১০০০কোটি টকাৰ ‘ষ্টাৰ্টআপ ইণ্ডিয়া ছীড ফাণ্ড’ ঘোষণা
‘ষ্টাৰ্টআপ’সমূহে সাম্প্ৰতিক কালৰ বাণিজ্যৰ জনসাংখ্যিক বৈশিষ্ট্য সলাই পেলাইছে : প্ৰধানমন্ত্ৰী
‘ষ্টাৰ্টআপ’সমূহৰ ক্ষেত্ৰত ‘যুৱ-প্ৰজন্মৰ, যুৱ-প্ৰজন্মৰ দ্বাৰা, যুৱ-প্ৰজন্মৰ বাবে’ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ভাৰতে : প্ৰধানমন্ত্ৰী
‘জিইএম’ মঞ্চত ৮হাজাৰ ‘ষ্টাৰ্টআপ’ৰ পঞ্জীয়ণ; সম্ভৱ কৰিছে ২৩০০কোটিৰ ব্যৱসায় : প্ৰাধানমন্ত্ৰী

তৰুণ প্রাণশক্তি, তৰুণ সপোন, কিমান গম্ভীৰ, কিমান বিশাল, আপোনালোকেই ইয়াৰ উৎকৃষ্ট উদাহৰণ৷ ইমান সময় ধৰি মই আপোনালোক সকলোৰে ভাষণ অতি মনোযোগৰে শুনিলো, দেখিছিলো যি বিশ্বাস লৈ আপোনালোকে কৈছে, সেয়া যেন সকলো সময়তে একেই থাকে৷ আপোনালোকে ভাৱক, আপোনালোকৰ ষ্টার্ট-আপৰ পৰিধি কিমান বিশাল৷ এটা ষ্টার্ট-আপ কার্বন ফাইবাৰ ৩ডি প্রিণ্টাৰক লৈ, আন এজন প্রতিনিধিয়ে উপগ্ৰহ উৎক্ষেপন বাহনক লৈ ভাষণ দিছিল৷ ই-শৌচালৰৰ পৰা আৰম্ভ কৰি জৈৱদ্ৰবীভূত পিপিই কিটলৈকে, আৰু মধুমেহ ৰোগীৰ ঔষুধৰ পৰা আৰম্ভ কৰি কিট প্ৰস্তুতৰ মিচনলৈকে, দিব্যাংগৰ বাবে এআৰ টেকন’লজিলৈকে যিমানবোৰ বিষয়ক লৈ আপোনালোকে ষ্টার্ট-আপ আৰম্ভ কৰিছে, সেইবোৰকলৈ লৈ কৈছে, সেয়েহে মোৰ মনত এনে অনুভৱ আহিছে যে আপোনালোকৰ মাজত ভাৰত তথা বিশ্বৰ ভৱিষ্যৎ পৰিৱর্তনৰ শক্তি কিমান ডাঙৰ, কিমান অসীম সম্ভাৱনা আছে!

আন এক পৰিৱর্তন ইয়াৰ পৰিলক্ষিত হৈছে, আগতে যদি কোনো যুৱকে ষ্টার্ট-আপ আৰম্ভ কৰিছিল, তেতিয়া বহুতে কৈছিল, ‘কিবা এটা ভাল চাকৰি নকৰ কিয়? ষ্টার্ট-আপ কিয়?’ এই মানসিকতাৰ এতিয়া সলনি হৈছে৷ এতিয়া মানুহে কৈছে, ‘চাকৰিতো ঠিক আছে, কিন্তু এটা নিজা ষ্টার্ট-আপোতো আৰুম্ভ কৰিব পাৰো!’ যিসকল যুৱক-যুৱতীয়ে আগৰে পৰাই ষ্টার্ট-আপত আছে, তেওঁলোকক দেখিলেই এতিয়া এক স্বাভাৱিক প্রতিক্রিয়া হয়- ‘বাহ! আপোনালোক ষ্টার্ট-আপ!' এই পৰিৱর্তন বিমষ্টেক সদস্য দেশসমূহ অর্থাৎ বংগোপসাগৰৰ পৰা উন্নয়নৰ প্রেৰণা গ্রহণকাৰী বাংলাদেশ, ভুটান, ভাৰত, নেপাল, শ্রীলংকা, ম্যানমাৰ আৰু থাইলেণ্ডৰ ডাঙৰ শক্তি। ভাৰতৰ ষ্টার্ট-আপেই হওক বা যিকোনো বিমষ্টেক সদস্য দেশৰ ষ্টার্ট-আপেই হওক প্রতিটো ক্ষেত্রতে এনে প্রাণশক্তি পৰিলক্ষিত হৈছে। অনুষ্ঠানত আমাৰ সৈতে যুক্ত হৈছে বিমষ্টেক দেশসমূহৰ মাননীয় মন্ত্রীবৰ্গ। বাংলাদেশৰ পৰা যুক্ত হৈছে শ্রী জুনেদ আহমেদ পালকজী, ভুটানৰ লিনপোৰ পৰা যুক্ত হৈছে শ্রী লোকনাথ শর্মাজী, ম্যানমাৰৰ পৰা যুক্ত হৈছে শ্রী ঊ থাঊঁগ তুনজী, নেপালৰ পৰা যুক্ত হৈছে শ্রী লেখৰাজ ভট্টজী, শ্রীলংকাৰ পৰা যুক্ত হৈছে শ্রী নমল ৰাজপাকছে জী আৰু যুক্ত হৈছে বিমষ্টেকৰ সচিব জেনেৰেল শ্রী তেনজিং লেকফেলজী, আমাৰ কেন্দ্রীয় মন্ত্রীসভাৰ সহযোগী শ্রী পীযূষ গোয়েলজী, শ্রী প্রকাশ জাভড়েকাৰজী, শ্রী হৰদীপ সিং পুৰীজী, শ্রী সোমপ্রকাশজী আৰু এই সভাত উপস্থিত উদ্যোগ জগতৰ বিখ্যাত ব্যক্তিসকলৰ লগতে ফিকিৰ সভাপতি শ্রী উদয় শংকৰজী, শ্রী উদয় কোটাকজী, শ্রী সঞ্জীৱ মেহতাজী, ড০ সংগীতা ৰেড্ডিজী, শ্রী শুভ্রকান্ত পাণ্ডাজী, শ্রী সন্দীপ সোমানিজী, শ্রী হর্ষ মাৰিয়ালাজী, শ্রী সিংঘানিয়াজী, অন্যান্য বিশিষ্ট বক্তিসকল আৰু আমাৰ ষ্টার্ট-আপ বিশ্বৰ প্রিয় তৰুণ বন্ধুসকল!

আজিৰ দিনটো আমাৰ সকলোৰে বাবে বহু 'প্রাৰম্ভৰ দিন'। আজি বিমষ্টেক দেশসমূহৰ প্রথম ষ্টার্ট-আপ কনক্লেভ আয়োজিত হৈছে। আজি 'ষ্টার্ট-আপ ইণ্ডিয়া মুভমেণ্টে' সফলতাৰে পাঁচ বছৰ পূর্ণ কৰিছে আৰু আজিয়েই ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে আটাইতকৈ ঐতিহাসিক, বৃহত্তম টিকাকৰণ অভিযান আৰুম্ভ কৰিলে। এই দিনটো সেয়েহে আমাৰ বৈজ্ঞানিকসকল, আমাৰ যুৱক-যুৱতীসকল আৰু আমাৰ উদ্যোগীসকলৰ ক্ষমতা, আৰু আমাৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মীসকলৰ পৰিশ্রম আৰু সেৱাভাৱৰ সাফল্যৰ সাক্ষী। ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ পৰা আৰম্ভ কৰি টিকা প্ৰস্তুত কৰালৈকে আমাৰ প্রত্যেকৰে যি অভিজ্ঞতা, আপোনালোকে সেই অভিজ্ঞতাসমূহক লৈয়েই আজি সমগ্ৰ বিমষ্টেক দেশসমূহৰ নবীন উদ্যোগীসকলৰ এই 'প্রাৰম্ভ' শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিছে। সেইবাবে এই সন্মিলন আৰু অধিক গুৰুত্বপূর্ণ হৈ উঠিছে। মোক জনোৱা মতে এই দুদিনত আপোনালোকে বহুত গুৰুত্বপূর্ণ আলোচনা কৰিছে, নিজৰ ষ্টার্ট-আপৰ সাফল্যৰ কাহিনী পৰস্পৰক জনাইছে আৰু পাৰস্পৰিক সহযোগিতাৰ নতুন সুযোগ গঢ়ি তুলিছে। যি ১২টা ক্ষেত্রত আমাৰ দেশে ষ্টার্ট-আপ পুৰস্কাৰ প্রদান আৰম্ভ কৰিছিল, সেই সকলো ক্ষেত্রৰ বিজেতাসকলৰ নাম ঘোষণা কৰাও হৈছে। যিসকলে এই পুৰস্কাৰ লাভ কৰিছে, সেই সকলোকে মই অভিনন্দন জনাইছো।

বন্ধসকল,

এই শতিকা ডিজিটেল বিপ্লৱ আৰি ‘নিউ এজ ইনোভেচন’ৰ শতিকা। এই শতিকাক এছিয়া শতিকা বুলিও কোৱা হয়। সেইবাবে সময়ৰ চাহিদা হ’ল ভৱিষ্যতৰ প্রযুক্তিসমূহ যেন এছিয়াৰ গৱেষণাগাৰসমূহৰ পৰা উদ্ভাৱন হয়, ভৱিষ্যতৰ উদ্যোগীসকলে যেন আমাৰ ইয়াৰ পৰা নিজে গঢ়ি তোলে। সেইবাবে এছিয়াৰ সেই দেশসমূহ আগুৱাই আহি দায়িত্ব ল’ব লাগিব, যিসকলে একেলগে মিলি কাম কৰিব পাৰে, পৰস্পৰৰ বাবে কাম কৰিব পাৰে। সেইসকলৰ ওচৰত সম্পদো আছে আৰু সহযোগিতাৰ ভাৱনাও আছে। সেইবাবে এই দায়িত্ব স্বাভাৱিকতে আমাৰ সমস্ত বিমষ্টেক দেশসমূহৰ ওপৰত ন্যস্ত হয়। আমাৰ শশ বছৰ পুৰণি সম্পর্ক, আমাৰ সংস্কৃতি, সভ্যতা আৰু নাগৰিক সম্পর্কৰ সাধাৰণ ঐতিহ্যই আমাৰ সকলোকে পৰস্পৰৰ সৈতে জড়িত কৰি ৰাখিছে। আমি নিজৰ ভাৱনা পৰস্পৰক কও। আমি নিজৰ ভাৱনাক আৰু অধিক পৰস্পৰৰ ওচৰত ক’বলৈ সক্ষম। আমি পৰস্পৰৰ সুখ-দুঃখত কাষত থিয় দিও। সেইবাবে আমাৰ সাফল্য হ’ব-মিলিত সাফল্য। ইয়াৰ সমান্তৰালভাৱে আমি একেলগে বিশ্বৰ মুঠ জনসংখ্যাৰ এক-পঞ্চমাংশৰ বাবে কাম কৰিছো। আমাৰ ওচৰত মুঠ ৩.৮ ট্রিলিয়ন ডলাৰ জিডিপিৰ শক্তিও আছে। আমাৰ যুৱ সম্প্রদায়ৰ যি প্রাণশক্তি, নিজৰ ভৱিষ্যৎ নিজেই লেখাৰ বাবে যে উদগ্রীৱ অধীৰতা, মই তাত সমগ্ৰ বিশ্বৰ বাবে বহুত নতুন সম্ভাৱনা দেখিবলৈ পাইছো।

বন্ধসকল,

সেইবাবে মই ২০১৮ বৰ্ষত বিমষ্টেক সন্মিলনত কৈছিলো আমি সকলোৱে দেশৰ প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রত একেলগে কাম কৰিম। মই বিমষ্টেক ষ্টার্ট-আপ সন্মিলনতে এই কথা কৈছিলো। সেই সংকল্প বাস্তবায়িত কৰিবলৈ আজি আমি সকলো দেশৰ ষ্টার্ট-আপ ইণ্টাৰনেচনেল কনক্লেভৰ এই মঞ্চত একত্রিত হৈছো। সকলো বিমষ্টেক দেশৰ পাৰস্পৰিক যোগাযোগ ব্যৱস্থা উন্নত কৰিব, বাণিজ্যিক সম্পর্কক গতি প্রদান কৰিবলৈ আগৰ পৰাই একেৰাহে কাম চলিছে। ২০১৮ চনত বিমষ্টেকৰ সদস্য দেশসমূহৰ মন্ত্রীসকলে পাৰস্পৰিক ডিজিটেল যোগাযোগ ব্যৱস্থা বৃদ্ধিৰ বাবে ইণ্ডিয়া মোবাইল কংগ্রেছত অংশগ্রহণ কৰিছিল। সেইদৰে আমি প্রতিৰক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, মহাকাশ, পৰিৱেশ উন্নয়ন, কৃষি আৰু বাণিজ্য ক্ষেত্রত মিলিত প্ৰচেষ্টাৰে কাম কৰিছো। আমাৰ এই সকলো ক্ষেত্র যিমান শক্তিশালী হ’ব, য’ত আধুনিক হ’ব, সিমানেই আমাৰ ষ্টার্ট-আপসমূহ উপকৃত হ’ব।

বন্ধুসকল

ব্যক্তিগতভাৱে ইয়াত সকলো ষ্টার্ট-আপ পৰস্পৰৰ সৈতে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে৷ কিন্তু পৰিৱর্তনৰ ইমান বৃহৎ যাত্রাপথত প্রত্যেক দেশৰ নিজা অভিজ্ঞতা আছে। ভাৰতে ইয়াৰ পাঁচ বছৰৰ অভিজ্ঞতা শ্বেয়াৰ কৰি লোৱাৰ বাবে বা আনক জনোৱাৰ বাবে আজি 'ইভলিউশন অফ ষ্টার্ট-আপ ইণ্ডিয়া' নামৰ এখনি পুস্তিকা প্রকাশ কৰিছে। মই বিচাৰো প্রত্যেক বিমষ্টেক দেশে সময়ৰ লগে লগে এইদৰে তেওঁলোকৰ অভিজ্ঞতাসমূহ প্রকাশৰ মাধ্যমেৰে আনক অৱগত কৰক। আপোনালোক এই অভিজ্ঞতা আমাক সকলোকে শিকাৰ ক্ষেত্রত সহায় কৰিব। উদাহৰণস্বৰূপে, আপোনালোকে ভাৰতৰ পাঁচ বছৰৰ ষ্টার্ট-আপ অভিযানক চাওক৷ যেতিয়া ষ্টার্ট-আপ ইণ্ডিয়া অভিযান আৰম্ভ হৈছিল, তেতিয়া আমাৰ সন্মুখত বহুত সমস্যা আছিল। কিন্তু আজি ভাৰত বিশ্বৰ সর্ববৃহৎ ষ্টার্ট-আপ ব্যৱস্থাসমূহৰ ভিতৰতে অন্যতম হৈ পৰিছে৷ আজি দেশত ৪১,০০০তকৈও অধিক ষ্টার্ট-আপ যিকোনো এটা অভিযানৰ সৈতে জড়িত৷ এইবোৰৰ ভিতৰত ৫,৭০০তকৈও অধিক ষ্টার্ট-আপ তথ্যপ্রযুক্তি ক্ষেত্রত আছে, ৩,৬০০তকৈও অধিক ষ্টার্ট-আপ স্বাস্থ্য খণ্ডৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু প্রায় ১,৭০০ ষ্টার্ট-আপ কৃষিক্ষেত্রৰ সাফল্যৰ সৈতে কাম কৰিছে।

বন্ধুসকল,

এই ষ্টার্ট-আপসমূহে আজি ব্যৱসায়ৰ 'জনসাংখ্যিক' চৰিত্রও সলনি কৰিছে৷ আজি ভাৰতত ৪৪ শতাংশ স্বীকৃত ষ্টার্ট-আপৰ নির্দেশক সকলোৱেই মহিলা। তদুপৰি, অধিকাংশ ষ্টার্ট-আপত বিপুল সংখ্যক মহিলাই কাম কৰিছে৷ আজি সাধাৰণ আর্থিক অৱস্থাৰ যুৱক-যুৱতীয়েও তেওঁলোকৰ প্রতিভা, তেওঁলোকৰ ভাৱনাৰ মাটিত সাফল্যৰ স্তম্ভ নিৰ্মাণ কৰিব পাৰিছে। ইয়াৰ পৰিণামো আজি আমি দেখিবলৈ পাইছো৷ ২০১৪ চনত ভাৰতত মাত্ৰ চাৰিটা ষ্টার্ট-আপ ইউনিকর্ন ক্লাবৰ সদস্য আছিল। আজি ৩০টাতকৈও অধিক ষ্টার্ট-আপ ১ বিলিয়নৰ লক্ষ্য অতিক্রম কৰিছে। আপোনালোকে শুনিলে আচৰিত হ’ব যে এই ক্ষেত্রত আমাৰ ১১টা ষ্টার্ট-আপে ২০২০ত ইউনিকর্ন ক্লাৱতচ অন্তৰ্ভূক্ত হৈছে। অর্থাৎ, ক’ৰোনাকালৰ এই কঠিন বছৰতো তেওঁলোকে সাফল্য অর্জন কৰিছে।

বন্ধুসকল,

ভাৰতে মহামাৰীৰ কঠিন সময়তো 'আত্মনির্ভৰ ভাৰত' অভিযান আৰম্ভ কৰিছে। এই ক্ষেত্রত আমাৰ ষ্টার্ট-আপসমূহ ডাঙৰ ভূমিকা পালন কৰিছে। মহামাৰীৰ সময়ত যেতিয়া বিশ্বৰ ডাঙৰ ডাঙৰ কোম্পানীসমূহে তেওঁলোকৰ অস্তিত্বৰ যুঁজত যুঁজ দিছিল, ভাৰতৰ ষ্টার্ট-আপসমূহে তেতিয়া এক নতুন বাহিনী গঠন কৰছিল। দেশত ছেনিটাইজাৰৰ পৰা আৰম্ভ কৰি পিপিই কিটৰ প্রয়োজন আছিল, এইবোৰৰ যোগান শৃংখলাৰ প্রয়োজন আছিল। এই ক্ষেত্রত আমাৰ ষ্টার্ট-আপসমূহে ডাঙৰ ভূমিকা পালন কৰিছে। স্থানীয় প্রয়োজনৰ বাবে স্থানীয় ষ্টার্ট-আপসমূহৰ সফলতাৰে কাম কৰিছে। এটা ষ্টার্ট-আপে যদি গ্রাহকৰ ৰান্ধনীঘৰৰ প্রয়োজনীয় সামগ্ৰী প্ৰদান কৰাৰ কাম কৰিছে, তেতিয়াহ’লে আন এটাই দুৱাৰে দুৱাৰে ঔষুধ প্ৰদানৰ কাম কৰিছে। কোনো ষ্টার্ট-আপে যদি আগশাৰীৰ ক’ৰোনা যোদ্ধাৰ বাবে যাতায়াতৰ ব্যৱস্থা আৰম্ভ কৰিছে, তেতিয়াহ’লে আন এটাই অনলাইন ক্লাছৰ ষ্টাডী মেটেৰিয়াল প্রস্তুত কৰিছে। অর্থাৎ, এই ষ্টার্ট-আপসমূহে দুৰ্যোগৰ মাজত সুযোগ অন্বেষণ কৰিছে আৰু দুৰ্যোগক আত্মবিশ্বাসৰে নিয়ন্ত্রণত ৰাখিছে৷

বন্ধুসকল,

বৰ্তমান ষ্টার্ট-আপসমূহৰ সাফল্যৰ এই কাহিনী কেৱল ডাঙৰ চহৰসমূহতে সীমাবদ্ধ নাই। আপোনালোকে চাওক আজিৰ আঠটা পুৰস্কাৰ যিসমূহ ষ্টার্ট-আপে পাইছে, তেওঁলোক কোনো মেট্র’ চহৰৰ ষ্টার্ট-আপ নহয়। তেওঁলোক প্রত্যেকেই সৰু ছোট চহৰত ডাঙৰ দীঘল হৈছে। এইবোৰ উদ্যোগীসকলৰ কোনোজন লক্ষ্ণৌৰ বাসিন্দা, কোনোজন ভূপালৰ, কোনোজন ছোনেপথৰ, কোনোজন কোচিৰ, আকৌ কোনোজন তিৰৱনন্তপুৰমৰ। কাৰণ আজি ভাৰতৰ প্রতিখন ৰাজ্যই ষ্টার্ট-আপ ইণ্ডিয়া অভিযানত অংশগ্রহণ কৰিছে। প্ৰত্যেক ৰাজ্যই নিজৰ স্থানীয় সম্ভাৱনা হিচাপে ষ্টার্ট-আপসমূহক সহায় আৰু ইনকিউবেট কৰাৰ চেষ্টা কৰিছে। ইয়াৰ ফলস্বৰূপে আজি ভাৰতৰ ৮০ শতাংশ জিলাই ইতিমধ্যে ষ্টার্ট-আপ অভিযানৰ সৈতে জড়িত৷ আমাৰ ৪৫ শতাংশ ষ্টার্ট-আপে আজি টিয়াৰ-২ আৰু টিয়াৰ-৩ চহৰসমূহত কাম কৰিছে, তেওঁলোকৰ অধিকাংশ ক্ষেত্রত স্থানীয় সামগ্ৰীৰ ব্ৰেণ্ড এম্বেছাডাৰৰ ভূমিকা পালন কৰিছে।

বন্ধুসকল,

আপোনালোকৰ মাজত স্বাস্থ্য আৰু খাদ্যাভ্যাসক লৈ সজাগতা বৃদ্ধি পাইছে, যি স্বাস্থ্যসন্মত পৰিৱর্তন আহিছে, সেয়াও ষ্টার্ট-আপসমূহৰ বাবে নতুন নতুন সুযোগ সৃষ্টি হৈছে। সেইবাবে কোৱা হয় আজি কোনো ‘চিৰসেউজ খণ্ড’ যদি আছে, সেয়া হ’ল খাদ্য আৰু কৃষিখণ্ড। ভাৰতত এই ক্ষেত্রসমূহৰ উন্নয়নত বিশেষ জোৰ দিয়া হৈছে। ...

কৃষিভিত্তিক আন্তঃগাঁথনি আধুনিক ৰূপত গঢ়ি তুলিবলৈ দেশত ১লাখ কোটি টকাৰ কৃষি আন্তঃগাঁথনি পুঁজি গঠন কৰা হৈছে। এইবোৰৰ জৰিয়তে আমাৰ ষ্টার্ট-আপসমূহৰ বাবে নতুন পথ মুকলি হৈছে। আজি ষ্টার্ট-আপসমূহে কৃষকসকলৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়াইছে। মোনাৰ পৰা টেবুললৈকে খাদ্যপণ্য আৰু সহজে, উন্নত উৎকর্ষ বজাই ৰাখি পোনপটীয়াকৈ প্ৰদানৰ বাবে এই ষ্টার্ট-আপসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷

বন্ধুসকল,

আমাৰ ষ্টার্ট-আপসমূহৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল সেইবোৰৰ 'ডিছৰাপচন এণ্ড ডাইভাৰ্ছিফিকেচন কেপাচিটী'। ‘ডিছৰাপচন’ বুলি এই বাবে কৈছো কাৰণ এই ষ্টার্ট-আপসমূহে আজি নতুন দৃষ্টিকোণ, নতুন প্রযুক্তি আৰু নতুন নতুন পদ্ধতিৰ জন্ম দিছে৷ আমি নির্দিষ্ট পথত আগুৱাই যোৱাৰ যি ভাৱনা আছিল, ষ্টার্ট-আপসমূহে সেই ভাৱনাকে সলনি কৰিছে৷ দ্বিতীয়তে ‘ডাইভাৰ্ছিফিকেচন’, আপোনালোকে চাওক আজি কিমান ষ্টার্ট-আপ আগুৱাই আহিছে আৰু কিমান পৃথক ভাৱনা লৈ আহিছে। এই ষ্টার্ট-আপসমূহে প্রত্যেক ক্ষেত্রত এক নতুন বিপ্লবৰ সৱুচনা কৰিছে৷ আজি আমাৰ ষ্টার্ট-আপসমূহৰ যি পৰিধি সেইবোৰে জীৱনযাত্রাৰ সকলো দিশ স্পর্শ কৰিছে আৰু এইবোৰৰ যি বৈচিত্র্য আছে সেয়াও অভূতপূর্ব। আটাইতকৈ ডাঙৰ কথা এই যে ষ্টার্ট-আপসমূহৰ গতিতকৈও অধিক আৱেগ দ্বাৰা পৰিচালিত৷ যেতিয়াই কোনো ক্ষেত্রত নতু সমস্যা দেখা দিয়ে তেতিয়াই কিবা নহয়, কিবা এটা ষ্টার্ট-আপ আগুৱাই আহি কয়, আমি ইয়াৰ সমাধানৰ কাম কৰিম! ভাৰতেও আজি এই ধৰণৰ ষ্টার্টআপৰ প্রাণশক্তি লৈ কাম কৰিছে। আগতে যেতিয়াই কোনো নতুন পৰিস্থিতি আহিছিল, যেতিয়াই নতুনকৈ কিবা এটা কৰিবলগীয়া হয়, তেতিয়া প্ৰশ্ন কৰা হৈছিল যে কোনে এই কম কৰিব? কিন্তু আজি দেশৰ নতুন প্রজন্মই নিজেই আগুৱাই আহি কয় আমি এই কম কৰিম! ডিজিটেল লেনদেনৰ পৰা আৰম্ভ কৰি সৌৰশক্তি খণ্ডত নতুন নতুন উদ্ভাৱন অথবা এআই পুনৰজাগৰণৰ সন্দৰ্ভত দেশে আৰু প্ৰশ্ন নকৰে যে এই কাম কোনে কৰিব? দেশে নিজেই ঠিক কৰিছে-আমিয়েই কৰিম! এই মানসিকতাৰ পৰিৱর্তন অতি লাভদায়ক হৈছে৷ আজি ভীম ইউপিআই লেনদেনৰ ব্যৱস্থাত বৈপ্লৱিক পৰিৱর্তন আহিছে৷ কেৱল বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে ভাৰতত লেনদেন ৪লাখ কোটি টকাতকৈও অধিক হৈছে ইউপিআইৰ জৰিয়তে৷ সৌৰশক্তিৰ ক্ষেত্রতো ভাৰতে এতিয়া বিশ্বক নেতৃত্ব দি আগবাঢ়ি গৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ ডাঙৰ ডাঙৰ দেশসমূহৰ তুলনাত ভাৰতত এআইৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি পাইছে৷

বন্ধুসকল,

ষ্টার্ট-আপসমূহে বিভিন্ন ক্ষেত্রত সকলো বাধাবিঘিনি আঁতৰাই যিদৰে সমাধান বাহিৰ কৰে সেইদৰে আজি ভাৰতে প্রতিটো ক্ষেত্রত পুৰণি বাধাসমূহ আঁতৰ কৰিছে৷ আজি দেশৰ দুখীয়া, কৃষক, ছাত্র-ছাত্রীসকলৰ আর্থিক সাহায্য প্রত্যক্ষ লাভ হস্তান্তৰৰ মাধ্যমেৰে পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে সাধাৰণ জনতাই বহু সমস্যাৰ পৰা মুক্তি পাইছে৷ ইয়াৰ জৰিয়তে দেশৰ প্রায় ১.৭৫ লাখ কোটি টকা ৰাহি হৈছে। সেইদৰে আজি চৰকাৰৰ সৈতে জড়িত বেংকিং খণ্ডৰ সৈতে জড়িত অধিকাংশ সেৱা ডিজিটে ইণ্ডিয়াৰ যোগে পোনপটীয়াকৈ ম’বাইল ফোনযোগে কৰা হৈছে৷ দেশত এই পৰিৱর্তন আমি ষ্টার্ট-আপৰ জৰিয়তে নিজেই অনুভৱ কৰিছো৷

আজি জিইএম প’ৰ্টেলৰ জৰিয়তে চৰকাৰী ক্রয়ৰ ক্ষেত্রত ষ্টার্ট-আপসমূহে ইমান সুযোগ প্ৰদান কৰিছে, যিমান দেশত ডাঙৰ কোম্পানীসমূহে পায়। এতিয়ালৈকে প্রায় ৮ হাজাৰ ষ্টার্ট-আপ জিইএম প’ৰ্টেলত পঞ্জীয়নভুক্ত হৈছে আৰু তেওঁলোকে প্রায় ২,৩০০ কোটি টকাৰ ব্যৱসায়ো কৰিছে। জিইএম প’ৰ্টেলত মুঠ বাণিজ্য ইতিমধ্যে প্রায় ৮০ হাজাৰ কোটি টকালৈকে হৈছে। ভৱিষ্যতে এই ক্ষেত্রত ষ্টার্ট-আপসমূহৰ অংশীদাৰিত্ব আৰু অধিক বৃদ্ধি পাব৷ এই টকা আমাৰ ষ্টার্ট-আপসমূহৰ হাতত পৰিলে স্থানীয় উৎপাদন বৃদ্ধি পাব আৰু বৃহৎ সংখ্যক যুৱক-যুৱতীসকলে কর্মসংস্থাপন লাভ কৰিব আৰু নিজৰ স্বভাৱ অনুসৰি ষ্টার্ট-আপসমূহে আৰু অধিক গবেষণা আৰু উদ্ভাৱনৰ ক্ষেত্রত অধিক বিনিয়োগ কৰিব৷

