১৪০ কোটি জনসাধাৰণৰ শক্তিৰে সৱল হৈ ভাৰত কৃত্ৰিম বুদ্ধিমত্তা ৰূপান্তৰৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনত বিশ্বৰ আগশাৰীৰ নেতাসকল, উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকল, উদ্ভাৱক, নীতি নিৰ্ধাৰক, গৱেষক তথা প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী লোকসকলক আদৰণি জনায়।

"সৰ্বজন হিতায়, সৰ্বজন সুখায়-সকলোৰে বাবে কল্যাণ, সকলোৰে বাবে সুখ" শীৰ্ষক বিষয়বস্তুৰ এই সন্মিলনে মানৱ-কেন্দ্ৰিক প্ৰগতি আৰু সৰ্বাত্মক উন্নয়নৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

স্বাস্থ্যসেৱা, শিক্ষা, কৃষি, প্ৰশাসন আৰু উদ্যোগকে ধৰি বিভিন্ন খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱৰ্তনশীল ভূমিকাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে সন্মিলনত হোৱা মত বিনিময়ে উদ্ভাৱন, সহযোগিতা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দায়িত্বশীল ব্যৱহাৰৰ ওপৰত আন্তৰ্জাতিক আলোচনাক সমৃদ্ধ কৰাৰ জৰিয়তে এক প্ৰগতিশীল, উদ্ভাৱনীমূলক আৰু সুযোগ-অন্বেষী ভৱিষ্যত গঠন কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে ১৪০ কোটি লোকৰ শক্তি, শক্তিশালী ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, প্ৰাণৱন্ত ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ আৰু অত্যাধুনিক গৱেষণাৰ জৰিয়তে চালিত আন্তৰ্জাতিক কৃত্ৰিম বুদ্ধিমত্তা ৰূপান্তৰত ভাৰতৰ নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিয়ে উচ্চাকাংক্ষা আৰু দায়িত্ব দুয়োটা প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে দেশ প্ৰযুক্তিগত অগ্ৰগতিৰ শীৰ্ষত উপনীত হৈছে।

এক্স-ত এটা থ্ৰেড পোষ্ট শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে লিখিছেঃ

" কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰিবলৈ বিশ্ব একত্ৰিত হৈছে!

আজিৰ পৰা ভাৰতে দিল্লীৰ ভাৰত মণ্ডপমত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলন আয়োজন কৰিছে। মই এই সন্মিলনলৈ সমগ্ৰ বিশ্বৰ নেতা, উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকল, উদ্ভাৱক, নীতি নিৰ্ধাৰক, গৱেষক তথা প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী লোকসকলক আন্তৰিকতাৰে আদৰণি জনাইছো। সন্মিলনখনৰ বিষয়বস্তু সৰ্বজন হিতায়, সৰ্বজন সুখায় বা সকলোৰে বাবে কল্যাণ, সকলোৰে বাবে সুখ। ইয়াৰ জৰিয়তে মানৱ-কেন্দ্ৰিক প্ৰগতিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা ত্বৰান্বিত কৰাৰ আমাৰ অংশীদাৰী দায়বদ্ধতা প্ৰতিফলিত হৈছে।"

"কৃত্ৰিম বুদ্ধিমত্তাই আজি স্বাস্থ্যসেৱা, শিক্ষা, কৃষি, প্ৰশাসন আৰু উদ্যোগকে ধৰি কেইবাটাও খণ্ডত পৰিৱৰ্তন সাধন কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনে উদ্ভাৱন, সহযোগিতা, দায়িত্বশীল ব্যৱহাৰকে ধৰি কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন দিশ সন্দৰ্ভত আন্তৰ্জাতিক আলোচনাক সমৃদ্ধ কৰিব। এই সন্মিলনৰ জৰিয়তে এক প্ৰগতিশীল, উদ্ভাৱনীমূলক আৰু সুযোগ-অন্বেষী ভৱিষ্যত গঢ়াত সহায় হ’ব বুলি মই বিশ্বাস কৰো। "

"ভাৰতৰ ১৪০কোটি লোকক ধন্যবাদ জনাইছো। আমাৰ দেশ কৃত্ৰিম বুদ্ধিমত্তা ৰূপান্তৰৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত হৈছে। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি এক প্ৰাণৱন্ত ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ আৰু অত্যাধুনিক গৱেষণালৈকে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত আমাৰ অগ্ৰগতিয়ে উচ্চাকাংক্ষা আৰু দায়িত্ব দুয়োটা দিশকে প্ৰতিফলিত কৰে।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Maruti Suzuki Fronx becomes fastest Indian SUV to hit 2 lakh exports

Media Coverage

Maruti Suzuki Fronx becomes fastest Indian SUV to hit 2 lakh exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of benevolent actions and welfare of others
August 19, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that the true fulfilment of human life lies in constantly working for the welfare and well-being of other living beings.

The Prime Minister shared a Sanskrit Subhashitam-

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”

The Subhashitam conveys that the ultimate fulfillment of human life in this world lies in constantly performing benevolent and welfare-oriented actions toward other living beings through one's physical capabilities, wealth, intellect, and speech.

The Prime Minister wrote on X;

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”