প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ ছিডনীৰ এডমাইৰেল্টি হাউচত ২৪ মে’, ২০২৩ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত এন্থনী আলবানিজৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷

 

এলডাইৰেল্টি হাউচত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীক আনুষ্ঠানিক আদৰনি জনোৱাৰ লগতে সেনাৰ অভিবাদন জনায়৷

 

দুয়োগৰাকী নেতাই নতুন দিল্লীত ২০২৩ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত প্ৰথম বাৰ্ষিকী নেতৃবৃন্দৰ সন্মিলনৰ সফলতাৰ কথা দোঁহৰাৰ লগতে বহুপাক্ষিক ভাৰত-অষ্ট্ৰেলিয়া বিস্তৃত কৌশলগত অংশীদাৰিত্ব আৰু অধিক সম্প্ৰসাৰণ আৰু গভীৰ কৰি তোলাৰ পুনৰ প্ৰতিশ্ৰুতি দিয়ে৷

তেওঁলোকৰ আলোচনাত প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, নব্য আৰু নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰ’জেন, গুৰুত্বপূৰ্ণ খনিজাত সামগ্ৰী, শিক্ষা, প্ৰব্ৰজন আৰু গতিশীলতা আৰু জনসাধাৰণ মাজৰ সম্পৰ্কৰ সহযোগিতাই গুৰুত্ব লাভ কৰে৷

 

দুয়োগৰাকী নেতাই ভাৰত-অষ্ট্ৰেলিয়া প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব ব্যৱস্থা (এমএমপিএ) চুক্তি স্বাক্ষৰক আদৰণি জনায়, যাৰদ্বাৰা ছাত্ৰ-ছাত্ৰী, পেছাদাৰী ব্যক্তি, গৱেষক, শিক্ষাবিদ আৰু অন্যান্যসকলৰ গতিশীলতা আৰু অধিক সহজ কৰি তুলিব, য’ত এক নতুন দক্ষ ব্যৱস্থা মেটছ (প্ৰতিভাধৰ নতুন পেছদাৰী লোকৰ গতিশীলতা ব্যৱস্থা) নামৰ পদক্ষেপ বিশেষভাৱে ভাৰতৰ বাবে প্ৰস্তুত কৰা হৈছে।

তেওঁলোকে ভাৰত-অষ্ট্ৰেলিয়া হাইড্ৰ’জেন টাস্ক ফ’ৰ্চৰ টাৰ্মছ অৱ ৰেফাৰেন্স চূড়ান্ত কৰা বিষয়টোও আদৰণি জনায়, যি হাইড্ৰ’জেন ইলেক্ট্ৰ’লাইজাৰ, ইন্ধন কোষৰ লগতে আন্তঃগাঁথনি সাহাৰ্য আৰু মানসম্পন্ন আৰু নিয়ন্ত্ৰণ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিষ্কাৰ হাইড্ৰ’জেনৰ উৎপাদন আৰু নিয়োগ ত্বৰান্বিত কৰাৰ সুযোগৰ ওপৰত পৰামৰ্শ আগবঢ়াব।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ব্রিজবেনত ভাৰতৰ বাণিজ্য দূতাবাস স্থাপনৰ বাবে অষ্ট্ৰেলিয়াই আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

এক নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ আধাৰত শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল সুনিশ্চিত কৰাৰ বাবে দুয়োগৰাকী নেতাই নিজৰ দৃঢ়তা পুনৰ দোঁহাৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বিষয়েও আলোচনা কৰে।

প্ৰধানমন্ত্ৰী আলবানিজে ভাৰতৰ জি-২০ অধ্যক্ষতা আৰু পদক্ষেপসমূহৰ প্ৰতি অষ্ট্ৰেলিয়াৰ তীব্ৰ সমৰ্থন প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী আলবানিজক আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি কয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister praises historic feat at the 2026 World Junior Squash Championship
July 26, 2026

Prime Minister Shri Narendra Modi today hailed a historic feat at the 2026 World Junior Squash Championship. He expressed his pride in Anahat Singh for winning the Gold Medal and becoming the first Indian squash player ever to win the World Junior Championship title.

The Prime Minister noted that this accomplishment will further popularise squash among the youth.

In a post on X, the Prime Minister shared:

"A historic feat at the 2026 World Junior Squash Championship.

Proud of Anahat Singh for winning the Gold Medal and becoming the first Indian squash player ever to win the World Junior Championship title. This accomplishment will further popularise squash among the youth.

@Anahat_Singh13"