প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী মহামান্য কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ঐতিহাসিক ভাৰত ভ্ৰমণৰ সময়ত উষ্ম আদৰণি জনায়। এই ভ্ৰমণত তেওঁক ব্ৰিটেইনৰ সৰ্ববৃহৎ বাণিজ্যিক প্ৰতিনিধি দলে সংগ দিছে।
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে তেওঁ ভাৰত আৰু ব্ৰিটেইনৰ মাজত এক শক্তিশালী আৰু পাৰস্পৰিকভাৱে সমৃদ্ধিশালী ভৱিষ্যতৰ অংশীদাৰী দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে কাইলৈ তেওঁলোকৰ বৈঠকৰ বাবে ইতিবাচক মনোভাৱেৰে বাট চাইছে।
শ্ৰীমোদীয়ে এক্সত লিখিছে;
"ব্ৰিটেইনৰ সৰ্ববৃহৎ বাণিজ্যিক প্ৰতিনিধি দলৰ সৈতে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ প্ৰথম ঐতিহাসিক ভাৰত ভ্ৰমণক আদৰণি জনাইছো। এক শক্তিশালী, পাৰস্পৰিকভাৱে সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে আমাৰ অংশীদাৰী দৃষ্টিভংগীক আগুৱাই নিয়াৰ উদ্দেশ্যে কাইলৈৰ আমাৰ বৈঠকলৈ অপেক্ষা কৰি আছো।
@Keir_Starmer”
Welcome Prime Minister Keir Starmer on your historic first visit to India with the largest ever trade delegation from the UK. Looking forward to our meeting tomorrow for advancing our shared vision of a stronger, mutually prosperous future. @Keir_Starmer pic.twitter.com/Sv29sZ6dzj
— Narendra Modi (@narendramodi) October 8, 2025


