প্ৰধানমন্ত্ৰীয়ে কাংগ্ৰাত এখনি বৈঠকত ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা আৰু মূল্যায়ন কৰে
প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ বান আৰু বৃষ্টিপাত প্ৰভাৱিত অঞ্চলসমূহলৈ ১৫০০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে
প্ৰধানমন্ত্ৰীয়ে মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য ঘোষণা কৰে
প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাক্ষাতেৰে সমবেদনা জ্ঞাপন কৰে
প্ৰধানমন্ত্ৰীয়ে এনডিআৰএফ, এছডিআৰএফ-ৰ জোৱান আৰু আপদ মিত্ৰ স্বেচ্ছাসেৱকসকলকো সাক্ষাতেৰে তেওঁলোকৰ প্ৰচেষ্টাৰ শলাগ লয়
কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আন্তঃগাঁথনি পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ বাবে সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ ভ্ৰমণেৰে ৰাজ্যখনৰ বান পৰিস্থিতি আৰু ইয়াৰ পৰিণতিত তথা ডাৱৰ বিস্ফোৰণ, বৃষ্টিপাত আৰু ভূমিস্খলনৰ বাবে ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমে আকাশমাৰ্গেৰে হিমাচল প্ৰদেশৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কাংগ্ৰাত এখনি চৰকাৰী বৈঠকত ভাগ লৈ গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ পৰ্য্যালোচনাৰ লগতে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰে। ইয়াতে প্ৰধানমন্ত্ৰী মোদীয়ে হিমাচল প্ৰদেশলৈ ১৫০০ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। তেখেতে এছডিআৰএফ আৰু পিএম কিষাণ সন্মান নিধিৰ দ্বিতীয় কিস্তিৰ ধনৰাশি আগতীয়াকৈ মোকলাই দিয়া হ’ব বুলি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ অঞ্চলটো আৰু জনসাধাৰণৰ জীৱন-যাত্ৰাক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ বহু-মাত্ৰিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। ইয়াৰ উপায়সমূহ হৈছেঃ পিএম আৱাস যোজনাৰ জৰিয়তে গৃহসমূহৰ পুনৰ নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ পুনৰ নিৰ্মাণ, বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ, পিএমএনআৰএফ-ৰ অধীনত সাহায্য প্ৰদানৰ লগতে পশুধনৰ বাবে মিনি কিট বিতৰণ আদি।

 

এই সময়ত কৃষক ৰাইজলৈ সহায় আগবঢ়োৱাৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথা অনুধাৱনেৰে বৰ্তমান বিদ্যুৎ যোগান ব্যাহত হোৱা কৃষকসকললৈ অতিৰিক্ত সাহায্য আগবঢ়োৱা হ’ব।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ক্ষতিগ্ৰস্ত গৃহসমূহৰ জিঅ’টেগিং কৰা হ’ব। ইয়াৰ জৰিয়তে ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন আৰু ক্ষতিগ্ৰস্তসকলক ক্ষীপ্ৰতাৰে সাহায্য প্ৰদানত সহায়ক হ’ব।

অবিৰত শিক্ষাদান কাৰ্য্য নিশ্চিত কৰিবলৈ বিদ্যালয়সমূহে ক্ষয়-ক্ষতিৰ ৰিপৰ্ট আৰু জিঅ’টেগ কৰিব পাৰিব, ইয়াৰ জৰিয়তে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সময়মতে সাহায্য প্ৰদান কৰিব পৰা যাব।

 

বৰষুণৰ পানী সংগ্ৰহ আৰু সংৰক্ষণত সহায়ক হোৱাকৈ পানী সংগ্ৰহৰ বাবে ৰিচাৰ্জ গঠন স্থাপন কৰা হ’ব। এনে প্ৰচেষ্টাৰাজিয়ে ভূগৰ্ভস্থ পানীৰ স্তৰ উন্নত কৰিব আৰু উন্নত পানী ব্যৱস্থাপনাত সহায় কৰিব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় টীমসমূহক হিমাচল প্ৰদেশ ভ্ৰমণলৈ প্ৰেৰণ কৰিছে আৰু তেওঁলোকে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিছে। তেওঁলোকৰ বিশদ প্ৰতিবেদনৰ ভিত্তিত অধিক সহায়ৰ কথা বিবেচনা কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে এই দুৰ্য্যোগত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহকো সাক্ষাৎ কৰে। তেওঁ ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন আৰু গভীৰ শোক প্ৰকাশ কৰে। তেখেতে এই কঠিন সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাব আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে বানপানী আৰু প্ৰাকৃতিক দুৰ্য্যাগত মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে শেহতীয়া বানপানী আৰু ভূমিস্খলনৰ ফলত অনাথ হৈ পৰা শিশুসকলক পি এম কেয়াৰছ ফৰ চিলড্ৰেন আঁচনিৰ অধীনত ব্যাপক সহায় আগবঢ়োৱা হ’ব।  ইয়াৰ দ্বাৰা তেওঁলোকৰ দীৰ্ঘম্যাদী কল্যাণ নিশ্চিত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দুৰ্য্যাগ ব্যৱস্থাপনা নিয়মৰ অধীনত ৰাজ্যসমূহলৈ সকলো সাহায্য আগতীয়াকৈ আগবঢ়োৱা হৈছে। তেওঁ এনডিআৰএফ, এছডিআৰএফ, সেনা, ৰাজ্যিক প্ৰশাসন আৰু আন-আন সেৱা-মুখী সংগঠনৰ কৰ্মীসকলে তাৎক্ষণিক সাহায্য আৰু সঁহাৰিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ স্মাৰকপত্ৰৰ লগতে কেন্দ্ৰীয় টীমসমূহৰ প্ৰতিবেদনৰ ভিত্তিত মূল্যায়নৰ অধিক পৰ্য্যালোচনা কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ ভয়াৱহতাৰ কথা স্বীকাৰেৰে কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতিৰে মোকাবিলাকৰণৰ অৰ্থে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership