প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকক ডিডি নেচনেলত ১৪ আৰু ১৫ এপ্ৰিলৰ নিশা ৮ বজাত সম্প্ৰচাৰ হ’বলগীয়া দুটা-খণ্ডৰ দূৰদৰ্শনৰ ‘ধৰোহৰ ভাৰত কী’ তথ্যচিত্ৰখনি উপভোগৰ আহ্বান জনাইছে।
দূৰদৰ্শনৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"এয়া আমাৰ ঐতিহ্য, আমাৰ স্বাধীনতাৰ বাবে সৰ্বস্ব ত্যাগ কৰা আমাৰ স্বাধীনতা সংগ্ৰামী আৰু দেশৰ সেৱা কৰাসকলৰ বীৰত্বৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য।
১৪ আৰু ১৫ এপ্ৰিলৰ নিশা ৮ বজাত @DDNationalত এই দুটা-খণ্ডৰ তথ্যচিত্ৰখনি উপভোগ কৰো আহক। #DharoharBharatKi"
A tribute to our heritage, our freedom fighters who sacrificed their all to secure our Independence and the valour of those who serve in uniform.
— Narendra Modi (@narendramodi) April 14, 2023
Do watch this two-part documentary on @DDNational on 14th and 15th April at 8 PM. #DharoharBharatKi https://t.co/5lf3X7CiCH


