The youth of the nation has benefitted by the space sector reforms: PM Modi
Youth are eager to enter politics, seeking the right opportunity and guidance: PM Modi
‘Har Ghar Tiranga’ campaign wove the entire country into a thread of togetherness: PM Modi
#MannKiBaat: PM Modi shares the heartwarming connection between Barekuri villagers and hoolock gibbons
Toy recycling can protect the environment: PM Modi
Today, there is a growing interest in Sanskrit both in India and globally: PM Modi
Children’s nutrition is a priority for the country: PM Modi

মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। আকৌ এবাৰ মোৰ পৰিয়ালৰ সকলো সদস্যক ‘মন কী বাত’লৈ স্বাগতম জনাইছো। আজি আকৌ এবাৰ আমি দেশৰ কৃতিত্ব আৰু দেশবাসীৰ সামূহিক প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিম। একবিংশ শতিকাৰ ভাৰতত ইমানবোৰ ঘটনা ঘটি আছে, যিয়ে উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰি তুলিছে। উদাহৰণস্বৰূপে, ২৩ আগষ্টত আমি সকলো দেশবাসীয়ে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিলোঁ। মই নিশ্চিত যে আপোনালোক সকলোৱে এই দিনটো উদযাপন কৰিলে, আকৌ এবাৰ চন্দ্ৰযান-৩ৰ সফলতা উদযাপন কৰিলে। যোৱা বছৰৰ আজিৰ দিনটোতে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুৰ শিৱ-শক্তি পইণ্টত সফলতাৰে অৱতৰণ কৰিছিল। এই গৌৰৱোজ্জল কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত।

বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।

প্ৰধানমন্ত্ৰীঃ হেল্ল’!

যুৱক (একেলগে)ঃ হেল্ল’!

প্ৰধানমন্ত্ৰীঃ নমস্কাৰ!

যুৱক (একেলগে): নমস্কাৰ ছাৰ!

প্ৰধানমন্ত্ৰীঃ বাৰু বন্ধুসকল, মই দেখি সুখী হৈছো যে আইআইটি-মাদ্ৰাজৰ সময়ত গঢ় লৈ উঠা আপোনাৰ বন্ধুত্ব আজিও শক্তিশালী হৈ আছে। সেইবাবেই আপোনালোকে একেলগে গেলেক্সিআই (GalaxEye) আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। আৰু আজি সেই বিষয়েও অলপ জানিব বিচাৰিছো। এই বিষয়ে কওকচোন। ইয়াৰ লগতে আপোনালোকৰ প্ৰযুক্তিৰ পৰা দেশখনে কিমান লাভ হ’ব সেয়াও কওক।

সুয়াশঃ হয় মোৰ নাম সুয়াশ। আমি আপুনি কোৱাৰ দৰে একেলগে আছো। আইআইটি-মাদ্ৰাছত সকলোৱে মিলিত হৈছিলো৷ আমি সকলোৱে তাত পঢ়ি আছিলো, আমি একেটা বৰ্ষৰ নাছিলো৷ আমি অভিযান্ত্ৰিকতা সম্পন্ন কৰিলো। আৰু সেই সময়ত আমি ভাবিছিলো যে হাইপাৰলুপ নামৰ এটা প্ৰজেক্ট আছে। আমি ভাবিছিলো যে আমি একেলগে তাত কাম কৰিম। একে সময়তে আমি এটা দল আৰম্ভ কৰিলোঁ, তাৰ নাম আছিল ‘আৱিষ্কাৰ হাইপাৰলুপ’, যিটোক লৈ আমি আমেৰিকালৈও গৈছিলো। সেই বছৰ এছিয়াৰ পৰা আমি একমাত্ৰ দল যিয়ে তালৈ গৈছিল আৰু আমাৰ দেশৰ পতাকা আমি উৰুৱাইছিলোঁ। আৰু আমি বিশ্বৰ প্ৰায় ১৫০০ (পোন্ধৰশ) দলৰ শীৰ্ষ ২০টা দলৰ ভিতৰত আছিলো।

প্ৰধানমন্ত্ৰী : ঠিত! আৰু শুনাৰ আগতে ইয়াৰ বাবে আপোনালোকক অভিনন্দন জনাইছো।

সুয়াশঃ বহুত বহুত ধন্যবাদ। একেটা কৃতিত্বৰ বাবে আমাৰ বন্ধুত্ব গভীৰ হৈ পৰিল আৰু এইদৰেই

জটিল প্ৰজেক্টৰ কাম কৰিবলৈও আত্মবিশ্বাস লাভ কৰিলোঁ। আৰু একে সময়তে স্পেচএক্স আৰু আপুনি মহাকাশত মুকলি কৰা ব্যক্তিগতকৰণৰ কথালৈ চাই ২০২০ চনতো এটা উল্লেখযোগ্য সিদ্ধান্ত লোৱা হৈছিল। সেইটো লৈ আমি বৰ উৎসাহিত হৈছিলো। আৰু ৰক্ষিতক আমি কি নিৰ্মাণ কৰি আছো সেই বিষয়ে ক’বলৈ আমন্ত্ৰণ জনাব বিচাৰিছো? আৰু ইয়াৰ লাভ কি?

ৰক্ষিতঃ হয়, মোৰ নাম ৰক্ষিত। আৰু এই প্ৰযুক্তিৰ সৈতে আমি কেনেকৈ উপকৃত হম সেই বিষয়ে মই উত্তৰ দিম।

প্ৰধানমন্ত্ৰীঃ ৰক্ষিত, আপোনাৰ ঘৰ উত্তৰাখণ্ডৰ ক’ত?

ৰক্ষিত: ছাৰ, মোৰ ঘৰ আলমোৰাত।

প্ৰধানমন্ত্ৰীঃ তেন্তে, আপুনি এজন বাল মিঠাই প্ৰেমী?

ৰক্ষিত: হয় ছাৰ। হয় ছাৰ। বাল মিঠাই আমাৰ প্ৰিয়।

প্ৰধানমন্ত্ৰীঃ আমাৰ যে লক্ষ্য সেন, তেওঁ নিয়মীয়াকৈ মোৰ বাবে বাল মিঠাই প্ৰেৰণ কৰি থাকে।হয়, ৰক্ষিত এতিয়া কওক।

ৰক্ষিতঃ আমাৰ এই প্ৰযুক্তিয়ে মহাকাশৰ পৰা ডাৱৰৰ মাজেৰে চাব পাৰি আৰু ইয়াৰ দ্বাৰা ৰাতিও চাব পাৰি, গতিকে আমি প্ৰতিদিনে দেশৰ যিকোনো কোণৰ পৰা এখন স্পষ্ট ছবি তুলিব পাৰো। আৰু আমি যি তথ্য পাম সেই তথ্য দুটা ক্ষেত্ৰত উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ’ব। প্ৰথমটো হ’ল ভাৰতক অত্যন্ত নিৰাপদ কৰি তোলা। আমি প্ৰতিদিনে আমাৰ সীমান্ত আৰু আমাৰ মহাসাগৰ আৰু সাগৰসমূহ নিৰীক্ষণ কৰিম। আৰু শত্ৰুৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আমাৰ সশস্ত্ৰ বাহিনীক চোৰাংচোৱা তথ্য প্ৰদান কৰিব। আৰু দ্বিতীয়টো হ’ল ভাৰতৰ কৃষকসকলক সৱলীকৰণ কৰা। গতিকে আমি ইতিমধ্যে ভাৰতৰ মিছামাছ পালকসকলৰ বাবে এনে এটা সামগ্ৰী তৈয়াৰ কৰিছো যিয়ে তেওঁলোকৰ পুখুৰীৰ পানীৰ গুণাগুণ মহাকাশৰ পৰা বৰ্তমানৰ খৰচৰ ১০ভাগৰ এভাগত জুখিব পাৰে। আৰু আমি আগবাঢ়ি যাব বিচাৰো আৰু বিশ্বৰ বাবে উত্তম মানৰ উপগ্ৰহৰ ছবি সৃষ্টি কৰিব বিচাৰো আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে গোলকীয় সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বক উন্নত মানৰ উপগ্ৰহৰ তথ্য প্ৰদান কৰিব বিচাৰো।

প্ৰধানমন্ত্ৰী: ইয়াৰ অৰ্থ হ’ল আপোনালোকৰ দলটো জয় জোৱান, জয় কিষাণ।

ৰক্ষিত: হয় ছাৰ, একেবাৰেই সঁচা কথা।

প্ৰধানমন্ত্ৰীঃ বন্ধুসকল, আপোনালোকে ইমান ভাল কাম কৰি আছে, মইও জানিব বিচাৰো আপোনালোকৰ প্ৰযুক্তিৰ নিখুঁততা কি?

ৰক্ষিত: ছাৰ, আমি ৫০ চেণ্টিমিটাৰতকৈও কম ৰিজ’লিউচনৰ ফটো তুলিব পাৰোঁ। আৰু আমি এটা সময়ত প্ৰায় ৩০০ বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাৰ ছবি তুলিব পাৰিম।

প্ৰধানমন্ত্ৰীঃ আহকচোন, মই ভাবো যেতিয়া দেশবাসীয়ে এই কথা শুনিব, তেতিয়া তেওঁলোক বৰ গৌৰৱ কৰিব। কিন্তু মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো।

ৰক্ষিত: হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ মহাকাশ পৰিস্থিতিতন্ত্ৰ অতি সজীৱ হৈ উঠিছে। আপোনালোকৰ দলটোৱে এতিয়া কি পৰিৱৰ্তন দেখিছে?

কিষাণ: মোৰ নাম কিষান, আমি গেলেক্সিআই আৰম্ভ হোৱাৰ পিছৰে পৰা ইন-স্পেচত অহা দেখিছো আৰু আমি বহুতো নীতি অহা দেখিছো, যেনে 'জিঅ’-স্পেচিয়েল ডাটা পলিটি' আৰু ভাৰত মহাকাশ নীতি' আৰু আমি বিগত তিনি বছৰৰ আমি বহুত পৰিৱৰ্তন আহি থকা দেখিছো আৰু বহুতো প্ৰক্ৰিয়া, বহুত আন্তঃগাঁথনি আৰু বহুতো সুবিধা, এইবোৰ ইছৰোৱে আৰু অতি ভাল ধৰণেৰে উপলব্ধ কৰিছে। যেনেকৈ আমি ইছৰো লৈ গৈ আমাৰ হাৰ্ডৱেৰ পৰীক্ষা কৰিব পাৰো, এতিয়া এইটো যথেষ্ট সহজেই কৰিব পৰা যাব। তিনি বছৰৰ আগতে সেই প্ৰক্ৰিয়াবোৰ ইমান নাছিল আৰু ই আমাৰ বাবে আৰু আন বহুতো ষ্টাৰ্ট-আপৰ বাবেও অতি সহায়ক হৈছে। আৰু শেহতীয়া প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতিৰ বাবে আৰু সা-সুবিধাৰ উপলব্ধতাৰ বাবেই ষ্টাৰ্ট-আপ আহিবলৈ বহুত উদ্গনি যোগাইছে আৰু এনে ষ্টাৰ্ট-আপ আহিব পাৰে আৰু এনে এটা ক্ষেত্ৰত অতি সহজ আৰু অতি ভালদৰে বিকাশ কৰিব পাৰে, যিটো ক্ষেত্ৰত উন্নয়ন সাধাৰণতে অতি কঠিন৷ ব্যয়বহুল আৰু সময়সাপেক্ষ হৈয়েই থাকে। কিন্তু বৰ্তমানৰ নীতি আৰু ইন-স্পেচৰ আগমনৰ পিছত ষ্টাৰ্ট-আপৰ বাবে বহু কাম সহজ হৈ পৰিছে। মোৰ বন্ধু ডেনিয়েল চাৱড়াইও এই বিষয়ে কিবা এটা ক’ব বিচাৰিছে।

প্ৰধানমন্ত্ৰী: ডেনিয়েল, কওক...

