শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
উত্তৰপ্ৰদেশ বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩ৰ চতুৰ্থ ভূমি পূজন অনুষ্ঠানত সমগ্ৰ উত্তৰ প্ৰদেশত ১০ লাখ কোটিতকৈ অধিক মূল্যৰ ১৪০০০ প্ৰকল্প আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ফেব্ৰুৱাৰী, ২০২৪ত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব।

পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে সম্ভল জিলাৰ শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে শ্ৰী কল্কি ধাম মন্দিৰৰ আৰ্হিও উন্মোচন কৰিব আৰু সভাত ভাষণ আগবঢ়াব। শ্ৰী কল্কি ধাম নিৰ্মাণ ন্যাসৰ দ্বাৰা শ্ৰী কল্কি ধাম নিৰ্মাণ কৰি থকা হৈছে, যাৰ অধ্যক্ষ আচাৰ্য প্ৰমোদ কৃষ্ণম। এই কাৰ্যসূচীত বহু সন্ত, ধৰ্মগুৰু আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

দুপৰীয়া প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত উত্তৰপ্ৰদেশৰ বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩ (ইউপিজিআইএছ, ২০২৩)ৰ সময়ত লাভ কৰা বিনিয়োগৰ প্ৰস্তাৱৰ চতুৰ্থ ভূমি পূজন অনুষ্ঠানত সমগ্ৰ উত্তৰ প্ৰদেশত ১০ লাখ কোটিতকৈ অধিক মূল্যৰ ১৪,০০০ প্ৰকল্প আৰম্ভ কৰিব। এই প্ৰকল্পসমূহ উৎপাদন, নবীকৰণযোগ্য শক্তি, তথ্য-প্ৰযুক্তি আৰু আইটিইএছ, খাদ্য প্ৰক্ৰিয়াকৰণ, গৃহ নিৰ্মাণ আৰু ৰিয়েল এষ্টেট, আতিথ্য আৰু মনোৰঞ্জন, শিক্ষা আদি খণ্ডৰ সৈতে জড়িত। এই কাৰ্যসূচীত উল্লেখযোগ্য উদ্যোগপতি, শীৰ্ষ বিশ্ব আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধি, ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্ত আৰু অন্যান্য বিশিষ্ট অতিথিকে ধৰি প্ৰায় ৫,০০০ লোকে অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth