প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি সকলোকে সীমান্তৱৰ্তী গাঁওসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে।

শ্ৰী মোদীয়ে কয় যে এই ভ্ৰমণে আমাৰ যুৱক-যুৱতীসকলক ভিন্ন সংস্কৃতিৰে পৰিচয় কৰাব আৰু ইয়াত বসবাস কৰা লোকসকলৰ আতিথ্যৰ অভিজ্ঞতা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব।

অমৃত মহোৎসৱৰ টুইটাৰ হেণ্ডেলৰ এটি টুইট থ্ৰেডত সদৰী কৰা অনুসৰি, ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমৰ অধীনত ওড়িশাৰ যুৱক-যুৱতীসকলে কিবিথু আৰু টুটিঙৰ গাঁওসমূহ ভ্ৰমণ কৰিছে।
ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমে যুৱক-যুৱতীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন-প্ৰণালী, জনজাতি, লোক সংগীত আৰু হস্তশিল্প সম্পৰ্কে পৰিচয়ৰ এক সুযোগ প্ৰদান কৰিছে আৰু ইয়াৰ স্থানীয় সোৱাদ আৰু প্ৰাকৃতিক সৌন্দৰ্য্যত তেওঁলোক মুগ্ধ হৈছে।

অমৃত মহোৎসৱৰ টুইট থ্ৰেডলৈ সঁহাৰি জনাই, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“নিশ্চয়কৈ এক স্মৰণীয় অভিজ্ঞতা। মই ভাৰতৰ যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি আনকো সীমান্তৰ গাঁওসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো। ই আমাৰ যুৱক-যুৱতীসকলক ভিন্ন সংস্কৃতিৰে পৰিচয় কৰাব আৰু তেওঁলোকক ইয়াত বসবাস কৰা লোকসকলৰ আতিথ্যৰ অভিজ্ঞতা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব।”

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
What Is Firefly, India-Based Pixxel's Satellite Constellation PM Modi Mentioned In Mann Ki Baat?

Media Coverage

What Is Firefly, India-Based Pixxel's Satellite Constellation PM Modi Mentioned In Mann Ki Baat?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM congratulates the Indian Men’s team on winning the Kho Kho World Cup
January 19, 2025

Lauding their grit and dedication as commendable, the Prime Minister Shri Narendra Modi today congratulated the Indian Men’s team on winning the Kho Kho World Cup.

He wrote in a post on X:

“Today’s a great day for Indian Kho Kho. 

Incredibly proud of Indian Men's Kho Kho team for winning the Kho Kho World Cup title. Their grit and dedication is commendable. This win will contribute to further popularising Kho Kho among the youth.”