ডেনিয়েল: ছাৰ, আমি আৰু এটা কথা পৰ্যবেক্ষণ কৰিছো, যিসকল অভিযান্ত্ৰিকৰ ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ চিন্তাধাৰাৰ পৰিৱৰ্তন আমি দেখিছো। আগতে তেওঁলোকে বাহিৰত গৈ উচ্চ পঢ়া-শুনা কৰিব বিচাৰিছিল আৰু বিশেষকৈ মহাকাশ ক্ষেত্ৰত কাম কৰিব বিচাৰিছিল, কিন্তু এতিয়া যিহেতু ভাৰতত মহাকাশ ইক’চিষ্টেম এটা বহুত ভালকৈ আহি আছে, সেইবাবেই তেওঁলোকে ভাৰতলৈ উভতি আহি এই পৰিৱেশত কাম কৰিবলৈ আৰম্ভ কৰিছে, ব্যৱস্থাটোৰ এটা অংশ হ'ব বিচাৰে। গতিকে আমি বহুত ভাল প্ৰতিক্ৰিয়া পাইছো আৰু আমাৰ নিজৰ কোম্পানীৰ কিছুমান মানুহে ইয়াৰ বাবেই আকৌ ঘূৰি আহি কাম কৰি আছে।

প্ৰধানমন্ত্ৰীঃ মই ভাবো যে কিষান আৰু ডেনিয়েল আপোনালোক দুয়োজনে দিশবোৰ উল্লেখ কৰিলে৷ মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে বহুতে হয়তো এই কথাটোত গুৰুত্ব নিদিলেহেঁতেন যে যেতিয়া এটা ক্ষেত্ৰত সংস্কাৰ হয়, তেতিয়া সংস্কাৰৰ কিমান একাধিক প্ৰভাৱ পৰে৷ আপোনালোকৰ পৰ্যবেক্ষণ বহুত ভাল। আন এটা প্ৰশ্ন মই সুধিব বিচাৰিছো, ষ্টাৰ্ট-আপ আৰু মহাকাশ খণ্ডত সফলতা লাভ কৰিব বিচৰা সেই যুৱক-যুৱতীসকলক আপোনালোকে কি বাৰ্তা দিব বিচাৰে।

প্ৰনীতঃ মই প্ৰনীতে কৈছোঁ, এই প্ৰশ্নৰ উত্তৰ মই দিম।

প্ৰনীত: ছাৰ, মোৰ কেইবছৰমানৰ অভিজ্ঞতাৰ পৰা দুটা কথা ক’ব বিচাৰিছো। প্ৰথম কথা, যদি আপুনি নিজে ষ্টাৰ্ট-আপ কৰিব বিচাৰে তেন্তে এইটোৱেই সুযোগ কাৰণ সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষই হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি আৰু ইয়াৰ অৰ্থ হ’ল আপোনাৰ বহুত সুযোগ আছে। যেনে, ২৪ বছৰ বয়সত মই গৌৰৱ অনুভৱ কৰিছো যে অহা বছৰ আমাৰ এটা উপগ্ৰহ উৎক্ষেপণ হ’ব। যাৰ ভিত্তিত আমাৰ চৰকাৰে কিছুমান ডাঙৰ ডাঙৰ সিদ্ধান্ত ল’ব আৰু ইয়াত আমাৰ সামান্য অৱদান আছে। এনে কিছুমান ৰাষ্ট্ৰীয় প্ৰভাৱ প্ৰকল্পৰ কামত লাগি যাওক, এইটো এনেকুৱা এটা উদ্যোগ আৰু এইটো এনেকুৱা এটা সময়, যিহেতু এই মহাকাশ উদ্যোগটো ইতিমধ্যে আৰম্ভ হৈছে। গতিকে মই মোৰ যুৱ বন্ধুসকলক ক’ব বিচাৰিছো যে এইটো কেৱল প্ৰভাৱৰ বাবেই নহয়, তেওঁলোকৰ নিজৰ আৰ্থিক বিকাশৰ বাবে আৰু এটা বিশ্ব সমস্যা সমাধানৰ বাবেও এক সুযোগ। গতিকে আমি নিজৰ মাজতে কথা পাতো যে শৈশৱত আমি কৈছিলোঁ যে ডাঙৰ হ’লে আমি অভিনেতা, ক্ৰীড়াবিদ হ’ম, গতিকে ইয়াত এনেকুৱা কাম হৈছিল। কিন্তু আজি যদি আমি শুনিবলৈ পাওঁ যে কোনোবাই ডাঙৰ হৈ ডাঙৰ হৈ উদ্যোগী হ’ব বিচাৰিছে, মহাকাশ উদ্যোগত কাম কৰিব বিচাৰে। আমাৰ বাবে এইটো এটা অতি গৌৰৱৰ মুহূৰ্ত যে আমি এই সমগ্ৰ ৰূপান্তৰত এটা সৰু ভূমিকা লৈছো।

প্ৰধানমন্ত্ৰীঃ বন্ধুসকল, এক প্ৰকাৰে প্ৰনীত, কিষাণ, ডেনিয়েল, ৰক্ষিত, সুয়াশ, আপোনালোকৰ বন্ধুত্ব আপোনালোকৰ ষ্টাৰ্ট-আপৰ দৰেই শক্তিশালী। সেইবাবেই আপোনালোকে ইমান সুন্দৰ কাম কৰি আছে। কেইবছৰমান আগতে আইআইটি-মাদ্ৰাজ ভ্ৰমণৰ সুযোগ পাইছিলোঁ আৰু সেই প্ৰতিষ্ঠানটোৰ উৎকৃষ্টতা প্ৰত্যক্ষভাৱে অনুভৱ কৰিছো। আৰু যিয়েই নহওক, আইআইটিৰ সন্দৰ্ভত সমগ্ৰ বিশ্বতে সন্মানৰ অনুভৱ হয় আৰু তাৰ পৰা ওলাই অহা আমাৰ শিক্ষাৰ্থীসকলে যেতিয়া ভাৰতৰ বাবে কাম কৰে, তেতিয়া তেওঁলোকে নিশ্চিতভাৱে কিবা এটা ভাল অৱদান আগবঢ়ায়। আপোনালোক সকলোকে আৰু মহাকাশ খণ্ডত কাম কৰা আন সকলো ষ্টাৰ্ট-আপৰ প্ৰতি মোৰ বহুত শুভেচ্ছা থাকিল, আৰু আপোনালোক পাঁচোজন বন্ধুৰ সৈতে কথা পাতি ভাল লাগিল। সকলোকে বহুত বহুত ধন্যবাদ বন্ধুসকল।

 

সুয়াশ: বহুত বহুত ধন্যবাদ!

মোৰ প্ৰিয় দেশবাসী, এইবাৰ লালকিল্লাৰ পৰা ৰাজনৈতিক পটভূমি নথকা এক লাখ যুৱকক ৰাজনৈতিক ব্যৱস্থাৰ সৈতে সংযোগ কৰিবলৈ আহ্বান জনাইছো। মোৰ এই আহ্বান প্ৰতি ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। ইয়াৰ পৰাই বুজা যায় যে আমাৰ যুৱক-যুৱতীসকলৰ কিমান বৃহৎ সংখ্যক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ সাজু। তেওঁলোকে মাত্ৰ সঠিক সুযোগ আৰু সঠিক মাৰ্গদৰ্শন বিচাৰিছে। এই বিষয়ত সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ পৰাও চিঠি পাইছো। ছ’চিয়েল মিডিয়াতো ব্যাপক সঁহাৰি লাভ কৰিছো। মানুহেও মোলৈ বহু ধৰণৰ পৰামৰ্শ প্ৰেৰণ কৰিছে। কিছুমান যুৱকে চিঠিখনত লিখিছে যে তেওঁলোকৰ বাবে এইটো সঁচাকৈয়ে কল্পনাতীত। যিহেতু তেওঁৰ দাদা বা পিতৃ-মাতৃৰ কোনো ৰাজনৈতিক ইতিহাস নাছিল, সেয়েহে তেওঁ ইচ্ছা কৰিলেও ৰাজনীতিত প্ৰৱেশ কৰিব পৰা নাই৷ কিছুমান যুৱকে লিখিছে যে তেওঁলোকৰ তৃণমূল পৰ্যায়ত কাম কৰাৰ ভাল অভিজ্ঞতা আছে, সেয়েহে, তেওঁলোকে মানুহৰ সমস্যা সমাধানত সহায়ক হ’ব পাৰে। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে নতুন প্ৰতিভাক দমন কৰে বুলিও একাংশ যুৱকে লিখিছে। আন একাংশ যুৱকে কয় যে এনে প্ৰচেষ্টাই আমাৰ গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব। এই বিষয়ত পৰামৰ্শ প্ৰেৰণ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। আশা কৰোঁ এতিয়া আমাৰ সামূহিক প্ৰচেষ্টাৰে কোনো ৰাজনৈতিক পটভূমি নথকা এনে যুৱক-যুৱতীসকলেও ৰাজনীতিত আগবাঢ়ি আহিব পাৰিব, তেওঁলোকৰ অভিজ্ঞতা আৰু তেওঁলোকৰ উদ্যম দেশৰ বাবে উপযোগী হ’ব।

বন্ধুসকল, স্বাধীনতা সংগ্ৰামৰ সময়তো সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা বহু লোক আগবাঢ়ি আহিছিল, যাৰ কোনো ৰাজনৈতিক পটভূমি নাছিল। ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁলোকে নিজকে বলিদান দিছিল। এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আজি আমাক আকৌ এবাৰ একেই মনোভাৱৰ প্ৰয়োজন। মোৰ সকলো ডেকা বন্ধুক ক’ম যে এই অভিযানত নিশ্চিতভাৱে যোগদান কৰক। আপোনালোকৰ এই পদক্ষেপে আপোনাৰ আৰু দেশৰ ভৱিষ্যত সলনি কৰিব।

 

