মহামান্য,

উদ্যোগ ক্ষেত্ৰৰ নেতৃবৃন্দ,

বিশিষ্ট অতিথিসকল,

 

আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।

 

আমি সকলোৱে এক অংশীদাৰী প্ৰতিশ্ৰুতিৰ দ্বাৰা সংযুক্ত হৈ আছো– ‘গ্লোবেল নেট জিৰো.নেট জিৰো’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু উদ্যোগক্ষেত্ৰৰ মাজত অংশীদাৰিত্ব অতিকে গুৰুত্বপূৰ্ণ। আৰু, ঔদ্যোগিক উদ্ভাৱন হৈছে এক গুৰুত্বপূৰ্ণ অনুঘটক। উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গোট, অৰ্থাৎ ‘লীড-আইটি’ হৈছে গ্ৰহটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চৰকাৰ আৰু উদ্যোগখণ্ডৰ মাজত অংশীদাৰিত্বৰ এক সফল উদাহৰণ।

 

২০১৯ চনত আৰম্ভ হোৱা ‘লীড-আইটি’ হৈছে উদ্যোগৰ পৰিৱৰ্তন শক্তিশালী কৰাৰ বাবে আমাৰ যুটীয়া প্ৰচেষ্টা। নিম্ন কাৰ্বন প্ৰযুক্তি আৰু উদ্ভাৱনে গতি লাভ কৰিব লাগে। আৰু এয়া ‘গোলকীয় দক্ষিণ’ৰ বাবে যিমান সম্ভৱ সোনকালে আৰু সহজে লাভ কৰিব পৰা হ’ব লাগে। ইয়াৰ প্ৰথম পৰ্যায়ত, ‘লীড-আইটি’য়ে লো আৰু তীখা, চিমেণ্ট, এলুমিনিয়াম, পৰিবহনৰ দৰে খণ্ডত পৰিৱৰ্তনৰ পথ-পৰিকল্পনা আৰু জ্ঞান ভাগ-বাটোৱাৰাত গুৰুত্ব আৰোপ কৰিছিল। আজি, ১৮ খন দেশ আৰু ২০ টা প্ৰতিষ্ঠান হৈছে গোটটোৰ সদস্য।

 

বন্ধুসকল,

 

ভাৰতে ‘জি-২০ৰ সভাপতিত্ব’কালত চক্ৰীয় ৰণনীতিত গোলকীয় সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি ইয়াক আগুৱাই লৈ আমি ‘লীড-আইটি’ত এটা নতুন অধ্যায় যোগ কৰিছো। আজি আমি ‘লীড-আইটি ২.০’ আৰম্ভ কৰিছো।

 

এই পৰ্যায়ত তিনিটা মুখ্য গুৰুত্ব থাকিব। প্ৰথমে, সামগ্ৰিক আৰু কেৱল উদ্যোগৰ পৰিৱৰ্তন। দ্বিতীয়তে, নিম্ন কাৰ্বন প্ৰযুক্তিৰ সহ-বিকাশ আৰু স্থানান্তৰ। আৰু তৃতীয়তে উদীয়মান অৰ্থনীতিলৈ উদ্যোগ পৰিৱৰ্তনৰ বাবে বিত্তীয় সহযোগিতা।

 

এই সকলোবোৰ সম্ভৱ কৰি তুলিবলৈ ‘ভাৰত-ছুইডেন উদ্যোগ পৰিৱৰ্তন মঞ্চ’ও মুকলি কৰা হৈছে। ই দুয়োখন দেশৰ চৰকাৰ, উদ্যোগ, প্ৰযুক্তি প্ৰদানকাৰী, গৱেষক আৰু থিংক টেংকক সংযোগ কৰিব। মই নিশ্চিত যে আমি একেলগে ভৱিষ্যত প্ৰজন্মৰ বাবে এক নতুন সেউজ বিকাশৰ কাহিনী লিখাত সফল হ'ম।

 

আকৌ এবাৰ মই মোৰ বন্ধু আৰু সহ-আয়োজক ছুইডেনৰ প্ৰধানমন্ত্ৰী, মহামান্য উল্ফ ক্ৰিষ্টেৰ-শোন আৰু  আপোনালোক সকলোকে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

বহুত বহুত  ধন্যবাদ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi