With efforts of every Indian over last 7-8 months, India is in a stable situation we must not let it deteriorate: PM Modi
Lockdown may have ended in most places but the virus is still out there: PM Modi
Government is earnestly working towards developing, manufacturing and distribution of Covid-19 vaccine to every citizen, whenever it is available: PM

মোৰ মৰমৰ দেশবাসীসকল!

নমস্কাৰ!

ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধখনত জনতা কাৰ্ফিউৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত আমি সকলো ভাৰতবাসীয়ে সুদীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিছো৷ সময়ৰ সৈতে আৰ্থিক গতিবিধিও ধীৰে ধীৰে দ্ৰুত হৈছে৷ আমাৰ অধিকাংশ লোকে নিজৰ দায়িত্ব পালনৰ বাবে, পুনৰ জীৱনক গতি প্ৰদান কৰাৰ বাবে নিতৌ ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া হৈছে৷ উৎসৱৰ এই বতৰত বজাৰতো খদম-দম বৃদ্ধি পাইছে৷ কিন্তু আমি এয়া পাহৰিব নালাগিব যে লকডাউন নাথাকিলেও ভাইৰাছ কিন্তু যোৱা নাই৷ বিগত ৭-৮ মাহত প্ৰত্যেক ভাৰতীয়ৰ প্ৰয়াসৰ দ্বাৰা ভাৰত আজি যি পৰিস্থিতিত আছে সেই পৰিস্থিতিক নষ্ট হ’বলৈ দিব নালাগিব আৰু ইয়াক অধিক উন্নত কৰিব লাগিব৷

আজি দেশৰ আৰোগ্যৰ হাৰ উন্নত হৈছে, মৃত্যুৰ হাৰ কম হৈছে৷ ভাৰতত প্ৰতি দহ লাখ জনসংখ্যাত ৫৫০০ লোকৰ ক’ৰোনা হোৱাৰ বিপৰীতে আমেৰিকা আৰু ব্ৰাজিলৰ দৰে দেশত এই সংখ্যা ২৫ হাজাৰৰ ওচৰা-ওচৰি হৈছে৷ ভাৰতত প্ৰতি দহ লাখত মৃত্যুৰ হাৰ ৮৩ হোৱাৰ বিপৰীতে আমেৰিকা, ব্ৰাজিল, স্পেইন, ব্ৰিটেইনৰ দৰে দেশত এই সংখ্যাই ৬০০ৰ সীমা অতিক্ৰম কৰিছে৷ বিশ্বৰ অন্যান্য উন্নত দেশৰ তুলনাত ভাৰতে অধিক সংখ্যক নাগৰিকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ আজি আমাৰ দেশত ক’ৰোনা ৰোগীৰ বাবে ৯০ লাখতকৈও অধিক বিচনাৰ সুবিধা আছে৷ ১২,০০০ কোৱাৰেণ্টিন কেন্দ্ৰ আছে৷ ক’ৰোনা পৰীক্ষণৰ বাবে প্ৰায় ২০০০টা লেব আছে৷ দেশত পৰীক্ষণৰ সংখ্যা অতি শীঘ্ৰেই ১০ কোটিৰ সীমা অতিক্ৰম কৰিব৷ ক’ভিড মহামাৰীৰ বিৰুদ্ধে এই যুঁজত পৰীক্ষণ সংখ্যা বৃদ্ধি হোৱাৰ দ্বাৰা আমাৰ শক্তি বৃদ্ধি হৈছে৷

সেৱাই পৰম ধৰ্ম মন্ত্ৰৰে দীক্ষিত হৈ আমাৰ চিকিৎসক, আমাৰ নাৰ্চ, আমাৰ স্বাস্থ্য কৰ্মী, আমাৰ সুৰক্ষা কৰ্মী আৰু সেৱাভাৱেৰে কাম কৰা লোকসকলে এনে বৃহৎ আবাদীৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি আছে৷ তেওঁলোকৰ এই প্ৰয়াসৰ মাজত এই সময়খিনিত অবিবেচক হ’ব নালাগিব৷ ক’ৰোনা গুচি গ’ল বা এতিয়া ক’ৰোনাৰ পৰা  কোনো ভয় নাই, এয়া মানি লোৱাৰ এয়া সময় নহয়৷ অলপতে আমি বহু আলোকচিত্ৰ,ভিডিঅ’ দেখিছো য’ত স্পষ্টকৈ দেখা গৈছে যে জনসাধাৰণতে সাৱধানতা অৱলম্বন পৰিহাৰ কৰিছে অথবা ইয়াৰ পৰিমাণ কমাই দিছে৷ এয়া একদমেই ঠিক নহয়৷ যদি আপোনালোকে অসাৱধানতা প্ৰদৰ্শন কৰে, মাস্ক অবিহনে বাহিৰলৈ ওলাই আহে তেন্তে আপোনালোকে নিজকে, নিজৰ পৰিয়ালক, নিজৰ পৰিয়ালৰ শিশুসকলক, বয়স্ক ব্যক্তিসকলক সংকটৰ মুখলৈ ঠেলি দিছে৷ মনত ৰাখিব, আজি আমেৰিকাই হওক অথবা ইউৰোপৰ কোনো দেশেই হওক, এই দেশসমূহত ক’ৰোনাৰ সংখ্যা কমিবলৈ ধৰিছিল যদিও হঠাতে উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷

বন্ধুসকল, সন্ত কবীৰদাসে কৈছে- পকী খেতি দেখিকে, গৰব কিয়া কিসান৷ অজহু ঝোলা বহুত হে, ঘৰ আৱে তব জান৷ অৰ্থাৎ বহু সময়ত, আমি পকা ফচল দেখি অতি আত্মবিশ্বাসী হৈ পৰো আৰু ভাবো যে কাম হৈ গ’ল৷ কিন্তু যেতিয়ালৈ ফচল ঘৰ আহি নাপায় তেতিয়ালৈ কাম সম্পূৰ্ণ হোৱা বুলি ভাবিব নালাগে৷ এয়াই কবীৰদাসে কৈ গৈছে৷ অৰ্থাৎ সফলতা প্ৰাপ্তি নোহোৱালৈ অসাৱধান হ’ব নালাগে৷

বন্ধুসকল, যেতিয়ালৈ এই মহামাৰীৰ প্ৰতিষেধক নোলায় তেতিয়ালৈ আমি আমাৰ যুদ্ধ নিস্তেজ হ’বলৈ দিব নোৱাৰো৷ ইমান বৰ্ষৰ পিছত আমি দেখিবলৈ পাইছো যে মানৱ সমাজক ৰক্ষা কৰিবলৈ যুদ্ধকালীন গতিত সমগ্ৰ বিশ্বতে প্ৰয়াস হৈছে৷ অনেক দেশে ইয়াৰ বাবে কাম কৰি আছে৷ আমাৰ দেশৰ বৈজ্ঞানিকসকলেও প্ৰতিষেধকৰ বাবে প্ৰাণে-পণে প্ৰয়াস কৰিছে৷ ভাৰতত এতিয়া ক’ৰোনাৰ অনেক প্ৰতিষেধকৰ ওপৰত কাম চলি আছে৷ ইয়াৰ কিছুমান এডভান্স পৰ্যায়ত আছে৷

বন্ধুসকল, ক’ৰোনাৰ প্ৰতিষেধক যেতিয়া উপলব্ধ হ’ব তেতিয়া ইয়াক প্ৰত্যেক ভাৰতীয়ৰ বাবে উপলব্ধ কেনেকৈ কৰি তোলা হ’ব তাৰ বাবে চৰকাৰে প্ৰস্তুতি চলাই আছে৷ প্ৰত্যেকজন নাগৰিকে যাতে এই প্ৰতিষেধক লাভ কৰে তাৰ বাবে দ্ৰুত গতিত কাম চলি আছে৷ বন্ধুসকল, ৰামচৰিত মানসত বহু শিকিবলগীয়া কথা আছে৷ কিন্তু তাতে বহু সাৱধান বাণীও আছে৷ ৰিপু ৰুজ পাৱক পাপ, প্ৰভু অহি গনিঅ ন ছোট কৰি৷ অৰ্থাৎ অগ্নি, শত্ৰু, পাপ অৰ্থাৎ ভুল আৰু ৰোগক কেতিয়াও সৰু বুলি ভাবিব নালাগে৷ যেতিয়ালৈ ইয়াৰ সম্পূৰ্ণ প্ৰতিকাৰ নহয় তেতিয়ালৈ ইয়াক পাতলীয়া ভাৱত ল’ব নালাগে৷ সেয়ে মনত ৰাখক, যেতিয়ালৈ দৰৱ নোলায়, তেতিয়ালৈ সাৱধানে থাকক৷ উৎসৱৰ সময়ছোৱা জীৱনৰ সুখৰ সময়, উল্লাসৰ সময়৷

এক কঠিন সময়ৰ পৰা বাহিৰলৈ ওলাই আমি আগবাঢ়িছো, সামান্যতমো অসাৱধানতাই আমাৰ গতি ৰোধ কৰিব পাৰে, আমাৰ সুখ ধূলিসাৎ কৰিব পাৰে৷ জীৱনৰ দায়িত্ব পালন কৰা আৰু সতৰ্কতা, এই দুয়োটাৰ সৈতে আগবাঢ়িলেহে জীৱনত সুখ হ’ব৷ দুই গজৰ দূৰত্ব, সময়ে সময়ে চাবুনেৰে হাত ধোৱা আৰু মাস্ক পিন্ধাৰ প্ৰতি গুৰুত্ব দিয়ক৷ আৰু মই আপোনালোকক হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছো, আপোনালোকক মই সুৰক্ষিত দেখিবলৈ বিচাৰো, আপোনালোকৰ পৰিয়ালক মই সুখী দেখিবলৈ বিচাৰো৷ এই উৎসৱে আপোনালোকৰ জীৱনলৈ উৎসাহ আৰু উদ্দীপনা কঢ়িয়াই আনক, মই  এনে বাতাৱৰণ বিচাৰিছো আৰু সেইবাবে মই প্ৰত্যেকবাৰ সকলো দেশবাসীকে এই আহ্বান জনাইছো৷

মই আজি আমাৰ সংবাদ মাধ্যমৰ সতীৰ্থ সকলক, ছ’চিয়েল মিডিয়াত যিসকল লোক সক্ৰিয় হৈ আছে, তেওঁলোককো আহ্বান জনাইছো যে সজাগতা প্ৰদানৰ বাবে, এই নিয়মসমূহৰ পালনৰ বাবে যিমানেই বেছি জন জাগৰণ অভিযান চলাব সিমানেই দেশৰ সেৱা হ’ব৷ আপোনালোকে আমাক সহযোগিতা প্ৰদান কৰক, দেশৰ কোটি কোটি জনসাধাৰণক সহযোগিতা কৰক৷ মোৰ মৰমৰ দেশবাসীসকল, সুস্থ হৈ থাকক, দ্ৰুত গতিত আগবাঢ়ক আৰু সকলোৱে মিলি দেশখনক আগুৱাই লৈ যাওক৷  এই শুভকামনাৰ সৈতে নৱৰাত্ৰী, দশেৰা, ঈদ, দিপাৱলী, ষঠ পুজা, গুৰুনানক জয়ন্তী সহিতে সকলো উৎসৱৰ বাবে সকলো দেশবাসীলৈ পুনৰবাৰ শুভেচ্ছা জনাইছো৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Foxconn hires 30,000 staff at new, women-led iPhone assembly unit

Media Coverage

Foxconn hires 30,000 staff at new, women-led iPhone assembly unit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister holds a telephone conversation with the Prime Minister of New Zealand
December 22, 2025
The two leaders jointly announce a landmark India-New Zealand Free Trade Agreement
The leaders agree that the FTA would serve as a catalyst for greater trade, investment, innovation and shared opportunities between both countries
The leaders also welcome progress in other areas of bilateral cooperation including defence, sports, education and people-to-people ties

Prime Minister Shri Narendra Modi held a telephone conversation with the Prime Minister of New Zealand, The Rt. Hon. Christopher Luxon today. The two leaders jointly announced the successful conclusion of the historic, ambitious and mutually beneficial India–New Zealand Free Trade Agreement (FTA).

With negotiations having been Initiated during PM Luxon’s visit to India in March 2025, the two leaders agreed that the conclusion of the FTA in a record time of 9 months reflects the shared ambition and political will to further deepen ties between the two countries. The FTA would significantly deepen bilateral economic engagement, enhance market access, promote investment flows, strengthen strategic cooperation between the two countries, and also open up new opportunities for innovators, entrepreneurs, farmers, MSMEs, students and youth of both countries across various sectors.

With the strong and credible foundation provided by the FTA, both leaders expressed confidence in doubling bilateral trade over the next five years as well as an investment of USD 20 billion in India from New Zealand over the next 15 years. The leaders also welcomed the progress achieved in other areas of bilateral cooperation such as sports, education, and people-to-people ties, and reaffirmed their commitment towards further strengthening of the India-New Zealand partnership.

The leaders agreed to remain in touch.