কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ‘মাদ্ৰাজ আইআইটি’ৰ ‘ডিস্কভাৰী কেম্পাছ’ত ‘ৰাষ্ট্ৰীয় বন্দৰ, জলপথ আৰু উপকূল কেন্দ্ৰ’ (এনটিচিপিডব্লিউচি) উদ্বোধন কৰে।
উচ্চাভিলাষী ‘সাগৰমালা কাৰ্যসূচী’ৰ অধীনত ৭৭ কোটি টকা ব্যয়েৰে ‘এনটিচিপিডব্লিউচি’ স্থাপন কৰা হয়। আদৰ্শ কেন্দ্ৰটোৱে স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৈজ্ঞানিক সহযোগিতা, শিক্ষা, প্ৰায়োগিক গৱেষণা আৰু প্ৰযুক্তি স্থানান্তৰৰ জৰিয়তে সামুদ্ৰিক খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান প্ৰদান কৰিব।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উত্তৰ দি কয়:
"@iitmadras ‘এনটিচিপিডব্লিউচি’য়ে ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বিকাশৰ গতিক শক্তিসমৃদ্ধ কৰিব।
The NTCPWC at @iitmadras will strengthen the growth of India’s maritime sector. https://t.co/Dz0CMYlPK7 https://t.co/h4N5d0cT25
— Narendra Modi (@narendramodi) April 25, 2023


