Impact and Influence of Swami Vivekananda Remains Intact in Our National life: PM
Exhorts Youth to Contribute Selflessly and Constructively in Politics
Political Dynasty is the Major Cause of Social Corruption: PM

নমস্কাৰ!

মই সৰ্ব প্ৰথমে এই তিনিজন যুৱকক হৃদয়েৰে অভিনন্দন জনাইছো, তেওঁলোকে অতিশয় উত্তম ধৰণে, য’ত চিন্তাধাৰা আছিল, বক্তৃতা কলা আছিল, ধাৰাপ্ৰবাহ, বিচাৰ প্ৰবাহ অতিশয় সঠিক ধৰণে প্ৰস্তুতি আছিল৷ আত্মবিশ্বাসেৰে ভৰা তেওঁলোকৰ ব্যক্তিত্ব আছিল৷ এই তিনিজন সতীৰ্থক, আমাৰ যুৱ সতীৰ্থ বিজয়ী হোৱাৰ বাবে হৃদয়েৰে অভিনন্দন জনাইছো৷ লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাজী, শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল নিশাংকজী, খেল আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুজী আৰু দেশৰ সমূহ যুৱ বন্ধু, আপোনালোক সকলোলৈ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ অলেখ অভিনন্দন জনাইছো৷

স্বামী বিবেকানন্দৰ জন্মজয়ন্তীৰ এই দিনটোৱে আমাক সকলোকে নতুন প্রেৰণা যোগায়। আজিৰ দিনটো এইভাৱেই বিশেষ, কাৰণ এই বছৰটোত এই যুৱ সংসদ দেশৰ সংসদ ভৱনৰ চেণ্ট্ৰেল হ’ল-ত অনুষ্ঠিত হৈছে। এই চেণ্ট্ৰেল হ’ল আমাৰ সংবিধান ৰচনাৰ সাক্ষী। দেশৰ অনেক মহান ব্যক্তিত্বই ইয়াত স্বাধীন ভাৰতৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল, ভাৰতৰ ভবিষ্যতৰ বাবে ভাবনা-চিন্তা কৰিছল, ভাবী ভাৰতৰ বাবে তেওঁলোকৰ স্বপ্ন, সমর্পণ, সাহস, সামর্থ্য, প্রচেষ্টা – এই সকলো কিছু আজিও যিকোনো মানুহ এই চেণ্ট্ৰেল হ’ল-ত প্ৰৱেশ কৰিলে অনুভৱ কৰিব। আৰু বন্ধুসকল, যেতিয়া সংবিধান ৰচনাৰ প্রক্রিয়া জাৰি কৰা হৈছিল, আপোনালোক এতিয়া যি ঠাইত বহি আছে সেই আসনসমূহতে এই দেশৰ কোনোবা নহয় কোনোবাজন গণ্যমান্য মহাপুৰুষ নিশ্চিতভাবেই সেই ঠাইতেই বহিছিল, আৰু আজি আপোনালোক সেই আসনসমূহতে বহি আছে। কল্পনা কৰক, যি স্থানতে দেশৰ সেই মহাপুৰুষ বহিছিল, আজি সেই স্থানতে আপোলোক বহি আছে। আপোনালোকৰ ওপৰত দেশৰ অনেক প্রত্যাশা! আমাৰ দৃঢ় বিশ্বাস, এই অভিজ্ঞতাৰ সৈতে এই সময়ই চেণ্ট্ৰেল হ’ল-ত বহি থকা সমস্ত নবীন বন্ধুৱে এই প্রত্যাশাৰ চাপ অনুভৱ কৰিছে।

আপোনালোক সকলোৱে ইয়াত যি আলাপ-আলোচনা কৰিছে, মন্থন কৰিছে, সেয়াও অত্যন্ত গুৰুত্বপূর্ণ। এই আলাপ-আলোচনাৰ মাধ্যমত যি প্রতিযোগিতা, তাতে যি বিজয়ী হৈছে, তেওঁলোকক মই অভিনন্দন জনাইছো, আন্তৰিক শুভকামনা জনাইছো। আৰু ইয়াত মই যেতিয়া আপনালোকৰ কথা শুনিছিলো, মোৰ ভাল লাগিছিল, মনত ভাৱ হৈছিল যে তেতিয়াই আপনালোকৰ ভাষণসমূহ আজি আমাৰ টুইটাৰ হেণ্ডেলত টুইট কৰিবলৈ। আৰু আপোনালোক তিনিজনৰতো কৰিমেই। এইদৰে নহ’লে, যদি ৰেকর্ডেড মেটেৰিয়াল থাকে তেন্তে ভাল, ন’হলে আমাৰ কালি যি ফাইনেল পেনেলে আছিল, তেওঁলোকৰো ভাষণো টুইট কৰিম, যাতে দেশবাসীয়ে জানিব পাৰে যে সংসদৰ এই পৰিসৰত আমাৰ ভৱিষ্যৎ প্রজন্মৰ মানসিকতাই ভাবী ভাৰতক কিদৰে আকাৰ প্ৰদান কৰিছে! আমাৰ বাবে এটি অত্যন্ত গর্বৰ বিষয় যে আজি মই আপোনালোকৰ ভাষণ টুইট কৰিম।

বন্ধুসকল,

স্বামীজীয়ে দেশ আৰু সমাজক যি দিছে সেইসমূহে সময় আৰু স্থানৰ সীমাৰ ঊৰ্ধত প্রত্যেক প্রজন্মক প্রেৰণা যোগায়, পথ দেখুৱায়। আপোনালোকে হয়তো লক্ষ্য কৰিছে, ভাৰতৰ এনে কোনো গাঁও নাই, এনে কোনো চহৰ নাই, এনে কোনো ব্যক্তি নাই, যি স্বামীজীক নিজৰ সৈতে যুক্ত অনুভৱ কৰিব নোৱাৰে, তেওঁৰ পৰা প্রেৰণা নাপায়। স্বামীজীৰ প্রেৰণাই স্বাধীনতা সংগ্রামতো নতুন প্রাণশক্তি জগাইছিল। দাসত্বৰ দীর্ঘ সময়কালত যিসকলে ভাৰতক নিজস্ব হাজাৰ হাজাৰ বছৰৰ শক্তিৰ অনুভৱৰ পৰা দূৰত ৰাখিছিল, স্বামী বিবেকানন্দই ভাৰতক সেই শক্তি স্মৰণ কৰাইছিল, অনুভৱ কৰাইছিল, মানুহৰ মন আৰু মস্তিষ্কৰ সামর্থ্যক পুনৰুজ্জীবিত কৰিছিল, জাতীয় চেতনাক জাগ্রত কৰিছিল। আপোনালোকে জানি অবাক হ’ব যে সেই সময়ত বিপ্লৱৰ পথ আৰু শান্তিৰ পথ – এই দুই স্বতন্ত্র ধৰণৰ স্বাধীনতা সংগ্রাম চলিছিল। কিন্তু উভয় পথৰ স্বাধীনতাৰ সেনানীসকলে কোনোবা নহয় কোনোবা ভাবে স্বামী বিবেকানন্দৰ প্রেৰণাৰে উজ্জীৱিত আছিল। তেওঁলোকৰ গ্রেপ্তাৰৰ সময়ত, ফাঁচীৰ সময়ত পুলিচে তালাচী চলাই স্বামীজীৰ লেখা কিতাপ কিম্বা বাণী পাইছিল। সেইসময়ৰ শাসকদলে এই লৈ গৱেষণা কৰিছিল যে স্বামী বিবেকানন্দৰ দর্শনত এনে কি আছে যি মানুহক দেশভক্তি, ৰাষ্ট্র নির্মাণ তথা স্বাধীনতাৰ বাবে আত্মবলিদানৰ প্রেৰণা জগাইছে, প্রত্যেক নবীনৰ মস্তিষ্কক প্রভাৱিত কৰিছিল। সময় আগবাঢ়ি গৈছে, দেশ স্বাধীন হৈছে, কিন্তু আমি আজিও দেখা পাইছো যে স্বামীজী আমাৰ মাজতেই আছে, প্রতি মুহূর্তে আমাক প্রেৰণা দিছে, তেওঁৰ প্রভাৱ আমাৰ ভাবনা-চিন্তাই ক’ৰবাত নহয় ক’ৰবাত পৰিলক্ষিত হয়। আধ্যাত্মিকতাৰ বিষয়ে তেওঁ যি কৈছিল, ৰাষ্ট্রবাদ-ৰাষ্ট্রনির্মাণ-ৰাষ্ট্রহিতক লৈ তেওঁ যি কৈছিল, জনসেৱাৰ পৰা আৰম্ভ কৰি জগৎসেৱাক লৈ তেওঁৰ যি ভাবনা - সেইসমূহে আজিও আমাৰ মনমন্দিৰত তীব্রভাৱে প্রবাহিত হয়। মোৰ দৃঢ় বিশ্বাস, আপোনালোকৰ মাজতো অৱশ্যেই এই অনুভব কৰে। ক’ৰবাত বিবেকানন্দজীৰ ছবি দেখিলে নিজৰ অজানিতেই মনৰ মাজত এটি শ্রদ্ধাৰ ভাৱ জাগি উঠে। শিৰনত কৰি প্রণাম কৰাৰ ইচ্ছা হয়। এই অনুভৱ নিশ্চয় আপোনালোকৰো হয়।

বন্ধুসকল,

স্বামী বিবেকানন্দই আৰু এটি অমূল্য উপহাৰ দিছে। এই উপহাৰ হ’ল ব্যক্তিত্ব গঠন তথা সংস্থাৰ নির্মাণক লৈ তেওঁৰ অসাধাৰণ দর্শন। এই বিষয়ে খুব কম আলোচনা হয়, কিন্তু তেওঁৰ সৃষ্টিসমূহ অধ্যয়ন কৰিলে দেখা পাব যে স্বামী বিবেকানন্দই এনে সকলো সংস্থাৰ জন্ম দিছে, এনে সকলো সংস্থাক আগুৱাই নিছে যিসমূহে আজিও খুব ভালধৰণে ব্যক্তিত্ব নির্মাণৰ কাম কৰিছে। তেওঁলোকপ শিষ্টাচাৰ, সেৱাভাৱ আৰু সমর্পণভাৱ নিৰন্তৰে উদ্ভাসিত হৈছে। ব্যক্তিৰ পৰা সংস্থাৰ নির্মাণ তথা সংস্থাৰ জৰিয়তে অনেক ব্যক্তিৰ জীৱন গঢ়ি তোলা, এটি এটি নিৰৱচ্ছিন্ন অবাধিত চক্র, যি নিৰন্তৰে আগুৱাই যায়। মানুহ স্বামীজীৰ দর্শনত প্রভাৱিত হয়, সংস্থা নির্মাণৰ প্রেৰণা গ্রহণ কৰে, সংস্থা নির্মাণ কৰে, তাৰপিছত সেই সংস্থাসমূহৰ জৰিয়তে সেই ব্যৱস্থাৰ পৰা প্রেৰণা লৈ আদর্শত অনুপ্রাণিত হৈ পৰস্পৰৰ প্রতি সমাদৰ ভাবনাৰ যি পথ স্বামীজীয়ে দেখুৱাইছে, সেই পথত আগুৱাই নতুন নতুন মানুহে নিজকে তেওঁৰ সৈতে যুক্ত কৰি আগুৱাই যায়। ব্যক্তিৰ পৰা সংস্থা আৰু সংস্থাৰ পৰা পুনৰ ব্যক্তি - এই চক্র আজিও ভাৰতৰ বৃহৎ শক্তি। আপোনালোকে শিল্পোদ্যোগীৰ কথা অনেক শুনিছে, তেওঁলোকো এনেকুৱাই। এজন এজন মেধাৱী ব্যক্তিয়ে এটা এটা সুন্দৰ কোম্পানী তৈয়াৰ কৰি পেলাইছে। পৰৱর্তী সময়ত সেই কোম্পানীত যি ব্যৱস্থা গঢ়ি উঠিছে তাৰ ফলত তাৰ পৰা আৰু অনেক মেধাৱী গঢ়ি উঠিব। সেই ব্যক্তিসকলেও পৰৱর্তীকালত আৰু নতুন কোম্পানী তৈয়াৰ কৰিব। ব্যক্তি আৰু সংস্থাৰ এই চক্র দেশ তথা সমাজৰ প্রত্যেক ক্ষেত্রত, প্রত্যেক স্তৰৰ বাবে সিমানেই গুৰুত্বপূর্ণ।

বন্ধুসকল,

আজি দেশত যি নতুন জাতীয় শিক্ষানীতি প্ৰৱৰ্তন হৈছে, তাতেও উন্নত ব্যক্তি গঢ়ি তোলাক অগ্রাধিকাৰ দিয়া হৈছে। ব্যক্তি গঢ়ি তোলাৰ জৰিয়তে দেশ গঢ়াৰ এই নীতি, নবীন প্রজন্মৰ ইচ্ছা, দক্ষতা, ভাবনা-চিন্তা, তেওঁলোকৰ সিদ্ধান্তসমূহক সর্বোচ্চ অগ্রাধিকাৰ দিয়া হয়।

বন্ধুসকল,

আজি দেশত এনে এটি ব্যৱস্থা গঢ়ি তোলা হৈছে যাৰ দ্বাৰা আমাৰ যুৱ সম্প্রদায়ে প্রায়েই বিদেশলৈ গুচি যায়। তাৰে আধুনিক শিক্ষা, উন্নত বাণিজ্যিক সুযোগ-সুবিধা, মেধাক চিহ্নিত কৰা তথা সম্মান প্রদানৰ ব্যৱস্থাই তেওঁলোকক স্বাভাৱিকভাবেই আকর্ষিত কৰে। যদি দেশতেই এই ব্যৱস্থা আমাৰ যুৱ বন্ধুসকলে লাভ কৰে তেন্তে তেওঁলোকে আৰু বিদেশলৈ নাযাব। সেইবাবে আমি দায়ৱদ্ধতাৰ সৈতে তেনে ধৰণৰ পৰিবেশ গঢ়ি তোলাৰ চেষ্টা কৰিছো। আমাৰ নবীন প্রজন্মই যেন উন্মুক্তভাৱে তেওঁলোকৰ প্রতিভা, তেওঁলোকৰ স্বপ্ন অনুসৰি নিজকে বিকশিত কৰিব পাৰে, তাৰবাবে আজি এটা পৰিবেশ প্ৰস্তুত কৰা হৈছে, ব্যৱস্থা প্ৰস্তুত কৰা হৈছে। শিক্ষা ব্যৱস্থৰ পৰা আৰম্ভ কৰি সমাজ ব্যৱস্থা, আইনৰ খুঁটিনাটি সংশোধন – সমস্ত ক্ষেত্রত এই বিষয়টিক কেন্দ্রত ৰখা হৈছে। স্বামীজীয়ে যি বিষয়সমূহত গুৰুত্ব দিছিল, সেইসমূহ আমি কেতিয়াও পাহৰা উচিত নহয়। তেওঁ সকলো সময়তে কৈছিল, জোৰ দি কৈছিল যে শাৰীৰিক শক্তি তথা মানসিক শক্তি দুয়োটাতেই জোৰ দিয়া উচিত। তেওঁ কৈছিল, ‘লোহাৰে তৈয়াৰী পেশী আৰু ইস্পাতেৰে তৈয়াৰী স্নায়ুতন্ত্র!’ তেওঁৰ প্রেৰণাতে আজি ভাৰতৰ যুৱ সম্প্রদায়ে শাৰীৰিক তথা মানসিক সুস্থতাৰ দিশত বিশেষ অগ্রাধিকাৰ দি আগবাঢ়িছে। ফিট ইণ্ডিয়া মুভমেন্টৰ পৰা আৰম্ভ কৰি যোগৰ প্রতি সচেতনতা, ক্রীড়া বিষয়ক আধুনিক পৰিকাঠামো নির্মাণ, - এই আটাইবোৰে নবীন প্রজন্মক মানসিক তথা শাৰীৰিক দিশৰ পৰা সুদৃঢ় কৰি তুলিছে।

