নতুন বন্দে ভাৰত ৰে’লসমূহে ভ্ৰমণৰ সময় হ্ৰাস, আঞ্চলিক গতিশীলতা বৃদ্ধি আৰু কেইবাখনো ৰাজ্যৰ পৰ্যটন আৰু বাণিজ্যক প্ৰসাৰিত কৰিব

ভাৰতৰ আধুনিক ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নৱেম্বৰত বাৰাণসী ভ্ৰমণ কৰিব আৰু পুৱা ৮:১৫ বজাত ৪খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব।

নাগৰিকক সহজ, দ্ৰুত আৰু বিশ্বমানৰ ৰে’ল সেৱা প্ৰদানৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত এয়া আন এক মাইলৰ খুঁটি। বাৰাণসী-খাজুৰাহো, লক্ষ্ণৌ-চাহাৰানপুৰ, ফিৰোজপুৰ-দিল্লী আৰু এৰ্নাকুলাম-বেংগালুৰু পথত চলিব এই নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল। ইয়াৰ ফলত প্ৰধান গন্তব্যস্থানসমূহৰ মাজত যাত্ৰাৰ সময় হ্ৰাস পাব, আঞ্চলিক সংযোগ বৃদ্ধি পাব, পৰ্যটন বৃদ্ধি পাব আৰু সমগ্ৰ দেশৰ অৰ্থনৈতিক কাৰ্যকলাপত সহায় কৰিব।

ইয়াৰ দ্বাৰা বাৰাণসী-খাজুৰাহো-বন্দে ভাৰত পথত পোনপটীয়া সংযোগৰ ব্যৱস্থা হ’ব। বৰ্তমানৰ ৰে’লৰ তুলনাত ২ ঘণ্টা ৪০ মিনিট হ্ৰাস পাব। ইয়াৰ জৰিয়তে বাৰাণসী, প্ৰয়াগৰাজ, চিত্ৰকূট, খাজুৰাহোকে ধৰি ভাৰতৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক স্থানসমূহ সংযোগ কৰা হ’ব, যাৰ ফলত ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটন বৃদ্ধিয়েই নহয়, ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ খাজুৰাহোলৈ তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ যাত্ৰাও সহজ হৈ পৰিব।

লক্ষ্ণৌ আৰু চাহাৰনপুৰ বন্দে ভাৰত এক্সপ্ৰেছত ৭ ঘণ্টা ৪৫ মিনিট সময় লাগিব। যাত্ৰাৰ সময় প্ৰায় ১ ঘণ্টা হ্ৰাস পাব। লক্ষ্ণৌ, সীতাপুৰ, শ্বাহজাহানপুৰ, বেৰেলী, মোৰাদাবাদ, বিজনোৰ আৰু চাহাৰনপুৰৰ যাত্ৰীসকলে সৰ্বাধিক লাভৱান হ’ব। তদুপৰি, ৰুৰকী হৈ পবিত্ৰ চহৰ হৰিদ্বাৰলৈ যোৱাৰ সুবিধাও উন্নত হ’ব। এই সেৱাই সমগ্ৰ মধ্য আৰু পশ্চিম উত্তৰপ্ৰদেশৰ সংযোগ বৃদ্ধিত আৰু আঞ্চলিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ফিৰোজপুৰ-দিল্লী বন্দে ভাৰত এই পথত সৰ্বাধিক দ্ৰুততম ৰে’ল হ’ব, ৬ ঘণ্টা ৪০ মিনিট সময় লাগিব। ইয়াৰ জৰিয়তে ৰাজধানী আৰু পঞ্জাৱৰ ফিৰোজপুৰ, ভাটিণ্ডা আৰু পাটিয়ালাৰ দৰে চহৰৰ মাজত সংযোগ উন্নত হ’ব। বাণিজ্য, পৰ্যটন, কৰ্মসংস্থাপনৰ সুবিধা বৃদ্ধি কৰাৰ উপৰি এই ৰে’লখনে সীমান্ত অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত আগবাঢ়ি যাব আৰু ৰাষ্ট্ৰীয় বজাৰৰ সৈতে অধিক সংযুক্ত হ’ব বুলি আশা কৰা হৈছে।

দক্ষিণ ভাৰতত এৰ্নাকুলাম-বেংগালুৰু-বন্দে ভাৰতে যাত্ৰাৰ সময় প্ৰায় দুঘণ্টা হ্ৰাস কৰিব। ই প্ৰধান আই টি আৰু বাণিজ্যিক কেন্দ্ৰসমূহক সংযোগ কৰিব। পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আৰু পৰ্যটকে দ্ৰুত আৰু আৰামদায়কভাৱে যাত্ৰা কৰাৰ সুযোগ পাব। কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ মাজত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পাব। পৰ্যটনৰো সম্প্ৰসাৰণ হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুন 2026
June 21, 2026

PM Modi Taking India’s Traditions to Every Corner of the World