মোৰ প্ৰিয় দেশবাসী, এইবাৰ ‘হৰ ঘৰ ত্ৰিৰংগা আৰু সমগ্ৰ দেশ ত্ৰিৰংগা’ অভিযানৰ প্ৰতি ব্যাপক উচাহ পৰিলক্ষিত হয়। দেশৰ চুকে-কোণৰ ​​পৰা এই অভিযানৰ সৈতে জড়িত আচৰিত ধৰণৰ ছবি প্ৰকাশ পাইছে। আমি ত্ৰিৰংগা ঘৰবোৰত উৰি থকা দেখিলোঁ-স্কুল, কলেজ, বিশ্ববিদ্যালয়তো ত্ৰিৰংগা উৰি থকা দেখিলোঁ। মানুহে নিজৰ দোকান-পোহাৰ আৰু কাৰ্যালয়ত ত্ৰিৰংগা লগাই, একাংশই ডেস্কটপ, মোবাইল আৰু বাহনতো ত্ৰিৰংগাটো লগোৱা দেখা গৈছে। যেতিয়া মানুহে একত্ৰিত হৈ নিজৰ অনুভৱ প্ৰকাশ কৰে তেতিয়া প্ৰতিটো অভিযানে উদগনি লাভ কৰে। বৰ্তমান আপোনালোকে টিভিৰ পৰ্দাত দেখা ছবিবোৰ জম্মু-কাশ্মীৰৰ ৰিয়াচীৰ। ইয়াত ৭৫০মিটাৰ দৈৰ্ঘ্যৰ পতাকা লৈ ত্ৰিৰংগা ৰেলী উলিওৱা হৈছিল আৰু এই ৰেলী বিশ্বৰ সৰ্বোচ্চ চেনাব ৰে’লৱে দলঙত উলিওৱা হৈছিল। এই ছবিবোৰ যিয়েই দেখিছে তেঁৱেই সুখী অনুভৱ কৰিছে। আমি সকলোৱে শ্ৰীনগৰৰ ডাল হ্ৰদতো ত্ৰিৰংগা যাত্ৰাৰ সুন্দৰ ছবি দেখিলোঁ। অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাতো ৬০০ফুট দীঘল ত্ৰিৰংগাৰ এক যাত্ৰা উলিওৱা হয়। একেদৰে দেশৰ আন আন ৰাজ্যতো সকলো বয়সৰ লোকে এনে ত্ৰিৰংগা যাত্ৰাত অংশ লৈছিল। স্বাধীনতা দিৱস এতিয়া সামাজিক উৎসৱত পৰিণত হৈছে, আপোনালোকেও নিশ্চয় ইয়াৰ অভিজ্ঞতা লাভ কৰিছে। মানুহে নিজৰ ঘৰবোৰ ত্ৰিৰংগা মালাৰে সজাই তুলিছে। ‘আত্মসহায়ক গোট’ৰ সৈতে জড়িত মহিলাসকলে লাখ লাখ পতাকা প্ৰস্তুত কৰে। ই-কমাৰ্চ প্লেটফৰ্মত ত্ৰিৰংগাত ৰং কৰা সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পায়। স্বাধীনতা দিৱস উপলক্ষে আমাৰ পতাকাৰ তিনিটা ৰং দেশৰ চুকে-কোণে সকলোতে, স্থল, পানী আৰু আকাশত দেখা গ’ল। হৰ ঘৰ ট্ৰাইকলাৰ ৱেবছাইটতো পাঁচ কোটিৰো অধিক ছেলফি পোষ্ট কৰা হয়। এই অভিযানে সমগ্ৰ দেশক বান্ধি ৰাখিছে আৰু এয়াই হৈছে ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’।

মোৰ প্ৰিয় দেশবাসী, মানুহ আৰু জীৱ-জন্তুৰ প্ৰেম আপোনালোকে নিশ্চয় চিনেমাত দেখিছে! কিন্তু অসমত এটা বাস্তৱ কাহিনী পোহৰলৈ আহিছে। অসমৰ তিনিচুকীয়া জিলাৰ এখন সৰু গাঁও বাৰেকুৰিত মৰাণ জনগোষ্ঠীৰ লোক বাস কৰে। এই গাঁৱত বাস কৰে ‘হোলক গিবন’ৰ এটা জাক। যাক ‘হলৌ বান্দৰ’ বুলি কোৱা হয়। হোলক গিবনে এই গাঁওখনতে নিজৰ ঘৰ সাজি লৈছে। আপোনালোকে জানি আচৰিত হ’ব–এই গাঁৱৰ লোকসকলৰ হোলক গিবনৰ সৈতে অতি গভীৰ সম্পৰ্ক আছে। গাঁৱৰ মানুহে এতিয়াও নিজৰ পৰম্পৰাগত মূল্যবোধ মানি চলে। সেয়েহে তেওঁলোকে এনে কিছুমান কাম কৰিলে যিয়ে হলৌ বান্দৰবোৰৰ সৈতে তেওঁৰ সম্পৰ্ক শক্তিশালী কৰে। যেতিয়া তেওঁলোকে হলৌ বান্দৰে কল ভাল পায় বুলি গম পালে, তেতিয়া তেওঁলোকে কলৰ খেতিও আৰম্ভ কৰিলে। তদুপৰি তেওঁলোকে নিজৰ মানুহৰ মৃতক বা অন্যান্য লোকৰ বাবে কৰা ধৰণে হলৌ বান্দৰবোৰৰ জন্ম-মৃত্যুৰ লগত জড়িত অনুষ্ঠানসমূহো সম্পন্ন কৰাৰ সিদ্ধান্ত লয়। প্ৰতিটো হলৌ বান্দৰৰ নামো দিছে। শেহতীয়াকৈ সেইস্থানেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰৰ বাবে হলৌ বান্দৰবোৰ অসুবিধাৰ সন্মুখীন হৈছিল। এনে অৱস্থাত এই গাঁৱৰ ৰাইজে এই বিষয়টো চৰকাৰক অৱগত কৰি অতি সোনকালে ইয়াৰ সমাধান বিচাৰি পালে। মোক কোৱা হৈছে যে এতিয়া এই হলৌ বান্দৰবোৰে ফটোৰ বাবেও প’জ দিয়ে।

বন্ধুসকল, অৰুণাচল প্ৰদেশৰ আমাৰ ডেকা বন্ধুসকলো জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেমত পিছ পৰি ৰোৱা নাই। অৰুণাচলৰ আমাৰ কিছুমান ডেকা বন্ধুসকলে থ্ৰী-ডি প্ৰিন্টিং প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে-কিয় জানেনে? কাৰণ সেই প্ৰচেষ্টাই বন্যপ্ৰাণীক শিং আৰু দাঁতৰ বাবে চিকাৰৰ পৰা বচাব বিচাৰে। নবাম বাপু আৰু লিখা নানাৰ নেতৃত্বত এই দলটোৱে জীৱ-জন্তুৰ বিভিন্ন অংশৰ থ্ৰী-ডি প্ৰিণ্টিং কৰে। শিঙেই হওক, জীৱ-জন্তুৰ দাঁতেই হওক, এই সকলোবোৰ থ্ৰী-ডি প্ৰিণ্টিঙৰ জৰিয়তে তৈয়াৰ কৰা হয়। তাৰ পিছত তাৰ পৰা সাজপাৰ আৰু টুপীৰ দৰে বস্তু তৈয়াৰ কৰা হয়। এইটো এটা আচৰিত বিকল্প য’ত জৈৱ-বিঘ্নিত পদাৰ্থ ব্যৱহাৰ কৰা হয়। এনে আচৰিত প্ৰচেষ্টাৰ শলাগ নলৈ নোৱাৰি। মই ক’ম যে এই ক্ষেত্ৰত অধিক সংখ্যক ষ্টাৰ্ট-আপ আহিব লাগে যাতে আমাৰ জীৱ-জন্তুবোৰক সুৰক্ষিত কৰিব পাৰি আৰু পৰম্পৰাও চলি থাকে।