বন্ধুসকল,

আজকালি আপোনালোকে সঘনাই কিছু শব্দ হয়তো শুনা পায় যেনে, পাৰ্ছনেলিটি ডেভেলপমেন্ট, টীম মেনেজমেন্ট। স্বামী বিবেকানন্দক ভালদৰে অধ্যয়ন কৰিলে এই শব্দসমূহৰ অৰ্থ খুব সহজভাৱে বুজিব পাৰি। পাৰ্ছনেলিটি ডেভেলপমেন্টক লৈ তেওঁৰ মন্ত্র আছিল নিজক ভৰসা কৰা, নিজৰ ওপৰত বিশ্বাস ৰাখা। নেতৃত্বক লৈ তেওঁৰ মন্ত্র আছিল সকলোকে বিশ্বাস কৰা। তেওঁ কৈছিল, "পুৰণি ধর্ম অনুসাৰে তেঁৱেই নাস্তিক যিয়ে ঈশ্বৰক ভৰসা নকৰে। কিন্তু নতুন ধর্মমতে নাস্তিক তেঁৱেই যিয়ে নিজৰ ওপৰত ভৰসা নাৰাখে।" আৰু যেতিয়াই নেতৃত্বৰ প্রসংগ উত্থাপন হয় তেওঁ নিজৰ আগেয়ে নিজৰ টীমক স্থান দিছিল। মই ক’ৰবাত পঢ়িছিলো, সেই গল্পটোও আপোনালোকক শুনাবলৈ বিচাৰিছো। এবাৰ স্বামীজী তেওঁৰ সতীৰ্থ স্বামী সাৰদানন্দজীৰ সৈতে লণ্ডনলৈ এক ৰাজহুৱা ভাষণৰ বাবে গৈছিল। সমস্ত প্রস্তুতি হৈ গৈছিল। শ্রোতাসকল আহি হাজিৰ হৈছিল আৰু এইটো স্বাভাৱিক যে প্রত্যেকেই স্বামী বিবেকানন্দৰ বক্তব্য শুনাৰ বাবে আকর্ষিত হৈয়েই তালৈ আহিছিল। কিন্তু যেতিয়াই কথা কোৱাৰ সময় হল, তেতিয়া স্বামীজীয়ে ক’লে যে আজি ভাষণ তেওঁ নহয়, তেওঁৰ সহযোগী সাৰদানন্দজীয়ে ভাষণ দিব। সাৰদানন্দজীও ভবা নাছিল যে হঠাৎ তেওঁৰ ওপৰত এই দায়িত্ব পৰিব। তেওঁ নিজেও ইয়াৰ বাবে প্রস্তুত নাছিল। কিন্তু যেতিয়াই সাৰদানন্দজীয়ে ভাষণ দিয়া আৰম্ভ কৰিলে, তেতিয়া প্রত্যেকেই চমকি উঠিল, তেওঁৰ বক্তব্যত প্রভাৱিত হ’ল। ইয়াকেই কোৱা হয় নেতৃত্ব। আৰু নিজৰ দলৰ সদস্যৰ ওপৰত ভৰসা কৰাৰ শক্তি। আজি আমি যিমান স্বামী বিবেকানন্দজীৰ সম্পর্কে জানো, তাতে অনেক বৃহৎ অৱদান স্বামী সাৰদানন্দজীৰো আছে।

বন্ধুসকল,

স্বামী বিবেকানন্দই কৈছিল যে ভয়হীন, মিতভাষী, পৰিষ্কাৰ মনৰ সাহসী তথা উচ্চাকাংক্ষা হ’ল যুৱ সম্প্রদায়ৰ সেই ভিত্তি যাৰ ওপৰত যি কোনো ৰাষ্ট্রেৰ ভৱিষ্যৎ নির্মাণ হয়। সেই যুৱ সম্প্রদায়ৰ ওপৰত, যুৱশক্তিৰ ওপৰত তেওঁ ভৰসা ৰাখিছিল। তেওঁৰ এই বিশ্বাসক এতিয়া আপোনালোকে নিজৰ জীৱনত বাস্তৱায়িত কৰি দেখুৱাব লাগিব। ভাৰতক এক নতুন উচ্চতালৈ নিয়াৰ কাম, দেশক আত্মনির্ভৰ কৰি তোলাৰ কাম আপোনালোকৰ দৰে যুৱক-যুৱতীসকলেই কৰিব লাগিব। এতিয়া আপোনালোকৰ মাজৰে কিছুমানে হয়তো ভাবিব পাৰে যে এতিয়াটো আমাৰ ইমান বয়স হোৱা নাই, এতিয়াটো হঁহা-খেলাৰ বয়স, জীৱনত আনন্দ কৰাৰ বয়স। বন্ধুসকল, লক্ষ্য যেতিয়া স্পষ্ট হয়, প্রবল ইচ্ছাশক্তি থাকে, তেতিয়া বয়স কেতিয়াও বাধা হ’ব নোৱাৰে। বয়সৰ কোনো অৰ্থই নাথাকে। আপোনালোকে সকলো সময়তে মনত ৰাখিব যে পৰাধীনতাৰ সময়ত স্বাধীনতা আন্দোলনৰ নেতৃত্ব দেশৰ যুৱ প্রজন্মই চম্ভালি লৈছিল। আপোনালোকে জানেনে, শ্বহীদ ক্ষুদিৰাম বসু যেতিয়া ফাঁচী কাঠত উঠিছিল তেতিয়া তেওঁৰ বয়স কিমান আছিল? ১৮-১৯ বছৰ। ভগৎ সিং-ক যেতিয়া ফাঁচী দিয়া হৈছিল তেতিয়া তেওঁৰ বয়স কিমান আছিল? মাত্র ২৪ বছৰ। ভগৱান বিৰছা মুণ্ডা যেতিয়া শ্বহীদ হৈছিল তেতিয়া তেওঁৰ বয়স কিমান আছিল? খুব বেছি ২৫ বছৰ। সেই প্রজন্মই যেতিয়া স্থিৰ কৰিছিল যে দেশক স্বাধীন কৰাৰ বাবে জীয়াব, দেশক স্বাধীন কৰাৰ বাবেই মৰিব, যুৱ প্রজন্মৰ সমস্ত উকীল, চিকিৎসক, অধ্যাপক, বেংকাৰ, সমস্ত পেছাৰ মানুহ বিদেশৰ পৰা ঘূৰি আহিছিল আৰু সকলোৱে মিলি আমাৰ বাবে স্বাধীনতা অর্জন কৰিছিল।

