উত্তৰাখণ্ডৰ বান আৰু বৰষুণ ক্ষতিগ্ৰস্ত অঞ্চলৰ বাবে ১২০০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
মৃতকৰ পৰিয়ালৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ
শেহতীয়া বানপানী আৰু ভূমিস্খলনৰ ফলত অনাথ শিশুসকলক পি এম কেয়াৰছ ফৰ চিলড্ৰেন আঁচনিৰ অধীনত ব্যাপক সহায় আগবঢ়োৱাৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ
ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
এনডিআৰএফ, এছডিআৰএফ আৰু আপদা মিত্ৰ স্বেচ্ছাসেৱকসকলৰ কৰ্মীসকলকো সাক্ষাৎ কৰি তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আন্তঃগাঁথনি পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ বাবে পূৰ্ণ সমৰ্থনৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (১১ ছেপ্টেম্বৰ, ২০২৫ত) ডেৰাডুন ভ্ৰমণ কৰি উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত কৰি সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ লগতে উত্তৰাখণ্ডত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন কৰে। তেওঁ উত্তৰাখণ্ডৰ বাবে ১২০০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ অঞ্চল আৰু ইয়াৰ জনসাধাৰণক সোনকালে সুস্থ হৈ উঠাত সহায় কৰিবলৈ বহুমাত্ৰিক পন্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ, ৰাষ্ট্ৰীয় ঘাইপথ, বিদ্যালয় পুনৰ নিৰ্মাণ, পিএমএনআৰএফৰ জৰিয়তে সাহাৰ্য প্ৰদান, পশুধনৰ বাবে মিনি কিট বিতৰণ আদি ব্যৱস্থা অন্তৰ্ভুক্ত হ’ব।

প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীনৰ অধীনত উত্তৰাখণ্ড চৰকাৰে গ্ৰামাঞ্চলত ঘৰ পুনৰ নিৰ্মাণৰ বাবে দাখিল কৰা “বিশেষ প্ৰকল্প’’ৰ অধীনত বানপানীৰ ফলত ঘৰৰ ক্ষতিসাধন হোৱা যোগ্য পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলসমূহক উত্তৰাখণ্ডলৈ প্ৰেৰণ কৰি ৰাজ্যখনৰ ক্ষতিৰ পৰিমাণ মূল্যায়ন কৰাৰ লগতে তেওঁলোকৰ বিশদ প্ৰতিবেদনৰ ভিত্তিত অধিক সহায়ৰ কথা বিবেচনা কৰাৰ আশ্বাস দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে এই জটিল সময়ত ৰাজ্য চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াব।

প্ৰধানমন্ত্ৰীয়ে ভূমিস্খলন, বানপানীকে ধৰি উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰে। ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি আত্মীয়ক হেৰুওৱা পৰিয়ালসমূহক আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে মৃতকৰ নিকাত্মীয়ৰ বাবে ২ লাখ টকা আৰু বানপানী আৰু আনুষংগিক দুৰ্যোগত গুৰুতৰভাৱে আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে শেহতীয়া বানপানী আৰু ভূমিস্খলনৰ ফলত অনাথ হৈ পৰা শিশুসকলে পি এম কেয়াৰছ ফৰ চিলড্ৰেন আঁচনিৰ জৰিয়তে সাহায্য লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ দীৰ্ঘম্যাদী যত্ন আৰু কল্যাণ নিশ্চিত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু নিয়মৰ অধীনত ৰাজ্যসমূহক অন্তৱৰ্তীকালীন সময়ৰ বাবে সাহাৰ্য হিচাপে অগ্ৰিম ধন প্ৰদান কৰা হৈছে। ৰাজ্যৰ স্মাৰক পত্ৰ আৰু কেন্দ্ৰীয় দলসমূহৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে মূল্যায়নৰ অধিক পৰ্যালোচনা কৰিব। তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ অভিযানত অৰিহণা যোগোৱা এনডিআৰএফ, এছডিআৰএফ, সেনা, ৰাজ্য প্ৰশাসন আৰু অন্যান্য সেৱামুখী সংগঠনৰ কৰ্মীসকলৰো শলাগ লয় প্ৰধানমন্ত্ৰীয়ে।

 

প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ জটিলতাক স্বীকাৰ কৰি পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰচেষ্টা হাতত ল’ব বুলি আশ্বাস দিয়ে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Jagadguru Basaveshwara on Basava Jayanthi
April 20, 2026

The Prime Minister, Shri Narendra Modi, paid homage to Jagadguru Basaveshwara on the occasion of Basava Jayanthi.

Shri Modi said that on the special occasion of Basava Jayanthi, he is paying homage to Jagadguru Basaveshwara and his enduring teachings. He noted that Basaveshwara’s vision of a just society, along with his unwavering efforts to empower the people, will always motivate us.

The Prime Minister posted on X;

“On the special occasion of Basava Jayanthi, paying homage to Jagadguru Basaveshwara and his enduring teachings. His vision of a just society, along with his unwavering efforts to empower the people, will always motivate us.”