বন্ধুসকল,

আমাৰ ষ্টার্ট-আপসমূহৰ যাতে পুঁজিৰ অভাৱ নহয় সেইবাবে দেশে বিভিন্ন পদক্ষেপ লৈছে৷ এই পর্যায়ত আন এটা গুৰুত্বপূর্ণ ঘোষণা আজি এই অনুষ্ঠানতে কৰিছো৷ ষ্টার্ট-আপসমূহক প্রাৰম্ভিক পুঁজি প্রদানৰ বাবে দেশেত ১,০০০ কোটি টকাৰ ‘ষ্টার্ট-আপ ইণ্ডিয়া ছীড ফাণ্ড’ আৰম্ভ কৰিছে। এই ক্ষেত্রত নতুন ষ্টার্ট-আপ আৰম্ভ কৰিবলৈ তথা সেই বোৰৰ বিকাশ সাধন কৰাত যথেষ্ট পৰিমাণে সহায়ক হ’ব৷ পৰৱর্তী সময়ত চৰকাৰে ষ্টার্ট-আপসমূহক নিশ্চিতিৰ মাধ্যমেৰে ‘ঋন মূলধন’ সংগ্রহৰ ক্ষেত্রতো সহায় কৰিব৷

বন্ধুসকল,

ভাৰতে এক এনে ষ্টার্ট-আপ ব্যৱস্থা গঢ়ি তোলাৰ চেষ্টা কৰিছে যাৰ ভিত্তিত যুৱকসকলৰ দ্বাৰা, যুৱকসকলৰ হৈ যুৱকসকলৰ বাবে-এই মন্ত্রৰে গঢ়ি উঠিব৷ ষ্টার্ট-আপ ইণ্ডিয়া অভিযানৰ জৰিয়তে আমাৰ যুৱশক্তিয়ে এই পাঁচ বছৰত ইয়াৰ ভেঁটি শক্তিশালী কৰিছে। এতিয়া আমি পৰৱর্তী পাঁচ বছৰৰ লক্ষ্য স্থিৰ কৰিব লাগিব আৰু এই লক্ষ্য হোৱা উচিৎ আমাৰ ষ্টার্ট-আপসমূহক, আমাৰ ইউনিকর্নসমূহক এতিয়া বিশ্বজনীন কৰি তোলা, ভৱিষ্যতৰ উপযোগী প্রযুক্তি গঢ়ি তোলাৰ ক্ষেত্রত আমাৰ ষ্টার্ট-আপসমূহৰ নেতৃত্ব প্রদান কৰা৷ এই সংকল্পই আমাৰ প্রত্যেককে বিমষ্টেক সদস্য দেশৰ মিলিত সংকল্প হৈ উঠক। তেতিয়াহে এটি ডাঙৰ জনসংখ্যা ইয়াৰ দ্বাৰা উপকৃত হ’ব। সকলো দেশৰ জনগণৰ জীৱন আৰু অধিক উন্নত হ’ব। মই যেতিয়া বিমষ্টেকৰ সদস্য দেশসমূহৰ ষ্টার্ট-আপসমূহৰ সাফল্যৰ কাহিনী দেখো আৰু শুনো তেতিয়া আমাৰ মনত আনন্দ আৰু অধিক বৃদ্ধি পায়। মই বিমষ্টেক দেশসমূহৰ সকলো ষ্টার্ট-আপক বহুত বহুত শুভকামনা জনাইছো৷ মোৰ দৃঢ় বিশ্বাস এই নতুন দশকেত আমি সকলোৱে একেলগ হৈ এই সমগ্ৰ অঞ্চলৰ ষ্টার্ট-আপসমূহক নতুন পৰিচয়েৰে সমৃদ্ধ কৰিব৷ বিমষ্টেক সদস্য দেশসমূহৰ ষ্টার্ট-আপসমূহৰ শক্তি যেন সমগ্ৰ বিশ্বই অনুভৱ কৰে তেনে ধৰণৰ কাম কৰিব৷ এই শুভকামনাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালো৷

আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনালো৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi meets Skyroot founders after Vikram-1 success, hails India's growing private space ecosystem

Media Coverage

PM Modi meets Skyroot founders after Vikram-1 success, hails India's growing private space ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reviews flood situation in Assam with MPs from the state
July 28, 2026

The Prime Minister, Shri Narendra Modi, met Members of Parliament from Assam and discussed the prevailing flood situation in various parts of the state.

The Prime Minister said that the Centre is working closely with the Assam Government in assisting those affected.

Shri Modi prayed for everyone’s safety and well-being.

In a post on X, Shri Modi said;

“Met MPs from Assam and discussed the prevailing flood situation in various parts of the state.

The Centre is working closely with the Assam Government in assisting those affected. I pray for everyone's safety and well-being.”