প্ৰধানমন্ত্ৰীয়ে গুৰুদাসপুৰত এখনি বৈঠকত ভাগ লৈ ক্ষয়-ক্ষতিৰ পর্য্যালোচনা আৰু মূল্যায়ন কৰে
ইতিমধ্যে পঞ্জাৱলৈ আগবঢ়োৱা ১২,০০০ কোটি টকাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ ১৬০০ কোটি টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে
প্ৰধানমন্ত্ৰীয়ে মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য ঘোষণা কৰে
প্ৰধানমন্ত্ৰীয়ে শেহতীয়া বানপানী আৰু ভূমিস্খলনত অনাথ হোৱা শিশুসকলক পিএম কেয়াৰছ ফৰ চিলড্ৰেন আঁচনিৰ অধীনত সকলো সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে
প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাক্ষাতেৰে সমবেদনা জ্ঞাপন কৰে
প্ৰধানমন্ত্ৰীয়ে এনডিআৰএফ, এছডিআৰএফৰ জোৱান আৰু আপদ মিত্ৰ স্বেচ্ছাসেৱকসকলকো সাক্ষাতেৰে তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰে
কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আন্তঃগাঁথনি পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ বাবে সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱ ভ্ৰমণেৰে ডাৱৰ বিস্ফোৰণ আৰু ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে পঞ্জাৱৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। ইয়াৰ পিছতে গুৰুদাসপুৰত বিষয়াবৰ্গ আৰু নিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতে এখনি চৰকাৰী পৰ্য্যালোচনা বৈঠকত ভাগ লয়। ইয়াত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ পৰ্য্যালোচনাৰ লগতে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰে।

 

ইতিমধ্যে পঞ্জাৱলৈ আগবঢ়োৱা ১২,০০০ কোটি টকাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ ১৬০০ কোটি টকাৰ বিত্তীয় সাহায্যৰ কথা ঘোষণা কৰে। লগতে এছডিআৰএফ আৰু পিএম কিষাণ সন্মান নিধিৰ দ্বিতীয় কিস্তিৰ ধনৰাশিও আগতীয়াকৈ মোকলাই দিয়াৰ কথা ঘোষণা কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ অঞ্চলটো আৰু জনসাধাৰণৰ জীৱন-যাত্ৰাক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ বহু-মাত্ৰিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। ইয়াৰ উপায়সমূহ হৈছেঃ পিএম আৱাস যোজনাৰ জৰিয়তে গৃহসমূহৰ পুনৰ নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ পুনৰ নিৰ্মাণ, বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ, পিএমএনআৰএফ-ৰ অধীনত সাহায্য প্ৰদানৰ লগতে পশুধনৰ বাবে মিনি কিট বিতৰণ আদি।

এই সময়ত কৃষক ৰাইজলৈ সহায় আগবঢ়োৱাৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথা অনুধাৱনেৰে বৰ্তমান বিদ্যুৎ যোগান ব্যাহত হোৱা কৃষকসকললৈ অতিৰিক্ত সাহায্য আগবঢ়োৱা হ’ব। ৰাজ্য চৰকাৰৰ নিৰ্দিষ্ট প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত প্ৰকল্পৰ ধৰণত পুনৰ নিৰ্মাণৰ বাবে সমৰ্থন বৃদ্ধি কৰা হ’ব।

 

ডিজেল-চালিত ব'ৰ পাম্পৰ বাবে, পাৰ ড্ৰপ ম’ৰ ক্ৰপৰ নীতি-নিৰ্দেশনাৰ অধীনত ক্ষুদ্ৰ জলসিঞ্চনৰ অৰ্থে সৌৰ পেনেল আৰু সমৰ্থনৰ বাবে এমএনআৰই-ৰ সৈতে সহযোগিতা স্থাপন কৰা হ'ব।

প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামীণৰ অধীনত পঞ্জাৱ চৰকাৰে গ্ৰামাঞ্চলৰ গৃহসমূহ পুনৰ নিৰ্মাণৰ বাবে দাখিল কৰা “বিশেষ প্ৰকল্প” অনুসৰি বানপানীত গৃহৰ ক্ষতিসাধন হোৱা যোগ্য পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

পঞ্জাৱৰ শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হোৱা চৰকাৰী বিদ্যালয়সমূহলৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব। ৰাজ্য চৰকাৰে নিৰ্দেশনা অনুসৰি সকলো প্ৰয়োজনীয় সহায়ক তথ্য প্ৰদান কৰিব লাগিব।

