প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত আজি ইটালীৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেল’নিক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মেল’নিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ আউটৰীচ্চ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মেল’নিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সন্মিলনৰ সফল সামৰণিৰ বাবে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই নিয়মীয়া উচ্চ ৰাজনৈতিক আলোচনাক সন্তুষ্টিৰে লক্ষ্য কৰি ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বৃদ্ধিত সুখ প্ৰকাশ কৰাৰ লগতে তেওঁলোকে স্বচ্ছ শক্তি, উৎপাদন, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, টেলিকম, এআই আৰু জটিল খনিজ পদাৰ্থৰ বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণ কৰি সুস্থিৰ যোগান শৃংখল গঢ়ি তোলাৰ আহ্বান জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে শেহতীয়াকৈ ঔদ্যোগিক সম্পত্তিৰ অধিকাৰ (আইপিআৰ) সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায় যিয়ে পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক কাঠামো প্ৰদান কৰে।

 

দুয়োপক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা কৰি প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু অধিক বৃদ্ধিৰ আশা প্ৰকাশ কৰে। তেওঁলোকে চলিত বৰ্ষৰ শেষৰ ফালে ইটালীৰ বিমানবাহী জাহাজ আইটিএছ কেভ’ৰ আৰু প্ৰশিক্ষণ জাহাজ আইটিএছ ভেছপুচিৰ আগন্তুক ভাৰত ভ্ৰমণক আদৰণি জনায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীৰ অভিযানত ভাৰতীয় সেনাৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে ইটালী চৰকাৰক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ মণ্টনেত থকা যশৱন্ত গডজে স্মাৰক উন্নীতকৰণৰ কথা অৱগত কৰে।

‘বিশ্ব জৈৱ ইন্ধন মৈত্ৰী’ৰ অধীনত হোৱা সমন্বয়ৰ প্ৰতি লক্ষ্য ৰাখি নেতাসকলে শক্তি পৰিৱৰ্তনত সহযোগিতাৰ বাবে উদ্দেশ্য পত্ৰত স্বাক্ষৰ কৰাটো আদৰণি জনায় যিয়ে স্বচ্ছ আৰু সেউজ শক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব। বিজ্ঞান আৰু প্ৰযুক্তিৰ যৌথ গৱেষণা আৰু বিকাশৰ প্ৰসাৰৰ বাবে ২০২৫-২৭ চনৰ বাবে নতুন কাৰ্যবাহী সহযোগিতাৰ কাৰ্যসূচীত তেওঁলোকে সুখ প্ৰকাশ কৰে।

ইটালীত দীৰ্ঘদিনীয়া ইণ্ড’লজিকেল অধ্যয়ন পৰম্পৰাৰ দ্বাৰা প্ৰেৰিত হৈ দুয়োখন দেশে মানুহৰ মাজত শক্তিশালী সংযোগ লাভ কৰে, যিটো মিলান বিশ্ববিদ্যালয়ত ভাৰত অধ্যয়নৰ ওপৰত প্ৰথম আইচিচিআৰৰ আসন স্থাপনৰ ফলত আৰু অধিক শক্তিশালী হ’ব। দুয়োগৰাকী নেতাই প্ৰব্ৰজন আৰু গতিশীলতা চুক্তিখন আগতীয়াকৈ কাৰ্যকৰী কৰাৰ আহ্বান জনায়, যাৰ ফলত পেছাদাৰী, দক্ষ আৰু অৰ্ধদক্ষ শ্ৰমিক, ছাত্ৰ-ছাত্ৰী, আৰু গৱেষকৰ গতিশীলতা সহজ হ’ব।

দুয়োজন নেতাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপৰ কাঠামোৰ অধীনত ৰূপায়ণ হ’বলগীয়া যৌথ কাৰ্য্যকলাপৰ বাবে আগ্ৰহী আৰু মুক্ত আৰু স্বাধীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে তেওঁলোকৰ ভাগ-বতৰা দৃষ্টিভংগী পূৰণৰ বাবে আগ্ৰহী। তেওঁলোকে আঞ্চলিক আৰু বৈশ্বিক গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো আলোচনা কৰি ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰকে ধৰি বিশ্ব মঞ্চ আৰু বহুপক্ষীয় পদক্ষেপসমূহত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future