পথটোৱেই হ’ব ন্যায় বিচাৰৰ পথ। জলবায়ুক লৈ ন্যায় বিচাৰৰ পথ বিচাৰিবলৈ গ’লে বিশাল মনৰ অধিকাৰী হ’ব লাগিব৷ আটাইতকৈ দুঃখজনক ঘটনা হ’ল জলবায়ুৰ পৰিৱর্তন আৰু প্রাকৃতিক দুর্যোগে দৰিদ্র লোকসকলক আটাইতকৈ বেছি প্রভাৱিত কৰে। সেইবাবেই জলবায়ুৰ প্রতি ন্যায় বিচাৰৰ অর্থ হৈছে উন্নয়নশীল দেশসমূহক বিকাশৰ বাবে পর্যাপ্ত পৰিৱেশ প্ৰদান কৰা৷ যেতিয়া আমি প্রত্যেকে আমাৰ স্বতন্ত্র আৰু সন্মিলিত কর্তব্যবোৰ বুজিব পাৰিম তেতিয়াই জলবায়ুৰ প্রতি ন্যায় বিচাৰ অর্জন কৰিব পাৰিম৷

বন্ধুসকল,

এই সন্মিলনত ভাৰতৰ উদ্দেশ্য দৃঢ় পদক্ষেপ দ্বাৰা সমর্থিত। যি জনগণৰ প্রচেষ্টাৰ দ্বাৰা পৰিচালিত হয়। আমি পেৰিছ চুক্তিৰ ক্ষেত্ৰত আমাৰ প্রতিশ্রুতি আৰু লক্ষ্যসমূহ অতিক্রম কৰাৰ পথত অগ্ৰসৰ হৈছো৷ আমি জিডিপিৰ কাৰ্বন নির্গমন ২০০৫ চনৰ স্তৰৰ পৰা ৩৩ শতাংশৰ পৰা ৩৫ শতাংশ হ্রাস কৰিবলৈ আমি দায়বদ্ধ। আপোনালোকে জানি সুখী হ’ব যে ইতিমধ্যে কাৰ্বন নির্গমনৰ তীব্রতা ২৪ শতাংশ হ্ৰাস পাইছে।

অ-জীৱাশ্ম ইন্ধনভিত্তিক সংস্থাপনৰ পৰা প্রায় ৪০ শতাংশ সঞ্চিত বিদ্যুৎ অর্জনৰ প্রতিশ্রুতি আছিল। আজি বিদ্যুতৰ অর্জন ক্ষমতাত অ-জীৱাশ্ম উৎসৰ পৰিমাণ ৩৮ শতাংশ বৃদ্ধি পাইছে৷ ইয়াৰে ভিতৰত আছে পাৰমাণৱিক আৰু বৃহৎ জলবিদ্যুৎ প্রকল্প। নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ ভাৰতত বৃদ্ধি পাইছে। আমি ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতা অর্জনৰ লক্ষ্যত অগ্ৰসৰ হৈছো৷ এই ক্ষেত্রত মই আমাৰ বেচৰকাৰী উদ্যোগসমূহকো ধন্যবাদ জনাব বিচাৰিছো৷ ইয়াৰ সমান্তৰালভাৱে ভাৰতত ইথানলৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

বন্ধুসকল,

ন্যায়সংগত উপলব্ধিক বাদ দি বহনক্ষম উন্নয়ন আধৰুৱা৷ এই ক্ষেত্রত অৱশ্যে ভাৰতে যথেষ্ট উন্নতি সাধন কৰিছে। ভাৰতে ২০১৯চনৰ মার্চৰ ভিতৰত এশ শতাংশ বিদ্যুতীকৰণ কৰিছে৷ এয়া এক উন্নত প্রযুক্তি আৰু উদ্ভাৱনী মডেলৰ জৰিয়তে কৰাটো সম্ভৱ হৈছে। বিশ্বজুৰি প্রসাৰিত হোৱাৰ পূৰ্বেই ভাৰতে এলইডি বাল্ব প্ৰস্তুতৰ ক্ষেত্রত বিনিয়োগ কৰিছিল। উজ্জ্বালা প্রকল্পৰ জৰিয়তে ৩৬৭ মিলিয়ন এলইডি বাল্ব মানুহৰ জীৱনৰ অংগ হৈ পৰিছে। যি বছৰি ৩৮ মিলিয়ন টন কার্বন ডাই অক্সাইড নির্গমন হ্রাস কৰিছে। জল জীৱন মিচন আঁচনি মাত্র ১৮ মাহত ৩৪ মিলিয়নতকৈও অধিক ঘৰত নলসংযোগী পানী সংযোগ দিয়া হৈছে। তদুপৰি, প্রধানমন্ত্রী উজ্জ্বালা যোজনাৰ জৰিয়তে দাৰিদ্র সীমাৰ তলত বসবাস কৰা ৮ কোটি পৰিয়ালত ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে। আমি ভাৰতৰ শক্তিৰ জুৰিত প্রাকৃতিক গেছৰ অংশীদাৰিত্ব ৬ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰাৰ প্রচেষ্টা লৈছো৷ ঘৰুৱা ক্ষেত্রত ৰন্ধন গেছৰ পৰিকাঠামোগত ক্ষেত্র গঢ়াৰ বাবে আনুমানিক ৬০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ প্রয়োজন। চহৰত গেছ বিতৰণ নেটৱর্কসমূহ সম্প্রসাৰণৰ কাম চলিছে। অহা তিনি বছৰৰ ভিতৰত আৰু ১০০খন জিলাক এই নেটৱর্কৰ সৈতে যুক্ত কৰা হ’ব। প্রধানমন্ত্রী কুসুম প্রকল্পৰ জৰিয়তে ২০২২চনৰ ভিতৰত কৃষি খণ্ডত ৩০ গিগাৱাটতকৈ অধিক সৌৰ ক্ষমতাৰ বিকাশ ঘটিব৷