জল সঞ্চয় জন ভাগিদাৰী কাৰ্য্যসূচীৰ অধীনত পঞ্জাৱত পানী সংগ্ৰহৰ বাবে ৰিচাৰ্জ ষ্ট্ৰাকচাৰ স্থাপনৰ কাম ব্যাপকভাৱে হাতত লোৱা হ’ব। ইয়াৰ লক্ষ্য হৈছে ক্ষতিগ্ৰস্ত ৰিচাৰ্জ গঠন মেৰামতি আৰু অতিৰিক্ত পানী সংগ্ৰহৰ গঠন নিৰ্মাণ। এই প্ৰচেষ্টাসমূহে বৰষুণৰ পানী সংগ্ৰহ কাৰ্য্য বৃদ্ধিৰ লগতে দীৰ্ঘ-ম্যাদী পানীৰ বহনক্ষমতা নিশ্চিত কৰিব।

 

কেন্দ্ৰীয় চৰকাৰে আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় টীমসমূহো পঞ্জাৱলৈ প্ৰেৰণেৰে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিছে আৰু তেওঁলোকৰ বিশদ প্ৰতিবেদনৰ ভিত্তিত অধিক সহায় আগবঢ়োৱাৰ কথা বিবেচনা কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে এই প্ৰাকৃতিক দুৰ্য্যোগত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেখেতে এই কঠিন সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাব আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে এই দুৰ্য্যোগ আৰু বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহকো সাক্ষাৎ কৰে। তেখেতে এই দুখ-কষ্ট ভোগ কৰা লোকসকলৰ কাষত থকাৰ মনোভাৱ প্ৰকাশৰ লগতে প্ৰিয়জনক হেৰুৱাবলগীয়া হোৱাত গভীৰ শোক প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে এই বানপানী আৰু প্ৰাকৃতিক দুৰ্য্যোগত প্ৰাণহানি হোৱা লোকসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে শেহতীয়া বানপানী আৰু ভূমিস্খলনত অনাথ হোৱা শিশুসকলক পিএম কেয়াৰছ ফৰ চিলড্ৰেন আঁচনিৰ অধীনত সকলো সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ইয়াৰ ফলশ্ৰুতিত তেওঁলোকৰ দীৰ্ঘ-ম্যাদী কল্যাণ নিশ্চিত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দুৰ্য্যাগ ব্যৱস্থাপনা নিয়মৰ অধীনত ৰাজ্যসমূহলৈ সকলো সাহায্য আগতীয়াকৈ আগবঢ়োৱা হৈছে। তেখেতে এনডিআৰএফ, এছডিআৰএফ, সেনা, ৰাজ্যিক প্ৰশাসন আৰু আন-আন সেৱা-মুখী সংগঠনৰ কৰ্মীসকলে তাৎক্ষণিক সাহায্য আৰু সঁহাৰিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ স্মাৰকপত্ৰৰ লগতে কেন্দ্ৰীয় টীমসমূহৰ প্ৰতিবেদনৰ ভিত্তিত মূল্যায়নৰ অধিক পৰ্য্যালোচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ ভয়াৱহতাৰ কথা স্বীকাৰেৰে কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতিৰে মোকাবিলাকৰণৰ অৰ্থে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG

Media Coverage

India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Bankim Chandra Chattopadhyay on His Jayanti
June 26, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to the great Bankim Chandra Chattopadhyay on his Jayanti, remembering him as a towering literary luminary whose writings ignited the spirit of patriotism and cultural pride among generations of Indians.

Highlighting the significance of the year, Shri Modi noted that India is commemorating the 150th anniversary of Vande Mataram. He remarked that through Vande Mataram, Bankim Chandra Chattopadhyay gifted the Indian freedom movement and the nation one of its most enduring sources of inspiration.

The Prime Minister posted on X:

Tributes to the great Bankim Chandra Chattopadhyay on his Jayanti.

A towering literary luminary, his writings awakened a spirit of patriotism and cultural pride among generations of Indians. His rich literary work continues to illuminate minds and strengthen our collective resolve towards nation-building.

This is a time when we are marking the 150th anniversary of Vande Mataram. Through Vande Mataram, he gifted the freedom movement and our nation one of its most enduring inspirations.

মহান বঙ্কিম চন্দ্র চট্টোপাধ্যায়ের জয়ন্তীতে তাঁর প্রতি শ্রদ্ধাঞ্জলি।

এক সুবিশাল সাহিত্যিক আলোকবর্তিকা হিসেবে, তাঁর লেখা প্রজন্মান্তরের ভারতীয়দের মধ্যে দেশপ্রেম এবং সাংস্কৃতিক গৌরবের চেতনা জাগ্রত করেছিল। তাঁর সমৃদ্ধ সাহিত্যকর্ম মনকে উদ্ভাসিত করে চলেছে এবং জাতি গঠনের প্রতি আমাদের সম্মিলিত সংকল্পকে শক্তিশালী করছে।

এখন আমরা বন্দে মাতরমের ১৫০তম বার্ষিকী উদযাপন করছি। বন্দে মাতরমের মাধ্যমে, তিনি স্বাধীনতা আন্দোলন এবং আমাদের জাতিকে অন্যতম দীর্ঘস্থায়ী অনুপ্রেরণা উপহার দিয়েছিলেন।