আপোনজনক হেৰুৱাই শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ কাষত চৰকাৰ থিয় দিছেঃ প্ৰধানমন্ত্ৰী
আহতসকলক সম্ভাৱ্য সকলো চিকিৎসা সহায় আগবঢ়াবলৈ কোনো ক্ৰটি কৰা নহয়ঃ প্ৰধানমন্ত্ৰী
এই স্মৰণীয় দুৰ্ঘটনা লাঘৱ কৰিবলৈ প্ৰধানমন্ত্ৰী ‘সমগ্ৰ চৰকাৰ’ পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে
ক্ষিপ্ৰ তদন্ত আৰু দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে তৎকালীন আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীয়ে কয় যে সাহায্য আৰু উদ্ধাৰৰ লগতে ৰে’ল বিভাগে ট্ৰেকসমূহ ক্ষিপ্ৰতাৰে পুনৰ স্থাপন কৰাটো নিশ্চিত কৰাৰ কাম কৰি আছে
প্ৰধানমন্ত্ৰীয়ে ৰে’ল দুৰ্ঘটনাস্থলী আৰু চিকিৎসালয়খন পৰিদৰ্শন কৰে, য’ত আহতসকলে চিকিৎসা গ্ৰহণ কৰি আছে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা ভ্ৰমণ কৰি বালাচৰত সংঘটিত মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাৰ পিছত চলি থকা উদ্ধাৰ আৰু সাহায্য প্ৰচেষ্টাৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ৰে’ল দুৰ্ঘটনাস্থলী আৰু চিকিৎসালয়খন পৰিদৰ্শন কৰে, য’ত আহতসকলে চিকিৎসা গ্ৰহণ কৰি আছে৷ 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰে’লত যাত্ৰা কৰি থকা বিভিন্ন ৰাজ্যৰ লোকসকল এই স্মৰণীয় দুৰ্ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈছে। মৰ্মান্তিকভাৱে প্ৰাণ হেৰুৱাসকলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আহতসকলক সম্ভৱপৰ সকলো চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ কোনো ক্ৰুটি কৰা নহয়। নিজৰ আপোনজনক হেৰুওৱা শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ কাষত চৰকাৰ থিয় দিছে বুলিও তেওঁ কয়। 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই শোকাৱহ দুৰ্ঘটনাৰ সঠিক আৰু ক্ষিপ্ৰ তদন্ত নিশ্চিত কৰিবলৈ আৰু দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে তৎকালীন আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ ওড়িশা চৰকাৰ, স্থানীয় প্ৰশাসন আৰু স্থানীয় জনসাধাৰণ, বিশেষকৈ যুৱক-যুৱতীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে, যিসকলে  নিশাটোৰ ভিতৰতে বিভিন্নজনৰ সহায় আগবঢ়াইছিল। তেওঁ লগতে আহতসকলক সহায় কৰিবলৈ ৰক্তদানৰ বাবে বৃহৎ হাৰত উপস্থিত হোৱা স্থানীয় নাগৰিকসকলক প্ৰশংসা কৰে৷ তেওঁ কয় যে ৰে’লৱেই উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ লগতে ৰে’লপথৰ ক্ষিপ্ৰতাৰে পুনৰ স্থাপন নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। স্থানীয় কৰ্তৃপক্ষ, দুৰ্যোগ সাহায্য বাহিনীৰ কৰ্মী আৰু ৰে’লৱেৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই শোকাৱহ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে ‘সমগ্ৰ চৰকাৰ’ পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi At SRCC:

Media Coverage

PM Modi At SRCC: "Those Who Pushed India Into 'Fragile 5' Can't Digest 7.8%"
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."