বন্ধুসকল,

প্রায়েই স্থায়িত্বক লৈ আলোচনাত সেউজ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সেউজ শক্তি কেবল মাধ্যম। কিন্তু, আমি যি গন্তব্য স্থান বিচাৰিছো, সেয়া হৈছে সেউজ গ্রহ। আমাৰ সংস্কৃতি, বন, আৰু সেউজৰ সমাৰোহৰ প্রতি আমাৰ গভীৰ শ্রদ্ধা আছে। ফাওৰ গ্ল’বেল ফৰেষ্ট ৰিছোৰ্ছেজ এছেছমেণ্ট-২০২০ অনুসৰি বিগত এক দশকত বনভূমিত শীর্ষস্থান অর্জনকাৰী দেশসমূহৰ ভিতৰত ভাৰত হৈছে অন্যতম। দেশৰ বনাঞ্চল ভৌগোলিক অঞ্চলৰ প্রায় এক-চতুর্থাংশত উপনীত হৈছে। প্রচলিত চিন্তা ধাৰাই একাংশ লোকক ভাবিবলৈ বাধ্য কৰে যে কোনো দেশে যেতিয়া উন্নয়নৰ দিশত আগুৱাই যায় তেতিয়া বনাঞ্চলৰ পৰিমাণ হ্রাস পায়। কিন্তু ভাৰত এনে এখন দেশ, য’ত এইবোৰৰ প্রয়োজন নহয়৷ বিগত ৫ৰ পৰা ৭ বছৰৰ ভিতৰত দেশত সিংহ, বাঘ, চিতাবাঘ আৰু গংগাত ডলফিনৰ সংখ্যা বাঢ়িছে।

বন্ধুসকল,

এই সন্মিলনে বহনক্ষম উন্নয়নৰ লক্ষ্যৰে একত্রিত হৈ কাম কৰা সহায় কৰিব৷ বহনক্ষম উন্নয়ন কেবল সন্মিলিত প্রচেষ্টাৰেহে অৰ্জন কৰিব পৰা যায়। যেতিয়া প্রতিগৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰীয় কল্যাণ সম্পর্কে চিন্তা কৰিব, যেতিয়া প্রতিটো জাতিয়ে বিশ্বজুৰি কল্যাণৰ কথা চিন্তা কৰিব, তেতিয়াই বহনক্ষম উন্নয়ন বাস্তৱত পৰিণত হ’ব। আন্তর্জাতিক সৌৰ মৈত্ৰীৰ মাধ্যমেৰে ভাৰতে এইদিশত এক প্রচেষ্টা হাতত লৈছে। আহক, আমি সদায় আমাৰ মন আৰু জাতিক সর্বোত্তম অনুশীলনৰ বাবে প্রস্তুত কৰো৷ উদ্ভাৱন আৰু নতুনত্ব এই দুটা বিষয়ৰ ওপৰত মই গুৰুত্ব দিব বিচাৰো৷ নবীকৰণযোগ্য শক্তি, পৰিবেশ অনুকূল প্রযুক্তি আৰু কেইটামান বিষয়ৰ ওপৰত কাম কৰাৰ এনে বহু প্ৰচেষ্টা লোৱা হৈছে।

বন্ধুসকল,

এই ফ’ৰামৰ জৰিয়তে মই আৰু এটা ক্ষেত্ৰৰ কথা উল্লেখ কৰিব বিচাৰো যে আমি দুর্যোগ মোকাবিলাৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব৷ এই বাবে মানৱসম্পদ উন্নয়ন আৰু প্রযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা দৰকাৰ। যি দুৰ্যোগ আত্মনিৰ্ভৰত আন্তঃগাঁথনিৰ বাবে সহযোগিতাৰ এক অংশ বুলি কোৱা হয়৷

বন্ধুসকল,

ভাৰতে বহনক্ষম উন্নয়নৰ বাবে সাধ্য অনুসৰি কাম কৰিবলৈ সাজু৷ আমাৰ মানৱীয় দৃষ্টিভংগীয়ে বিশ্বৰ সৰ্বাংগীন মংগলৰ বাবে এক শক্তি হিচাপে পৰিচালিত হ’ব পাৰে। এই ক্ষেত্রত টেৰি'ৰ দৰে গৱেষণা কেন্দ্রসমূহৰ সহযোগিতা অতি গুৰুত্বপূর্ণ।

এই সন্মিলন আৰু আপোনালোক সকলোৰে শুভ হওক, মই তাকে কামনা কৰিলো৷

বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's auto retail sales rise 18 per cent in January; dealers optimistic about Feb-Mar growth

Media Coverage

India's auto retail sales rise 18 per cent in January; dealers optimistic about Feb-Mar growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting complete devotion in the service of nation and humanity
February 11, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting complete devotion in the service of nation and humanity.

"यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः।

यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम॥"

The Subhashitam conveys, "To the nation, whose greatness is sung by the Himalayas, whose glory flows with the rivers to the ocean, and to whom the directions bow like mighty arms, we offer our entire being in dedication."

Shri Modi stated that the pioneer of Antyodaya, Pandit Deendayal Upadhyaya, also dedicated his life with this very spirit to empower every individual in the country.

The Prime Minister wrote on X;

“सर्वस्व समर्पण उस चेतना की अभिव्यक्ति है, जिसमें राष्ट्र और मानवता सर्वोपरि होती है। अंत्योदय के प्रणेता पंडित दीनदयाल उपाध्याय जी ने भी इसी भावना से देश के जन-जन को सशक्त बनाने के लिए अपना जीवन समर्पित कर दिया।

यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः।

यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम॥"