বন্ধুসকল,

আমি সেই সময়খণ্ডত জন্মগ্রহণ কৰিছো, মই নিজেও স্বাধীন ভাৰতত জন্মগ্রহণ কৰিছো। আমি কোনেও পৰাধীন দেশ দেখা নাই। আৰু মোৰ সন্মুখত আপোনালোক যি বহি আছে, আপোনালোকেও স্বাধীন দেশতেই জন্মগ্রহণ কৰিছে। আমি দেশৰ স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰাৰ সুযোগ নাপালো, কিন্তু আজি স্বাধীন ভাৰতক আগুৱাই নিয়াই সুযোগ অৱশ্যেই লাভ কৰিছো। এই সুযোগ আমি হেৰুৱালে নহ’ব। আমাৰ দেশৰ নবীন বন্ধুসকল, স্বাধীনতাৰ ৭৫ বছৰ পূর্তিৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ ১০০ বছৰ পূর্তি পর্যন্ত অহা ২৫-২৬ বছৰ অত্যন্ত গুৰুত্বপূর্ণ। ২০৪৭ চনত স্বাধীনতাৰ ১০০ বছৰ পূর্ণ হ’ব। এই ২৫-২৬ বছৰ অত্যন্ত গুৰুত্বপূর্ণ।

বন্ধুগণ,

আপোনালোকেও ভাবক। আপোনালোক আজি যি বয়সত উপনীত হৈছে, এতিয়া যি সময় আৰম্ভ হৈছে, এয়াই হ’ল আপোনালোকৰ জীৱনৰ স্বর্ণিম সময়, উত্তম সময়, আৰু এই সময় ভাৰতক স্বাধীনতাৰ ১০০ বছৰৰ দিশলৈ আগুৱাই নিছে । অর্থাৎ, আপোনালোকৰ উন্নয়নৰ উচ্চতা, স্বাধীনতাৰ ১০০ বছৰৰ সাফল্য, এই দুটিয়েই ভৰিত ভৰি মিলাই আগবাঢ়িছে। অর্থাৎ, আপোনালোকৰ জীৱনৰ আগন্তুক ২৫-২৬ বছৰ আৰু দেশৰ আগন্তুক ২৫-২৬ বছৰ, এই দুটাৰ মাজত অনেক মিল আছে, এই মিলৰ অনেক গুৰুত্ব আছে। আপোনালোকৰ জীৱনৰ এই সোণালী বছৰসমূহ দেশক সর্বোচ্চ অগ্রাধিকাৰ প্ৰদানৰ দিন, দেশৰ সেৱাত অগ্রাধিকাৰ দিয়াৰ দিন। বিবেকানন্দজীয়ে কৈছিল যে একবিংশ শতাব্দী ভাৰতৰ শতাব্দী হ’ব। এতিয়া আপোনালোকেই এই একবিংশ শতাব্দীক ভাৰতৰ শতাব্দী কৰি গঢ়ি তুলিব লাগিব। আপোনালোকে যিয়েই কৰিব, যি সিদ্ধান্ত গ্ৰহণ কৰিব, তেতিয়া অৱশ্যেই ভাবিব যে ইয়াৰ জৰিয়তে দেশৰ কি লাভ হ’ব।

