প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী এইচ ই লৰেন্স ৱাঙক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী ৱাঙে সংসদ ভৱনত প্ৰধানমন্ত্ৰীক আনুষ্ঠানিক আদৰণি জনায়।

 

তেওঁলোকৰ আলোচনাত দুয়োগৰাকী নেতাই ভাৰত–ছিংগাপুৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃতি আৰু গভীৰতা তথা অপৰিসীম সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত, তেওঁলোকে এই সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰীত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। ই ভাৰতৰ এক্ট ইষ্ট নীতিৰ অগ্ৰগতি ত্বৰান্বিত কৰিব। অৰ্থনৈতিক সম্পৰ্কৰ শক্তিশালী অগ্ৰগতিৰ বুজ লৈ নেতাসকলে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহ অধিক সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতীয় অৰ্থনীতিত প্ৰায় ১৬০ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগৰ সৈতে ছিংগাপুৰ ভাৰতৰ বাবে এক আগশাৰীৰ অৰ্থনৈতিক অংশীদাৰ। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতত দ্ৰুত আৰু নিৰন্তৰ বিকাশে ছিংগাপুৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে বিনিয়োগৰ অপৰিসীম সুযোগ মুকলি কৰিছে। তেওঁলোকে প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সামুদ্ৰিক ক্ষেত্ৰ সজাগতা, শিক্ষা, এআই, বিত্তীয় প্ৰযুক্তি, নতুন প্ৰযুক্তি ক্ষেত্ৰ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু জ্ঞান অংশীদাৰিত্বৰ ক্ষেত্ৰত সাম্প্ৰতিক সহযোগিতাৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই অৰ্থনৈতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ বাবে দেশসমূহৰ মাজত যোগাযোগ শক্তিশালী কৰাৰ আহ্বান জনায়। তেওঁলোকে সেউজ কৰিডৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বাবেও আহ্বান জনায়।

 

দুয়োগৰাকী নেতাই ২০২৪ চনৰ আগষ্টত ছিংগাপুৰত অনুষ্ঠিত দ্বিতীয় ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত  ফলাফল সম্পৰ্কে আলোচনা কৰে। মন্ত্ৰী পৰ্য়াযৰ বৈঠক এক অনন্য উপায় বুলি উল্লেখ কৰি নেতাসকলে দ্বিপাক্ষিক সহযোগিতাৰ বাবে নতুন কাৰ্যসূচী প্ৰস্তুত তথা ৰূপায়ণৰ ক্ষেত্ৰত দুয়োপক্ষৰ জ্যেষ্ঠ মন্ত্ৰীসকলে কৰা কামৰ প্ৰশংসা কৰে। নেতাসকলে মন্ত্ৰী পৰ্যায়ৰ বৈঠকত চিহ্নিত হোৱা উন্নত উৎপাদন, সংযোগ, ডিজিটেলকৰণ, স্বাস্থ্যসেৱা আৰু ঔষধ, দক্ষতা বিকাশ আৰু স্থিৰতাৰ দৰে সহযোগিতাৰ স্তম্ভৰ অধীনত উন্নত পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। এই স্তম্ভসমূহৰ অধীনত বিশেষকৈ অৰ্ধপৰিবাহী আৰু গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাই দ্বিপাক্ষিক সম্পৰ্কৰ এক নতুন অধ্যায় মুকলি কৰাৰ জৰিয়তে দেশ দুখনৰ মাজৰ সম্পৰ্ক ভৱিষ্যতমুখী হৈ পৰে বুলি নেতাসকলে উল্লেখ কৰে।

 

তেওঁলোকৰ আলোচনাত ২০২৫ চনত দ্বিপাক্ষিক সম্পৰ্কৰ ৬০ সংখ্যক বাৰ্ষিকী উদযাপনকো সামৰি লোৱা হয়। দুয়োখন দেশৰ মাজত সাংস্কৃতিক সংযোগ এই সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ উপাদান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰত ভাৰতৰ প্ৰথম থিৰুভাল্লুভাৰ সাংস্কৃতিক কেন্দ্ৰ মুকলি কৰা হ'ব বুলি ঘোষণা কৰে। নেতাসকলে ভাৰত– আছিয়ান সম্পৰ্ক আৰু ভাৰত-প্ৰশান্ত মহাসাগৰৰ বাবে ভাৰতৰ দৃষ্টিভংগীকে ধৰি পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভতো মত বিনিময় কৰে।

 

দুয়োগৰাকী নেতাই অৰ্ধপৰিবাহী, ডিজিটেল প্ৰযুক্তি, দক্ষতা বিকাশ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তিৰ আদান-প্ৰদান প্ৰত্যক্ষ কৰে। এয়া দুটা পৰ্যায়ত হোৱা ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আলোচনাৰ এতিয়ালৈ লাভ কৰা ফলাফল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৱাঙক ভাৰত ভ্ৰমণৰ বাবে জনোৱা আমন্ত্ৰণ তেওঁ গ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"