পৰম বীৰ গেলেৰীয়ে ভাৰতৰ ঔপনিৱেশিক মানসিকতাৰ পৰা আঁতৰি নতুন ৰাষ্ট্ৰীয় চেতনাৰ দিশত যাত্ৰাকে প্ৰতিফলিত কৰিছেঃ প্ৰধানমন্ত্ৰী
পৰম বীৰ গেলেৰীয়ে যুৱক-যুৱতীসকলক ভাৰতৰ শৌৰ্য্য আৰু ৰাষ্ট্ৰীয় সংকল্পৰ পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ বাবে অনুপ্ৰাণিত কৰিবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত মুকলি কৰা পৰম বীৰ গেলেৰীক আদৰণি জনাই কয় যে ইয়াত প্ৰদৰ্শিত প্ৰতিকৃতিসমূহৰ জৰিয়তে ৰাষ্ট্ৰৰ অদম্য বীৰসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি আৰু তেওঁলোকৰ ত্যাগৰ বাবে দেশৰ কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। তেওঁ কয় যে এই প্ৰতিকৃতিসমূহৰ জৰিয়তে সৰ্বস্ব ত্যাগেৰে মাতৃভূমিক ৰক্ষা কৰা আৰু ভাৰতৰ ঐক্য তথা অখণ্ডতাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধাসকলক সন্মান জনোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ এই গেলেৰী দুগৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপক আৰু আন-আন বঁটাপ্ৰাপকসকলৰ পৰিয়ালৰ সদস্যৰ গাম্ভীৰ্য্যপূৰ্ণ উপস্থিতিত ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা কাৰ্য্যই অনুষ্ঠানটোক অধিক বিশেষ কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰপতি ভৱনৰ গেলেৰীসমূহত ব্ৰিটিছ যুগৰ জোৱানৰ প্ৰতিকৃতিসমূহ প্ৰদৰ্শিত হৈ আহিছিল, ইয়াৰ ঠাইত এতিয়া দেশৰ পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ প্ৰতিকৃতি প্ৰদৰ্শন কৰা হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ভৱনত পৰম বীৰ গেলেৰী স্থাপন কাৰ্য্য হৈছে ভাৰতৰ ঔপনিৱেশিক মানসিকতাৰ পৰা ওলাই আহি ৰাষ্ট্ৰখনক নতুন চেতনাবোধেৰে সংযোগ কৰাৰ প্ৰচেষ্টাৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁ লগতে কয় যে কিছু বছৰ পূৰ্বে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কেইবাটাও দ্বীপ পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে নামকৰণ কৰা হৈছিল।

নৱ প্ৰজন্মৰ বাবে এই গেলেৰীৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিকৃতিসমূহ আৰু এই গেলেৰী যুৱক-যুৱতীসকলক ভাৰতৰ বীৰত্বৰ পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ এক শক্তিশালী স্থান হিচাপে পৰিগণিত হ’ব। তেওঁ লগতে কয় যে এই গেলেৰীয়ে যুৱক-যুৱতীসকলক ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অভ্যন্তৰীণ শক্তি আৰু সংকল্পৰ গুৰুত্বক স্বীকাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব। তেওঁ এই স্থান এখনি বিকশিত ভাৰতৰ মনোভাৱক মূৰ্ত কৰি তোলা এক স্পন্দনশীল তীৰ্থ হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে।

এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়;

“হে ভাৰতৰ পৰমবীৰ...

হে বীৰ যোদ্ধা, আপোনাসৱক প্ৰণাম!

 

এই ৰাষ্ট্ৰ আপোনালোকৰ ত্যাগৰ বাবে...

ভাৰত মাতাৰ সন্মান ৰক্ষাৰ বাবে কৃতজ্ঞ!

ৰাষ্ট্ৰপতি ভৱনত মুকলি কৰা পৰম বীৰ গেলেৰীত প্ৰদৰ্শিত প্ৰতিকৃতিসমূহৰ জৰিয়তে ৰাষ্ট্ৰৰ অদম্য বীৰসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি আৰু তেওঁলোকৰ ত্যাগৰ বাবে দেশৰ কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। এই প্ৰতিকৃতিসমূহৰ জৰিয়তে সৰ্বস্ব ত্যাগেৰে মাতৃভূমিক ৰক্ষা কৰা আৰু ভাৰতৰ ঐক্য তথা অখণ্ডতাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ যোদ্ধাসকলক সন্মান জনোৱা হৈছে। পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ এই গেলেৰী দুগৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপক আৰু আন-আন বঁটাপ্ৰাপকসকলৰ পৰিয়ালৰ সদস্যৰ গাম্ভীৰ্য্যপূৰ্ণ উপস্থিতিত ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা কাৰ্য্যই অনুষ্ঠানটোক অধিক বিশেষ কৰি তুলিছে।”

“দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰপতি ভৱনৰ গেলেৰীসমূহত ব্ৰিটিছ যুগৰ জোৱানৰ প্ৰতিকৃতিসমূহ প্ৰদৰ্শিত হৈ আহিছিল, ইয়াৰ ঠাইত এতিয়া দেশৰ পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ প্ৰতিকৃতি প্ৰদৰ্শন কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনত পৰম বীৰ গেলেৰী স্থাপন কাৰ্য্য হৈছে ভাৰতৰ ঔপনিৱেশিক মানসিকতাৰ পৰা ওলাই আহি ৰাষ্ট্ৰখনক নতুন চেতনাবোধেৰে সংযোগ কৰাৰ প্ৰচেষ্টাৰ এক উৎকৃষ্ট উদাহৰণ। কিছু বছৰ পূৰ্বে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কেইবাটাও দ্বীপ পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে নামকৰণ কৰা হৈছিল।”

“প্ৰতিকৃতিসমূহ আৰু এই গেলেৰী যুৱক-যুৱতীসকলক ভাৰতৰ বীৰত্বৰ পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ এক শক্তিশালী স্থান হিচাপে পৰিগণিত হ’ব। এই গেলেৰীয়ে যুৱক-যুৱতীসকলক ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অভ্যন্তৰীণ শক্তি আৰু সংকল্পৰ গুৰুত্বক স্বীকাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব। মই এই স্থান এখনি বিকশিত ভাৰতৰ মনোভাৱক মূৰ্ত কৰি তোলা এক স্পন্দনশীল তীৰ্থ হিচাপে পৰিগণিত হ’ব বুলি বিশ্বাসী।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Make nutrition a true 'Jan Andolan': Union Minister Annpurna Devi

Media Coverage

Make nutrition a true 'Jan Andolan': Union Minister Annpurna Devi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”