মোৰ প্ৰিয় দেশবাসী, মধ্যপ্ৰদেশৰ ঝাবুৱাত এক আচৰিত ঘটনা ঘটিছে, যাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। আমাৰ অনাময় কৰ্মী ভাই-ভনীসকলে তাত আচৰিত কাম কৰিছে। এই ভাই-ভনীসকলে আমাক ‘আৱৰ্জনাৰ পৰা সম্পদ’ৰ বাৰ্তাটো বাস্তৱত ৰূপান্তৰিত কৰি দেখুৱাইছে। এই দলটোৱে ঝাবুৱাৰ এখন উদ্যানৰ জাবৰৰ পৰা আচৰিত ধৰণৰ শিল্পকৰ্ম সৃষ্টি কৰিছে। এই কামৰ বাবে তেওঁলোকে অঞ্চলটো চৌপাশৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা, ব্যৱহাৰ কৰা বটল, টায়াৰ আৰু পাইপ সংগ্ৰহ কৰে। এই শিল্পকৰ্মসমূহৰ ভিতৰত হেলিকপ্টাৰ, গাড়ী আৰু কামান আদিও আছে। ধুনীয়া ওলমি থকা ফুলৰ টবো তৈয়াৰ কৰা হৈছে। ইয়াত ব্যৱহৃত টায়াৰ ব্যৱহাৰ কৰি আৰামদায়ক এখন বেঞ্চ তৈয়াৰ কৰা হৈছে। এই অনাময় কৰ্মীৰ দলটোৱে কম ব্যৱহাৰ, পুনৰ ব্যৱহাৰ আৰু ৰিচাইকল মন্ত্ৰ গ্ৰহণ কৰিছে। তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই উদ্যানখন অতি ধুনীয়া দেখাবলৈ আৰম্ভ কৰিছে। এইখিনি চাবলৈ কেৱল স্থানীয় ৰাইজে নহয়, আশে-পাশে থকা জিলাসমূহত বসবাস কৰা লোকসকলেও ইয়াত উপস্থিত হৈছে।

বন্ধুসকল, মই সুখী যে আজি আমাৰ দেশৰ বহু ষ্টাৰ্ট আপ দলেও পৰিৱেশৰ প্ৰসাৰৰ বাবে এনে প্ৰচেষ্টাত যোগদান কৰিছে। ই-কনচিয়াছ(e-Conscious) নামৰ এটা দলে প্লাষ্টিকৰ আৱৰ্জনা ব্যৱহাৰ কৰি পৰিৱেশ অনুকূল সামগ্ৰী প্ৰস্তুত কৰি আছে। আমাৰ পৰ্যটনস্থলীত বিশেষকৈ পাহাৰীয়া অঞ্চলত সিঁচৰিত হৈ থকা জাবৰবোৰ দেখি তেওঁৰ মনলৈ এই ধাৰণাটো আহিছিল। এনে লোকৰ আন এটা দলে আৰম্ভ কৰিছে ইকোকাৰী(Ecokaari) নামৰ এটা ষ্টাৰ্ট-আপ। তেওঁলেকে প্লাষ্টিকৰ আৱৰ্জনাৰে বিভিন্ন ধুনীয়া বস্তু তৈয়াৰ কৰে।

বন্ধুসকল, পুতলাৰ পুনৰ ব্যৱহাৰ (Toy Recycling) এনেকুৱা আন এটা ক্ষেত্ৰ য’ত আমি একেলগে কাম কৰিব পাৰো। আপোনালোকেও জানে যে বহু শিশুৱে খেলনাবোৰত কিমান সোনকালে বিৰক্ত হয়, আনহাতে সেই খেলনাবোৰৰ সপোনক লালন-পালন কৰা ল’ৰা-ছোৱালীও আছে। আপোনাৰ সন্তানে আৰু খেলা নকৰা খেলনাবোৰ আপুনি এনে ঠাইত দান কৰিব পাৰে য’ত সেইবোৰ ব্যৱহাৰ কৰি থাকিব পাৰি। এয়াও পৰিবেশ ৰক্ষাৰ বাবে এক উত্তম উপায়। আমি সকলোৱে মিলি প্ৰচেষ্টা গ্ৰহণ কৰিলেহে পৰিৱেশ সবল হৈ উঠিব আৰু দেশৰো অগ্ৰগতি হ’ব।

মোৰ প্ৰিয় দেশবাসী, মাত্ৰ কেইদিনমানৰ আগতে আমি ১৯ আগষ্টত ৰাখীবন্ধন উৎসৱ পালন কৰিছিলো। সেইদিনা সমগ্ৰ বিশ্বতে ‘বিশ্ব সংস্কৃত দিৱসো’ উদযাপন কৰা হয়। আজিও সংস্কৃতৰ প্ৰতি মানুহৰ বিশেষ আকৰ্ষণ ভাৰত আৰু বিদেশত দেখা গৈছে। বিশ্বৰ বহু দেশত সংস্কৃত ভাষাৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষা চলি আছে। আমি আগবাঢ়ি যোৱাৰ আগতে আপোনালোকৰ বাবে এটা চুটি অডিঅ' ক্লিপ বজাইছো:

