"ভাল্লালাৰৰ প্ৰভাৱ গোলকীয়"
"যেতিয়া আমি ভাল্লালাৰক স্মৰণ কৰো,তেতিয়া আমি তেওঁৰ যত্ন আৰু সহানুভূতিৰ মনোভাৱৰ কথা মনত পেলাও"
"ভাল্লালাৰে বিশ্বাস কৰিছিল যে ভোকাতুৰসকলৰ সৈতে খাদ্য ভাগ-বাটোৱাৰা কৰাটো সকলো দয়াৰ কাৰ্য্যৰ ভিতৰত আটাইতকৈ মহৎ"
"সামাজিক সংস্কাৰৰ ক্ষেত্ৰত ভাল্লালাৰ সময়তকৈ আগবাঢ়ি আছিল"
"ভাল্লালাৰৰ শিক্ষাৰ উদ্দেশ্য হৈছে এখন সমান সমাজৰ বাবে কাম কৰা"
"সময় আৰু স্থানসাপেক্ষে ভাৰতৰ সাংস্কৃতিক জ্ঞানৰ বৈচিত্ৰ্য মহান সাধুসকলৰ শিক্ষাৰ উমৈহতীয়া সূতাৰ দ্বাৰা সংযুক্ত যি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সামূহিক ধাৰণাত শক্তি যোগ কৰে"

প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰামলিঙ্গ স্বামী বা ভাল্লালাৰৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে ভাষণ দিয়ে।

সমবেত লোকসকলক উদ্দ্যেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰি কয় যে এই কাৰ্যসূচী ভাল্লালাৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভাদালুৰত অনুষ্ঠিত হৈছে। তেওঁ কয় যে ১৯ শতিকাত পৃথিৱী খোজ কাঢ়ি ভ্ৰমণ কৰা ভাৰতৰ অন্যতম সন্মানীয় সাধু হৈছে ভাল্লালাৰ আৰু তেওঁৰ আধ্যাত্মিক অন্তৰ্দৃষ্টিয়ে আজিও লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। "ভাল্লালাৰৰ প্ৰভাৱ গোলকীয়", প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেইবাটাও সংগঠনে তেওঁৰ চিন্তা আৰু আদৰ্শৰ ওপৰত কাম কৰি আছে। 

প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়া আমি ভাল্লালাৰক স্মৰণ কৰোঁ, তেতিয়া আমি তেওঁৰ যত্ন আৰু সহানুভূতিৰ মনোভাৱৰ কথা মনত পেলাওঁ"। তেওঁ উল্লেখ কৰে যে ভাল্লালাৰে জীৱনৰ এক বিশেষ পথত বিশ্বাস কৰিছিল য'ত সহ-মানৱৰ প্ৰতি সহানুভূতি প্ৰাথমিক আছিল। প্ৰধানমন্ত্ৰীয়ে ক্ষুধা আঁতৰাবলৈ তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আৰু প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি কয়, "খালী পেটত শুবলৈ যোৱা মানুহতকৈ একোৱেই তেওঁক বেদনা দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল যে ভোকাতুৰলোকৰ সৈতে খাদ্য ভাগ-বাটোৱাৰা কৰাটো সকলো দয়াৰ কাৰ্য্যৰ ভিতৰত আটাইতকৈ মহৎ।" ভাল্লালাৰৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়াই মই শস্য শুকাই যোৱা দেখিছিলো, ময়ো শুকাই গৈছিলো"।চৰকাৰ তেওঁৰ আদৰ্শৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কোভিড মহামাৰীৰ সময়ত বিনামূলীয়া ৰেচন প্ৰদান কৰি ৮০ কোটি ভাৰতীয়ক ডাঙৰ সকাহ দিয়াৰ উদাহৰণ দিয়ে।

