১৭ জানুৱাৰীত মালদাত ৩,২৫০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ উৎসৰ্গা তথা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
হাওৰা আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
সম্পূৰ্ণ শীতাতপ নিয়ন্ত্রিত বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনে প্ৰদান কৰিব আধুনিক, আৰামদায়ক আৰু সুলভ দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ অভিজ্ঞতা
হুগলীৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন তথা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
আভ্যন্তৰীণ জল পৰিবহণ আৰু আঞ্চলিক সংযোগ ত্বৰান্বিত কৰি বালাগড়ত সম্প্ৰসাৰিত পোৰ্ট গেট ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ জানুৱাৰীত পশ্চিমবংগ ভ্ৰমণ কৰিব।

১৭ জানুৱাৰীত প্ৰায় ১২.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মালদা ভ্ৰমণ কৰি মালদা টাউন ৰে’লৱে ষ্টেচনত হাওৰা আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজত ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ শুভাৰম্ভ কৰিব। তাৰ পাছত বিয়লি প্ৰায় ১.৪৫ বজাত, প্ৰধানমন্ত্ৰীয়ে মালদাত এক ৰাজহুৱা অনুষ্ঠানত ৩,২৫০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব আৰু কিছুসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

১৮ জানুৱাৰীৰ বিয়লি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰীয়ে হুগলী জিলাৰ ছিংগুৰত প্ৰায় ৮৩০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু কিছুসংখ্যক প্ৰকল্প মুকলি কৰিব।

মালদাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে মালদা ভ্ৰমণ কৰি পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলত সংযোগ শক্তিশালী কৰা তথা উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৩,২৫০ কোটি টকা ব্যয়সাপেক্ষ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে মালদা টাউন ৰেলৱে ষ্টেচন ভ্ৰমণ কৰি হাওৰা আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজত ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ শুভাৰম্ভ কৰিব। তেওঁ গুৱাহাটী (কামাখ্যা)-হাওৰা বন্দে ভাৰত শ্লিপাৰ ৰে’ল ভাৰ্চুৱেলী মুকলি কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিকশিত, সম্পূৰ্ণ শীতাতপ নিয়ন্ত্রিত বন্দে ভাৰত শ্লিপাৰ ৰে’লে যাত্ৰীসকলক মিতব্যয়ী ভাড়াত বিমান সেৱাৰ দৰে ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু হৈছে। এই ৰে’লসেৱাৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ যাত্ৰা দ্ৰুত, নিৰাপদ আৰু অধিক সুবিধাজনক হৈ উঠিব। হাওৰা-গুৱাহাটী (কামাখ্যা) পথত ভ্ৰমণৰ সময় প্ৰায় আঢ়ৈ ঘণ্টা হ্ৰাস কৰি এই ৰে’লে ধৰ্মীয় ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট উৎসাহ যোগাব।