### অডিঅ’ ক্লিপ#####

বন্ধুসকল, এই অডিঅ'টো ইউৰোপৰ এখন দেশ লিথুৱেনিয়াৰ। তাত ৱিতিশ বিডুনাছে নামৰ এগৰাকী অধ্যাপকে এক অনন্য প্ৰচেষ্টা চলাইছে। তেওঁ ইয়াৰ নাম ৰাখিছে – ‘Sanskrit On the Rivers’। তাত নেৰিছ নদীৰ পাৰত এদল মানুহ গোট খাই বেদ-গীতা পাঠ কৰে। ইয়াত যোৱা কেইবছৰমানৰ পৰা এনে প্ৰচেষ্টা অব্যাহত আছে। আপুনিও সংস্কৃতক আগুৱাই নিয়াৰ বাবে এনে প্ৰচেষ্টা আগবঢ়াই নিয়া উচিত।

মোৰ প্ৰিয় দেশবাসী, আমাৰ সকলোৰে জীৱনত ফিটনেছৰ অতি গুৰুত্ব আছে। ফিট হৈ থাকিবলৈ আমি আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিব লাগিব। ফিটনেছৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে “ফিট ইণ্ডিয়া অভিযান” আৰম্ভ কৰা হৈছিল। আজি প্ৰতিটো বয়স আৰু শ্ৰেণীৰ লোকে সুস্থ হৈ থাকিবলৈ যোগাসনৰ আকোঁৱালি কৰিছে। মানুহে এতিয়া খাদ্যত ছুপাৰফুড বাজৰাৰ ঠাই দিবলৈ আৰম্ভ কৰিছে। এই সকলোবোৰ প্ৰচেষ্টাৰ লক্ষ্য হৈছে প্ৰতিটো পৰিয়াল যাতে সুস্থ হৈ থাকে।

বন্ধুসকল, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ দেশ আৰু তেওঁলোকৰ সকলোৰে ভৱিষ্যত নিৰ্ভৰ কৰে আমাৰ সন্তানৰ স্বাস্থ্যৰ ওপৰত আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে তেওঁলোকে উপযুক্ত পুষ্টি লাভ কৰি যোৱাটো গুৰুত্বপূৰ্ণ। শিশুৰ পুষ্টিৰ ক্ষেত্ৰত দেশে অগ্ৰাধিকাৰ দিছে। যদিও আমি গোটেই বছৰটো তেওঁলোকৰ পুষ্টিৰ প্ৰতি গুৰুত্ব দিওঁ, কিন্তু এমাহৰ বাবে দেশখনে বিশেষভাৱে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে প্ৰতি বছৰে ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত পুষ্টি মাহ পালন কৰা হয়। পুষ্টিৰ বিষয়ে মানুহক সজাগ কৰিবলৈ পুষ্টি মেলা, ৰক্তহীনতা শিবিৰ, নৱজাতকৰ ঘৰলৈ যোৱা, আলোচনা চক্ৰ, ৱেবিনাৰ আদি বহুতো পদ্ধতি গ্ৰহণ কৰা হয়। অংগনবাড়ীৰ অধীনত বহু ঠাইত মাতৃ আৰু সন্তান সমিতিও গঠন কৰা হৈছে। এই সমিতিখনে অপুষ্টিকৰ শিশু, গৰ্ভৱতী মহিলা আৰু নৱজাত শিশুৰ মাতৃক অনুসৰণ কৰে, তেওঁলোকৰ ওপৰত অহৰহ নিৰীক্ষণ কৰে আৰু তেওঁলোকৰ পুষ্টিৰ ব্যৱস্থা কৰে। বিগত বৰ্ষতো নতুন শিক্ষা নীতিৰ সৈতে পুষ্টি অভিযানৰ সম্পৰ্ক আছিল। এই অভিযান ‘পোষণ ভী পঢ়াই ভী’ৰ জৰিয়তে শিশুৰ সুষম বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আপুনিও নিজৰ অঞ্চলৰ পুষ্টি সজাগতা অভিযানত যোগদান কৰা উচিত। আপোনালোকৰ এটা সৰু প্ৰচেষ্টাই পুষ্টিহীনতাৰ বিৰুদ্ধে এই যুঁজত বহুখিনি সহায় কৰিব।

মোৰ প্ৰিয় দেশবাসী, ‘মন কী বাত’ৰ এই খণ্ডটো আজিলৈ ইমানেই। ‘মন কী বাত’ত আপোনালোকৰ লগত কথা পাতি সদায় ভাল লাগে। এনে লাগে যেন মই মোৰ পৰিয়ালৰ সদস্যৰ লগত বহি নিৰিবিলি পৰিবেশত মোৰ চিন্তাধাৰা শ্বেয়াৰ কৰিছো। মনৰ সৈতে সংযোগ স্থাপন কৰিছো। আপোনালোকৰ মতামত, আপোনাৰ পৰামৰ্শ মোৰ বাবে অতি মূল্যৱান। কেইদিনমানৰ পিছত বহু উৎসৱ আহি আছে। ইয়াৰ বাবে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। জন্মাষ্টমীৰ উৎসৱো আহিছে। অহা মাহৰ আৰম্ভণিতে গণেশ চতুৰ্থীৰ উৎসৱো আয়োজন কৰা হ’ব। ওনাম উৎসৱো ওচৰ চাপিছে। একেদৰে মিলাদ-উন-নবীৰ বাবেও সকলোকে অভিনন্দন জনাইছো।

বন্ধুসকল, চলিত মাহৰ ২৯ তাৰিখটো ‘তেলেগু ভাষা দিৱস’। সঁচাকৈয়ে এইটো এটা আচৰিত ভাষা। বিশ্বৰ সকলো তেলেগুভাষীলৈ তেলেগু ভাষা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

