মহাশয়,

উষ্ম আদৰণিৰ বাবে মই আপোনাক বহুত ধন্যবাদ জনাইছো। আপুনি প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইখন আমাৰ প্ৰথম বৈঠক। আপোনাৰ প্ৰতি মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। মই নিশ্চিত যে 4জিৰ নেতৃত্বত ছিংগাপুৰ অধিক দ্ৰুতগতিত আগবাঢ়িব।

মহাশয়,

ছিংগাপুৰ কেৱল মিত্ৰদেশেই নহয়। ছিংগাপুৰ প্ৰতিখন উন্নয়নশীল দেশৰ বাবে এক অনুপ্ৰেৰণা। আমিও ভাৰতত বহুতো ছিংগাপুৰ সৃষ্টি কৰিব বিচাৰো। আৰু মই সুখী যে আমি এই দিশত একেলগে কাম কৰি আছো। আমাৰ মাজত গঠন হোৱা মন্ত্ৰী পৰ্যায়ৰ গোট হৈছে দিকদৰ্শনৰ এক উপায়। দক্ষতা, ডিজিটেলকৰণ, গতিশীলতা, অৰ্ধপৰিবাহী আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে শেহতীয়া ব্যৱস্থা, স্বাস্থ্যসেৱা, স্থিৰতা আৰু চাইবাৰ নিৰাপত্তাৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ দিশত পদক্ষেপসমূহ চিনাক্ত কৰা হৈছে।

মহাশয়,

ছিংগাপুৰ আমাৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত বিশ্বাসে আমাক একেলগে বান্ধি ৰাখে। মই সুখী যে মোৰ তৃতীয় কাৰ্যকালৰ আৰম্ভণিতে মই ছিংগাপুৰলৈ অহাৰ সুযোগ পাইছো। আমাৰ কৌশলগত অংশীদাৰিত্বৰ এটা দশক সম্পূৰ্ণ হৈছে। যোৱা দহ বছৰত আমাৰ বাণিজ্য প্ৰায় দুগুণতকৈও অধিক হৈছে। পাৰস্পৰিক বিনিয়োগ প্ৰায় তিনিগুণ বৃদ্ধি হৈ ১৫০ বিলিয়ন ডলাৰৰ অধিক হৈছে। আমি ইউপিআইৰ পাৰ্ছন টু পাৰ্ছন লেনদেনৰ সুবিধা আৰম্ভ কৰা ছিংগাপুৰ হৈছে প্ৰথমখন দেশ। যোৱা দহ বছৰত, ছিংগাপুৰৰ ১৭টা উপগ্ৰহ ভাৰতৰ পৰা উৎক্ষেপণ কৰা হৈছে। দক্ষতাৰ পৰা প্ৰতিৰক্ষা খণ্ডলৈকে, আমাৰ সহযোগিতাই গতি লাভ কৰিছে। ছিংগাপুৰ এয়াৰলাইনছ আৰু এয়াৰ ইণ্ডিয়াৰ মাজত হোৱা চুক্তিয়ে যোগাযোগ শক্তিশালী কৰিছে। মই সুখী যে আজি আমি একেলগে আমাৰ সম্পৰ্কক ব্যাপক কৌশলগত অংশীদাৰিত্বৰ ৰূপ দিছো।

মহাশয়,

ছিংগাপুৰত বাস কৰা ভাৰতীয় মূলৰ ৩.৫ লাখ লোক হৈছে আমাৰ সম্পৰ্কৰ শক্তিশালী ভেটি । ছিংগাপুৰত সুভাষ চন্দ্ৰ বসু, আজাদ হিন্দ ফৌজ আৰু লিটল ইণ্ডিয়াই লাভ কৰা স্থান আৰু সন্মানৰ বাবে আমি সমগ্ৰ ছিংগাপুৰৰ প্ৰতি চিৰকৃতজ্ঞ। ২০২৫ চনত, আমি আমাৰ সম্পৰ্কৰ ৬০ বছৰ সম্পূৰ্ণ কৰিম। ইয়াক আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ, দুয়োখন দেশতে এক কাৰ্য পৰিকল্পনা সৃষ্টি কৰাৰ বাবে কাম কৰা উচিত। মই জনাবলৈ পাই আনন্দিত যে ভাৰতৰ প্ৰথম থিৰুভাল্লুভাৰ সাংস্কৃতিক কেন্দ্ৰ শীঘ্ৰেই ছিংগাপুৰত মুকলি কৰা হ'ব। মহান সাধু থিৰুভাল্লুভাৰে পৃথিৱীৰ আটাইতকৈ প্ৰাচীন ভাষা তামিলৰ জৰিয়তে বিশ্বক পথ প্ৰদৰ্শন কৰিছে। তেওঁৰ ৰচনা থিৰুক্কুৰাল প্ৰায় ২০০০ বছৰ আগৰ, কিন্তু ইয়াত দিয়া ধাৰণাবোৰ আজিও প্ৰাসংগিক। তেওঁ কৈছে, "নয়ানোডু নাৰী পুৰিন্দা পায়ানুদায়াৰ পাম্বু পাৰাট্টুম উলগু। অৰ্থাৎ, যিসকল ন্যায় আৰু আনৰ সেৱাৰ বাবে জনাজাত তেওঁলোকক পৃথিৱীয়ে প্ৰশংসা কৰে। মই নিশ্চিত যে ছিংগাপুৰত থকা লাখ লাখ ভাৰতীয়ও এই ধাৰণাসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰিছে।

মহাশয়,

মই ছিংগাপুৰৰ শাংগ্ৰী-লা আলোচনাৰ জৰিয়তে ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী পৰিকল্পনা কৰিছিলো। আমি আঞ্চলিক শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে ছিংগাপুৰৰ সৈতে কাম কৰি যাম। আকৌ এবাৰ, মোক দিয়া সন্মান আৰু আতিথ্যৰ বাবে আপোনাক বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check

Media Coverage

'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 মে’ 2026
May 18, 2026

Norway to Netherlands: PM Modi's Leadership Turns Heritage, Honors & High-Tech Deals into India's Global Momen