প্ৰধানমন্ত্ৰীয়ে নিউ জলপাইগুৰিত শেহতীয়া সুবিধাসম্পন্ন ৰচদ-পাতি ব্যৱস্থাপনাৰ সুবিধা, শিলিগুৰি লোকো শ্বেডৰ উন্নয়ন আৰু জলপাইগুৰি জিলাত বন্দে ভাৰত ৰে’লৰ ব্যৱস্থাপনাৰ সুবিধাৰ আধুনিকীকৰণ তথা বালুৰঘাট আৰু হিলিৰ মাজত নতুন ৰে’ললাইনকে ধৰি পশ্চিমবংগত চাৰিটা মুখ্য ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে যাত্ৰী আৰু ৰচদ-পাতি সৰবৰাহ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে উত্তৰ বংগত লজিষ্টিক দক্ষতা উন্নত কৰিব তথা অঞ্চলটোত নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে নতুন কোচবিহাৰ-বামনহাট আৰু নতুন কোচবিহাৰ-বক্সিৰহাটৰ মাজত ৰে’লপথৰ বৈদ্যুতিকীকৰণ প্ৰকল্প ৰাষ্ট্ৰক উৎসৰ্গা কৰাৰ জৰিয়তে দ্ৰুত, পৰিষ্কাৰ আৰু অধিক শক্তি-অনুকূল ৰে’ল চলাচল সম্ভৱ হ’ব।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে নিউ জলপাইগুৰি-নাগৰক’ইল অমৃত ভাৰত এক্সপ্ৰেছ, নিউ জলপাইগুৰি-তিৰুচিৰাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-এছ এম ভি টি বেংগালুৰু অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-মুম্বাই (পানভেল) অমৃত ভাৰত এক্সপ্ৰেছকে ধৰি চাৰিখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰিব। ইয়াৰ জৰিয়তে সুলভ আৰু নিৰ্ভৰযোগ্য দীৰ্ঘ দূৰত্বৰ ৰে’ল সংযোগ বৃদ্ধি হব। এই সেৱাসমূহে আন্তঃৰাজ্যিক অৰ্থনৈতিক আৰু সামাজিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সাধাৰণ নাগৰিক, শিক্ষাৰ্থী, প্ৰব্ৰজনকাৰী শ্ৰমিক তথা ব্যৱসায়ীসকলৰ যাতায়াতৰ সূচলতা সুনিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাধিকাপুৰ-এছ এম ভি টি বেংগালুৰু এক্সপ্ৰেছ, বালুৰঘাট-এছ এম ভি টি বেংগালুৰু এক্সপ্ৰেছ নামৰ এল এইচ বি কোচযুক্ত দুখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰিব। এই ৰে’লসমূহে অঞ্চলটোৰ যুৱক-যুৱতী, শিক্ষাৰ্থী তথা তথ্য প্ৰযুক্তিৰ পেছাদাৰীসকলক বেংগালুৰুৰ দৰে প্ৰধান তথ্য প্ৰযুক্তি আৰু নিযুক্তি কেন্দ্ৰসমূহলৈ প্ৰত্যক্ষ, সুৰক্ষিত আৰু আৰামদায়ক ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৩১ডিৰ ধুপগুৰি-ফালাকাটা অংশৰ উন্নীতকৰণ আৰু চাৰিশৰীয়া পথলৈ পৰিবৰ্তন কৰা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এয়া হৈছে এক গুৰুত্বপূৰ্ণ পথ প্ৰকল্প, যিয়ে আঞ্চলিক পথ সংযোগ উন্নত কৰাৰ লগতে উত্তৰ বংগত যাত্ৰী আৰু সামগ্ৰীৰ সূচল যাতায়াতৰ সুবিধা প্ৰদান কৰিব।

এই প্ৰকল্পসমূহে আধুনিক আন্তঃগাঁথনি সৃষ্টি আৰু উন্নত সংযোগ সুনিশ্চিত কৰাৰ লগতে পূব আৰু উত্তৰ-পূব অঞ্চলসমূহক ৰাষ্ট্ৰৰ মূল বিকাশৰ ইঞ্জিন হিচাপে শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

হুগলিত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে হুগলীৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে বালাগড়ত এক আভ্যন্তৰীণ জল পৰিবহণ (আইডব্লিউটি) টাৰ্মিনেল আৰু এখন অ’ভাৰ ব্ৰীজকে ধৰি সম্প্ৰসাৰিত পোৰ্ট গেট ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰায় ৯০০ একৰ বিস্তৃত এলেকা সামৰি থকা বালাগড়ক প্ৰতি বছৰে প্ৰায় ২৭ লাখ টন (এমটিপিএ) পৰিকল্পিত ক্ষমতাৰ সৈতে এক আধুনিক কাৰ্গো হেণ্ডেলিং টাৰ্মিনেল হিচাপে বিকশিত কৰা হৈছে। এই প্ৰকল্পটোত এটা কণ্টেইনাৰাইজড কাৰ্গো তথা এটা ড্ৰাই বাল্ক কাৰ্গোৰ বাবে মুঠ দুটা ডেডিকেটেড কাৰ্গো হেণ্ডেলিং জেটি নিৰ্মাণ কৰা হৈছে।