বন্ধুসকল,

স্বামী বিবেকানন্দজীয়ে কৈছিল যে আমাৰ যুৱ সম্প্রদায় আগুৱাই গৈ ৰাষ্ট্রৰ ভাগ্যবিধাতা হৈ উঠিব। সেইবাবে এয়া আপোনালোকৰো দায়িত্ব যে আপোনালোকে ভাৰতৰ ভৱিষ্যতক নেতৃত্ব দিয়ক। আৰু আপোনালোকৰো এই দায়িত্ব দেশৰ ৰাজনীতিৰ বাবেও আছে। কাৰণ, ৰাজনীতি, পলিটিক্স দেশলৈ সার্থক পৰিৱর্তন অনাৰ এটি মজবুত মাধ্যম। প্রত্যেক ক্ষেত্রৰ দৰে ৰাজনীতিটো যুৱ সম্প্রদায়ৰ অনেক প্রয়োজন আছে। নতুন ভাবনা, নতুন প্রাণশক্তি, নতুন নতুন স্বপ্ন, নতুন উদ্দীপনা দেশৰ ৰাজনীতিত অত্যন্ত প্রয়োজনীয়।

বন্ধুসকল,

 

কিন্তু আমাৰ দেশত এই ধাৰণা গঢ়ি উঠিছিল, যে কোনো যুৱকে যদি ৰাজনীতিত ভৰি থয়, তেতিয়া সকলোৱে কয় যে ল’ৰাটো নষ্ট হৈছে। কাৰণ ৰাজনীতি, কাজিয়া, লুটমাৰ, দুর্নীতি – এই আটাইবোৰ পৰস্পৰৰ সমার্থক হৈ উঠিছিল। আৰু কত লেবেল লগোৱা হৈছিল ৰাজনীতিৰ ওপৰত। সকলোৱে কৈছিল যে সকলো পৰিৱৰ্তন কৰিব পাৰি, কিন্তু শাসকৰ চৰিত্র পৰিৱৰ্তন কৰিব নোৱাৰি। কিন্তু আজি আপোনালোকে চাওক, আজি দেশৰ জনগণ ইমান সচেতন হৈছে যে ৰাজনীতিতো তেওঁলোকে সৎ ব্যক্তিৰ কাষলৈ গৈছে, সৎ ব্যক্তিক সুযোগ দিছে। দেশৰ সাধাৰণ মানুহ সৎ, সমর্পিত প্রাণ, সেৱা ভাৱসম্পন্ন ৰাজনীতিবিদৰ ওচৰত ভীৰ কৰিছে। সততা তথা দক্ষতা আজিৰ ৰাজনীতিত অনিবার্য চর্ত হৈ উঠিছে। আজি দেশলৈ যি সচেতনতা আহিছে সিয়েই এই চাপৰ সৃষ্টি কৰিছে। দুর্নীতি যাৰ পৰম্পৰা আছিল, সেই দুর্নীতি আজি তেওঁলোকৰ বাবে বোজা হৈ উঠিছে। আজি এই দেশৰ সাধাৰণ মানুহৰ সচেতনতাৰ শক্তিক তেওঁলোকে লক্ষ চেষ্টা কৰিও জয় কৰিব পৰা নাই। দেশে এতিয়া সৎ মানুহক বাচনি কৰিছে, সৎ মানুহক আশীর্বাদ দিছে, সৎ মানুহৰ সৈতে জড়িত আছে, তেওঁলোকক বিশ্বাস কৰিছে।

বন্ধুসকল,

এই পৰিস্থিতি পৰিৱর্তনৰ দায়িত্ব দেশৰ সচেতন, দেশৰ নবীন প্রজন্মৰ ওপৰত আছে। আপোনালোকে 'ৰাষ্ট্রয়াম জাগ্রিয়াম বয়ং' - এই মন্ত্র লৈ আগবাঢ়িব লাগিব। আপোনালোক বিপুল সংখ্যাত ৰাজনীতিলৈ আহক, অংশগ্রহণ কৰক। কিবা পোৱাৰ, কিবা হোৱাৰ ইচ্ছা লৈ নাহিব। কিছু কৰাৰ ইচ্ছা লৈ আহক। আপোনালোকৰ নিজৰ ভাবনা, নিজৰ দূৰদৃষ্টি লৈ আগুৱাই যাওক। একে সৈতে মিলি কাম কৰক, নির্ভয়ে কাম কৰক।

বন্ধুসকল,

স্বামী বিবেকানন্দজীয়ে যুৱ সম্প্রদায়ক আৰু এটি গুৰুত্বপূর্ণ মন্ত্র দিছে। তেওঁ কৈছিল, “কোনো বিপর্যয় অথবা সমস্যাত কৈও অধিক গুৰুত্বপূর্ণ হ’ল সেই বিপর্যয়ৰ পৰা গ্রহণ কৰা শিক্ষা!” আপোনালোকে ইয়াৰ পৰা কি শিকিছে! যে কোনো বিপর্যয়ৰ মোকাবিলাত আমাৰ সংযম আৰু সাহসৰ প্রয়োজন হয়। মোৰ ইচ্ছা হৈছে যে আজি এটি অভিজ্ঞতাৰ কথা আপোনালোকৰ সন্মুখত ৰখাৰ। ২০০১ চনত যেতিয়া গুজৰাটৰ কচ্ছত ভূমিকম্প হৈছিল, তেতিয়া কিছুক্ষণতেই সকলো ধ্বংস হৈ গৈছিল। সমগ্ৰ কচ্ছক এক প্রকাৰ মৃত্যুৰ চাদৰে ঢাকি পেলাইছিল। সমস্ত ঘৰ ধ্বংসস্তূপত পৰিণত কৰিছিল। এই ভূমিকম্পৰ কিছু মাহৰ পিছত মই গুজৰাটৰ মুখ্যমন্ত্রী ৰূপে দায়িত্ব পালনৰ সুযোগ লাভ কৰিছিলো। তেতিয়া চাৰিওদিশে এটা কথাৰ অনুৰণন চলিছিল যে গুজৰাটৰ সর্বনাশ হৈ গৈছে। আমি আমাৰ সংগীসকলৰ সৈতে এটি নতুন দৃষ্টিকোণৰ পৰা কাম আৰম্ভ কৰিলো। এটি নতুন ৰণনীতি প্ৰস্তুত কৰিলো। আমি কেৱল নতুন দালান তৈয়াৰ কৰাই নহয়, আমি এই পণ ল’লো যে কচ্ছৰ উন্নয়নক নতুন উচ্চতা প্ৰদান কৰিবম। আমি সুপৰিকল্পিতভাৱে প্রত্যেকটি ব্যৱস্থা গঢ়ি তুলিলো। আৰু আজি পৰিস্থিতি এনে হৈছে যে অনেক বছৰ আগেয়ে কচ্ছ এৰি যোৱা মানুহসকল এতিয়া পুনৰ ঘূৰি আহিছে। আজি কচ্ছত প্রতি বছৰে লক্ষ লক্ষ পর্যটকে 'ৰাণ উৎসৱ'-ৰ আনন্দ উপভোগ কৰিবলৈ আহে। অর্থাৎ, সেই বিপর্যয়ৰ পৰা আমি আগুৱাই যোৱাৰ সুযোগ অন্বেষণ কৰিছো, এনেদৰেই সাফল্য লাভ কৰিছো।

বন্ধুসকল,

যি সমাজে সংকটৰ পৰাও উন্নতিৰ পথ তৈয়াৰ কৰা শিকে, সেই সমাজে নিজৰ ভৱিষ্যৎ নিজেই লিখে। সেইবাবে আজি ভাৰত আৰু ১৩০ কোটি ভাৰতবাসীয়ে নিজৰ ভৱিষ্যৎ তথা সুনিশ্চিতভাৱে উন্নত ভৱিষ্যৎ নিজেই গঢ়ি তুলিছে। আপোনালোকৰ প্রতিটো প্রচেষ্টা, প্রত্যেক সেবাৰ কাম, প্রত্যেকৰ উদ্ভাৱন, প্রত্যেকৰ সৎ সংকল্প ভৱিষ্যতৰ ভিত্তি স্থাপনকাৰী এটি এটি শক্তিশালী পাথৰ। আজি আপোনালোকৰ প্রচেষ্টা সফল হওক - এই শুভকামনা জনাই পুনৰবাৰ দেশৰ লক্ষ লক্ষ যুৱক-যুৱতীসকলে ক’ৰোনাৰ এই সংকটকালত যি ভাবে অনেক সাক্ষাৎকাৰৰ জৰিয়তে, অনেক ভাৰ্চুয়েল সম্মিলনৰ জৰিয়তে এই যুৱ অভিযানক আগুৱাই লৈ গৈছে, তাৰ বাবে কেন্দ্রীয় চৰকাৰৰ যুৱ বিভাগ অভিনন্দনৰ যোগ্য। ইয়াত অংশগ্রহণ কৰা লক্ষ লক্ষ যুৱক-যুৱতীও অভিনন্দনৰ যোগ্য। মই পুনৰবাৰ মাননীয় অধ্যক্ষ মহোদয়ক সংসদ ভৱনৰ এই ধৰণৰ কর্মসূচী প্ৰস্তুতিৰ বাবে কৃতজ্ঞতা জনাই মোৰ বক্তব্য সম্পূর্ণ কৰিছো।

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"