প্ৰপাঞ্চ ব্যাপ্তংগ উন্না,

তেলেগু ভেৰিকি,

তেলেগু ভাষা দিৱসৰ শুভেচ্ছা জনালোঁ।

বন্ধুসকল, আপোনালোক সকলোকে এই বাৰিষাৰ সময়ত সাৱধান হ'বলৈ আৰু লগতে 'বৰষুণৰ পানী ধৰা আন্দোলন'ৰ অংশ হ'বলৈ পুনৰ অনুৰোধ জনালোঁ। আপোনালোক সকলোকে ‘এক পেড় মা কে নাম’ অভিযানৰ কথা সোঁৱৰাই দিব বিচাৰিছো। যিমান পাৰি সিমান গছপুলি ৰোপণ কৰক আৰু আনকো একে কাম কৰিবলৈ আহ্বান জনাওক। কেইদিনমানৰ পাছতে পেৰিছত আৰম্ভ হ’ব পেৰালিম্পিক। আমাৰ দিব্যাংগ ভাই-ভনীসকলে তাত গৈ উপস্থিত হৈছে। ১৪০ কোটি ভাৰতীয়ই আমাৰ খেলুৱৈসকলক উৎসাহিত কৰিছে। আপুনিও #cheer4bharatৰ জৰিয়তে খেলুৱৈসকলক উৎসাহিত কৰক। অহা মাহত আমি পুনৰ মিলিত হৈ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিম। আজিলৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। আপোনালোক সকলোকে অশেষ ধন্যবাদ। নমস্কাৰ।

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s maternal mortality drops nearly 80% since 1990: Global study

Media Coverage

India’s maternal mortality drops nearly 80% since 1990: Global study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi’s speech sparks massive enthusiasm in Palakkad, Keralam
March 29, 2026
A BJP-NDA government in Keralam will ensure rapid development. This is Modi’s guarantee: PM Modi in Palakkad
The track record of the Congress and the Left shows that wherever they come to power, everything deteriorates: PM Modi
In Palakkad, PM Modi says that both the UDF and LDF are targeting the BJP because they fear the party will expose their past misdeeds
If the BJP comes to power, all the scams perpetrated by the LDF and UDF will be thoroughly investigated, and justice will be served: PM

Prime Minister Narendra Modi today addressed a massive public gathering in Palakkad, highlighting the growing momentum for change in Keralam and expressing confidence in the rising support for the BJP-led NDA in the state. “I can clearly see a different atmosphere in the state this time. Keralam is sending a message of change,” he said.

Opening his address, the Prime Minister remarked, “The growing popularity of the NDA, the increasing trust in the BJP, and the overwhelming enthusiasm and presence of people here in Palakkad show that the mood of Keralam has now transformed into a movement.” He further emphasized, “Today, the youth, the women and the farmers of Keralam place their faith in the BJP and NDA.”

The PM credited this shift to the people of Keralam and the dedication of party karyakartas. “This transformation is the result of the blessings of the people of Kerala and the tireless efforts of lakhs of BJP karyakartas. Many of our karyakartas have sacrificed their lives due to political violence. I pay my heartfelt tribute to all of them,” he said.

Launching a sharp attack on both the LDF and UDF, PM Modi stated, “For decades, Keralam has been trapped between two faces of selfish politics -LDF and UDF. One is corrupt, the other is more corrupt. One is communal, the other is more communal. Their policies revolve only around vote bank politics, with no concern for Keralam’s development.”

Highlighting what he termed a 'tacit understanding' between the two alliances, the PM added, “For years, LDF and UDF have taken turns to rule and loot. Now both are targeting the BJP, which shows they fear us. They know that once BJP comes to power, their corruption will be exposed.” He asserted that a future NDA government would investigate all scams and deliver justice to the people of Keralam.

PM Modi also pointed to the developmental support extended by the Centre, stating that Keralam has received significantly higher funds in the last decade compared to previous regimes. However, he criticized the state government for poor utilization of these funds.

On development and employment, PM Modi highlighted the state’s immense potential but lamented the lack of industrial growth and job opportunities, which has led to migration. He contrasted this with initiatives taken by the Centre in Palakkad, including the establishment of an IIT, infrastructure upgrades and plans for a smart industrial city.

Focusing on women-led development, PM Modi said, “Empowering women has been a priority for the BJP. From financial inclusion to healthcare and housing, women are at the center of our schemes. We have also ensured greater political participation through the Nari Shakti Vandan Adhiniyam.”

PM Modi exposed Congress misconduct and raised concerns about women’s safety. He said, “In Palakkad, Congress leaders have increasingly posed a safety concern for women. Just yesterday, the party expelled another leader over allegations of exploiting a woman. This reveals an uncomfortable truth about these parties, one that the women of Keralam should be well aware of.”

He also addressed farmers’ concerns, particularly delays in paddy procurement and payments, and highlighted the benefits provided under central schemes like PM-KISAN.

Touching upon global developments, the Prime Minister reassured citizens about the government’s efforts to safeguard Indians abroad amid ongoing conflicts in West Asia. He stressed that the safety and interests of Indian citizens remain the top priority of the NDA government.

“Since the outbreak of the conflict, I have been in constant touch with world leaders. The safety of Indians in affected regions is our top priority, with our embassies working round the clock to ensure their well-being. For the BJP-NDA government, the security of every Indian is paramount. However, the kind of statements being made by the Congress on this sensitive issue are dangerous, as they risk the safety of nearly one crore Indians in Gulf countries for political gain,” he said.

Concluding his address, PM Modi reiterated the vision for a “Viksit Keralam.” “Our resolve is clear- development, dignity and opportunity for every citizen. NDA guarantees an end to forced migration, respect for every youth’s talent, and development free from corruption and political interference. The kind of transformation seen in the rest of India will now be visible in Keralam as well,” he said.