শিক্ষা আৰু শিক্ষাৰ শক্তিৰ ওপৰত ভাল্লালাৰৰ বিশ্বাসৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এজন পৰামৰ্শদাতা হিচাপে তেওঁৰ দুৱাৰ সদায় খোলা আছিল আৰু তেওঁ অগণন লোকক পথ প্ৰদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কুৰালক অধিক জনপ্ৰিয় কৰি তুলিবলৈ ভাল্লালাৰৰ প্ৰচেষ্টা আৰু আধুনিক পাঠ্যক্ৰমত তেওঁ দিয়া গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাল্লালাৰে যুৱসকলক তামিল, সংস্কৃত আৰু ইংৰাজী ভাষাত সাৱলীল হোৱাটো বিচাৰিছিল। বিগত ৯ বছৰত ভাৰতীয় শিক্ষাৰ আন্তঃগাঁথনি পৰিবৰ্তনৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰতো তেওঁ আলোকপাত কৰে। সুদীৰ্ঘ তিনি দশকৰ পিছত ভাৰতে লাভ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই নীতিয়ে উদ্ভাৱন, গৱেষণা আৰু বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমগ্ৰ শৈক্ষিক দৃশ্যপটসলনি কৰিছে। তেওঁ বিগত ৯ বছৰত স্থাপন কৰা অভিলেখসংখ্যক বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত আলোকপাত কৰি কয় যে যুৱক-যুৱতীসকলে এতিয়া তেওঁলোকৰ স্থানীয় ভাষাত অধ্যয়ন কৰিব পৰাৰ ফলত তেওঁলোক চিকিৎসক আৰু অভিযন্তা হ'বৰ বাবে যথেষ্ট সুযোগ মুকলি হল। 

"সামাজিক সংস্কাৰৰ ক্ষেত্ৰত ভাল্লালাৰ সময়তকৈ আগবাঢ়ি আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাল্লালাৰ ঈশ্বৰৰ দৃষ্টিভঙ্গী, ধৰ্ম, জাতি আৰু ধৰ্মৰ বাধাৰ পৰিসৰৰ বাহিৰলৈ গৈছিল। তেওঁ কয় যে ভাল্লালাৰে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো পৰমাণুত দৈৱত্ব দেখিছিল আৰু মানৱজাতিক এই ঐশ্বৰিক সম্পৰ্ক চিনাক্ত আৰু পালন কৰিবলৈ আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ ওপৰত তেওঁৰ বিশ্বাস আৰু অধিক শক্তিশালী হয় যেতিয়া তেওঁ ভাল্লালাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কিয়নো তেওঁৰ শিক্ষাৰ উদ্দেশ্য হৈছে এখন সমান সমাজৰ বাবে কাম কৰা। প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰি কয় যে ভাল্লালাৰে নাৰী শক্তি বন্দনঅধিনিয়মক আশীৰ্বাদ দিলেহেঁতেন, যিয়ে বিধায়িনী গোটসমূহত মহিলাসকলৰ বাবে আসন সংৰক্ষণ কৰে। ভাল্লালাৰৰ কাৰ্য্যসমূহৰ সৰলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেইবোৰ পঢ়িবলৈ আৰু বুজিবলৈ সহজ আৰু লগতে জটিল আধ্যাত্মিক জ্ঞান সৰল শব্দত প্ৰকাশ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সময় আৰু স্থান সাপেক্ষে ভাৰতৰ সাংস্কৃতিক জ্ঞানৰ বৈচিত্ৰ্য মহান সাধুসকলৰ শিক্ষাৰ উমৈহতীয়া সূতাৰ দ্বাৰা সংযুক্ত যি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সামূহিক ধাৰণাত শক্তি যোগায়। 

এই পবিত্ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাল্লালাৰৰ আদৰ্শ পূৰণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে আৰু সকলোকে তেওঁৰ প্ৰেম, দয়া আৰু ন্যায়ৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। ভাল্লালাৰৰ হৃদয়ৰ ওচৰৰ এলেকাবোৰতো কঠোৰ পৰিশ্ৰম কৰিবলৈ সকলোলৈ আহ্বান জনোৱাৰ লগতেতেওঁ আমাৰ চাৰিওফালে কোনেও ভোকত নথকাতো নিশ্চিত কৰিবলৈও আহ্বান জনায়। প্ৰতিটো শিশুৱে এক মানবিশিষ্ট শিক্ষা লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়েতেওঁৰ ভাষণৰ সামৰণি মাৰে। 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up

Media Coverage

Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 আগষ্ট 2026
August 24, 2026

Beyond Announcements: Real Milestones Proving India’s Rise Across Defence, Tech & Economy Under the Leadership of PM Modi