বালাগড় প্ৰকল্পৰ লক্ষ্য হৈছে ঘন নগৰীয়া কৰিডৰৰ পৰা গধুৰ কাৰ্গো চলাচল আঁতৰাই কাৰ্গো স্থানান্তৰৰ সামৰ্থ্য উল্লেখযোগ্যভাৱে উন্নত কৰা। ই পথ সুৰক্ষা বৃদ্ধি কৰাৰ লগতে কলকাতা চহৰত যান-জঁট আৰু প্ৰদূষণ হ্ৰাস কৰিব তথা বাসিন্দাসকলৰ জীৱনৰ মান উন্নত কৰাত অৰিহণা যোগাব। উন্নত মাল্টিম’ডেল সংযোগ আৰু লজিষ্টিক দক্ষতাই আঞ্চলিক উদ্যোগ, এমএছএমই আৰু কৃষি উৎপাদকসকলকো সুলভ বজাৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰিব। এই প্ৰকল্পটোৱে লজিষ্টিক, টাৰ্মিনেলৰ কাম-কাজ, পৰিবহণ সেৱা, ৰক্ষণাবেক্ষণ আৰু আনুষংগিক কাৰ্যকলাপত চাকৰি সৃষ্টিৰ জৰিয়তে স্থানীয় সম্প্ৰদায়সমূহক উপকৃত কৰি যথেষ্ট পৰিমাণে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কলকাতাত অত্যাধুনিক বৈদ্যুতিক কেটামাৰনৰো শুভাৰম্ভ কৰিব। কোচিন শ্বিপয়াৰ্ড লিমিটেডে আভ্যন্তৰীণ জল পৰিবহণৰ বাবে থলুৱাভাৱে নিৰ্মাণ কৰা ৬ টা বৈদ্যুতিক কেটামাৰানৰ ভিতৰত এয়া অন্যতম। উন্নত বৈদ্যুতিক প্ৰপালচন প্ৰণালী আৰু লিথিয়াম-টাইটেনেট বেটাৰি প্ৰযুক্তিৰে সজ্জিত ৫০ গৰাকী যাত্ৰী কঢ়িওৱাৰ সুবিধা থকা হাইব্ৰিড বৈদ্যুতিক এলুমিনিয়াম কেটামাৰানে সম্পূৰ্ণ বৈদ্যুতিক শূন্য-নিৰ্গমন প্ৰণালীৰ লগতে সম্প্ৰসাৰিত সহনশীলতাৰ বাবে হাইব্ৰিড পদ্ধতিত কাম কৰিবলৈ সক্ষম। জাহাজখনে নগৰীয়া নদীৰ চলাচল, পৰিবেশ-পৰ্যটন আৰু হুগলী নদীৰ কাষৰ প্ৰান্তীয় অঞ্চলৰ যাত্ৰীসকলৰ যোগাযোগত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে জয়ৰামবাটী-বৰগোপীনাথপুৰ-মইনাপুৰ নতুন ৰে’ল লাইনো উদ্বোধন কৰিব। এই লাইনটো তাৰকেশ্বৰ-বিষ্ণুপুৰ নতুন ৰে’ললাইন প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ অংশ। নতুন ৰে’ললাইনৰ লগতে বৰগোপীনাথপুৰত ৰোৱাৰ সুবিধাসহ মইনাপুৰ আৰু জয়ৰামবাটীৰ মাজত নতুন ৰে’ল সেৱাও মুকলি কৰা হ’ব। ইয়াৰ জৰিয়তে বাঁকুৰা জিলাৰ বাসিন্দাসকলে পোনপটীয়া ৰে’ল সংযোগ লাভ কৰাৰ ফলত দৈনিক যাত্ৰী, শিক্ষাৰ্থী তথা তীৰ্থযাত্ৰীসকলৰ বাবে ভ্ৰমণ অধিক সুলভ আৰু সুবিধাজনক হ’ব।

প্ৰধানমন্ত্ৰীয়ে কলকাতা (হাওৰা)-আনন্দ বিহাৰ টাৰ্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ, কলকাতা (শিয়ালদহ)-বেনাৰস অমৃত ভাৰত এক্সপ্ৰেছ, কলকাতা (সন্তৰাগাচি)-টাম্বৰম অমৃত ভাৰত এক্সপ্ৰেছকে ধৰি তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA

Media Coverage

Tirupati Begins First Mango Pulp Exports To UK Under India-UK FTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"