প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী এইচ ই শ্ৰী লৰেন্স ৱাঙৰ সৈতে অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিক্স খণ্ডৰ ছিংগাপুৰৰ এক আগশাৰীৰ কোম্পানী এ ই এম পৰিদৰ্শন কৰে। তেওঁলোকক বিশ্বব্যাপী অৰ্ধপৰিবাহী মূল্য শৃংখলাত এ.ই.এম.-ৰ ভূমিকা, ইয়াৰ কাৰ্যকলাপ আৰু ভাৰতৰ বাবে পৰিকল্পনাৰ বিষয়ে অৱগত কৰা হয়। ছিংগাপুৰ অৰ্ধপৰিবাহী উদ্যোগ সংস্থাই ছিংগাপুৰত অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ বিকাশ আৰু ভাৰতৰ সৈতে সহযোগিতাৰ সুযোগ সন্দৰ্ভত এক চমু বিৱৰণ দাঙি ধৰে। এই খণ্ডৰ আন কেইবাটাও ছিংগাপুৰীয় কোম্পানীৰ প্ৰতিনিধিও উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনৰ ১১-১৩ ছেপ্টেম্বৰত গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হ'বলগীয়া ছেমিকন ইণ্ডিয়া প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰৰ অৰ্ধপৰিবাহী কোম্পানীসমূহক আমন্ত্ৰণ জনায়।

 

ভাৰতত অৰ্ধপৰিবাহী উৎপাদন পৰিস্থিতিতন্ত্ৰ বিকাশৰ বাবে আমাৰ প্ৰচেষ্টা আৰু এই ক্ষেত্ৰত ছিংগাপুৰৰ সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দুয়োপক্ষই দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লয়। ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় বৈঠকত দুয়োপক্ষই দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ স্তম্ভ হিচাপে অৰ্ধপৰিবাহীৰ ওপৰত গুৰুত্ব দি এডভান্স মেনুফেকচাৰিঙ বিকাশ কৰিবলৈ সন্মত হয়। দুয়োপক্ষই ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰ অংশীদাৰীত্বৰ ক্ষেত্ৰতো বুজাবুজি চুক্তি সম্পাদন কৰে।

 

ইয়াৰ সৈতে সংগতি ৰাখি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা উৰিষ্যাৰ বিশ্ব দক্ষতা কেন্দ্ৰৰ ভাৰতীয় শিক্ষাৰ্থীসকলৰ লগতে চিআইআই-এণ্টাৰপ্ৰাইজ ছিংগাপুৰ ইণ্ডিয়া ৰেডি টেলেণ্ট প্ৰগ্ৰামৰ অধীনত ভাৰত ভ্ৰমণ কৰা ছিংগাপুৰৰ শিক্ষাৰ্থী আৰু এইএমত কৰ্মৰত ভাৰতীয় অভিযন্তাসকলৰ সৈতেও বাৰ্তালাপ কৰে।

 

দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে এই ক্ষেত্ৰত সহযোগিতা বিকাশৰ বাবে দুয়োপক্ষৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ৱাঙক এই ভ্ৰমণত সংগ দিয়াৰ বাবে প্ৰশংসা জনায়।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"