পুনে মেট্ৰ’ৰ সম্পূৰ্ণ হোৱা অংশৰ উদ্বোধনী অনুষ্ঠানত মেট্ৰ’ ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
এই উদ্বোধনী অনুষ্ঠান সমগ্ৰ দেশতে নাগৰিকসকলক আধুনিক আৰু পৰিৱেশ অনুকূল গণ দ্ৰুত নগৰ পৰিবহণ ব্যৱস্থা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
শিৱাজী নগৰৰ ভূগৰ্ভস্থ মেট্ৰ’ ষ্টেচনৰ এক সুকীয়া ডিজাইন আছে, যি ছাত্ৰপতি শিৱাজী মহাৰাজে নিৰ্মাণ কৰা দুৰ্গবোৰৰ কথা মনত পেলাই দিয়ে।
ষ্টেচনৰ চালখন এনেদৰে তৈয়াৰ কৰা হৈছে যে পোনপটীয়া সূৰ্যৰ পোহৰ প্লেটফৰ্মত পৰে।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে পিচিএমচিয়ে নিৰ্মাণ কৰিবলগীয়া প্ৰায় ১,১৯০টা পিএমএৱাই ঘৰৰ লগতে পুনে মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰা ৬,৪০০ৰো অধিক ঘৰৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ আগষ্টত মহাৰাষ্ট্ৰৰ পুনে ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে দগদুষেঠ মন্দিৰত দৰ্শন আৰু পূজা অৰ্চনা কৰিব। পুৱা ১১:৪৫ বজাত তেওঁক লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব। ইয়াৰ পিছত দিনৰ ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মেট্ৰ’ ৰে’লৰ ফ্লেগ অফ কৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে পুনে মেট্ৰ’ প্ৰথম পৰ্যায়ৰ দুটা কৰিড’ৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা অংশত সেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত মেট্ৰ’ ৰে’লৰ ফ্লেগ অফ কৰিব। ২০১৬ চনত প্ৰধানমন্ত্ৰীয়ে নিজেই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। নতুন অংশই পুনে চহৰৰ গুৰুত্বপূৰ্ণ স্থান যেনে-শিৱাজী নগৰ, অসামৰিক আদালত, পুনে পৌৰ নিগমৰ কাৰ্যালয়, পুনে আৰটিঅ’ আৰু পুনে ৰে’লৱে ষ্টেচনক সংযোগ কৰিব। এই উদ্বোধনী অনুষ্ঠান সমগ্ৰ দেশতে নাগৰিকসকলক আধুনিক আৰু পৰিৱেশ অনুকূল গণ দ্ৰুত নগৰ পৰিবহণ ব্যৱস্থা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

পথটোৰ কেতবোৰ মেট্ৰ’ ষ্টেচনৰ ডিজাইনে ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা প্ৰেৰণা লাভ কৰে। ছত্ৰপতি সম্ভাজী উদ্যান মেট্ৰ’ ষ্টেচন আৰু ডেক্কান জিমখানা মেট্ৰ’ ষ্টেচনৰ এক অনন্য ডিজাইন আছে, যিটো ছত্ৰপতি শিৱাজী মহাৰাজৰ জোৱানসকলে পিন্ধা মূৰৰ পোছাকৰ সৈতে মিল আছে-যাক “মাভালা পাগুৰি” বুলিও কোৱা হয়। শিৱাজী নগৰৰ ভূগৰ্ভস্থ মেট্ৰ’ ষ্টেচনৰ এক সুকীয়া ডিজাইন আছে, যি ছাত্ৰপতি শিৱাজী মহাৰাজে নিৰ্মাণ কৰা দুৰ্গবোৰৰ কথা মনত পেলাই দিয়ে।

আন এটা অনন্য বৈশিষ্ট্য হ’ল যে চিভিল ক’ৰ্ট মেট্ৰ’ ষ্টেচন দেশৰ অন্যতম গভীৰ মেট্ৰ’ ষ্টেচন, ইয়াৰ আটাইতকৈ গভীৰ বিন্দু ৩৩.১ মিটাৰ। ষ্টেচনৰ চালখন এনেদৰে তৈয়াৰ কৰা হৈছে যে পোনপটীয়া সূৰ্যৰ পোহৰ প্লেটফৰ্মত পৰে।

পিমপ্ৰি চিঞ্চৱাদ পৌৰ নিগমৰ অধীনত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্লাণ্ট। প্ৰায় ৩০০ কোটি টকা ব্যয়ৰে বিকশিত এই প্লাণ্টে বছৰি প্ৰায় ২.৫ লাখ মেট্ৰিক টন আৱৰ্জনা বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব।

সকলোৰে বাবে গৃহ মিছনৰ দিশে এখোজ আগুৱাই প্ৰধানমন্ত্ৰীয়ে পিচিএমচিৰ দ্বাৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ১,২৮০টাতকৈও অধিক ঘৰ হিতাধিকাৰীক চমজাই দিব। লগতে পুনে পৌৰ নিগমে নিৰ্মাণ কৰা ২,৬৫০টাতকৈও অধিক পিএমএৱাই গৃহও চমজাই দিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে পিচিএমচিয়ে নিৰ্মাণ কৰিবলগীয়া প্ৰায় ১,১৯০টা পিএমএৱাই ঘৰৰ লগতে পুনে মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰা ৬,৪০০ৰো অধিক ঘৰৰ আধাৰশিলা স্থাপন কৰিব।

এই উপলক্ষে প্ৰধানমন্ত্ৰীক লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব। ১৯৮৩ চনত তিলক স্মাৰক মন্দিৰ ট্ৰাষ্টে, লোকমান্য তিলকৰ উত্তৰাধিকাৰক সন্মান জনাই এই বঁটাটো গঠন কৰিছিল। দেশৰ প্ৰগতি আৰু বিকাশৰ বাবে কাম কৰা আৰু যিসকলৰ অৱদানক উল্লেখযোগ্য আৰু অসাধাৰণ বুলিহে চাব পাৰি তেওঁলোকক এই বঁটা প্ৰদান কৰা হয়। প্ৰতি বছৰে ১ আগষ্টত লোকমান্য তিলকৰ মৃত্যু বাৰ্ষিকীত এই বঁটা প্ৰদান কৰা হয়।

প্ৰধানমন্ত্ৰী হ’ব ৪১সংখ্যক বঁটা প্ৰাপক। ইয়াৰ পূৰ্বে ড° শংকৰ দয়াল শৰ্মা, শ্ৰী প্ৰণৱ মুখাৰ্জী, শ্ৰী অটল বিহাৰী বাজপেয়ী, শ্ৰীমতী ইন্দিৰা গান্ধী, ড° মনমোহন সিং, শ্ৰী এন আৰ নাৰায়ণ মূৰ্তি, ড° ই শ্ৰীধৰণ আদিৰ দৰে বিশিষ্ট ব্যক্তিসকলক এই বঁটা প্ৰদান কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New electronics parts manufacturing projects poised to create 75,000 jobs: Vaishnaw

Media Coverage

New electronics parts manufacturing projects poised to create 75,000 jobs: Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of benevolent actions and welfare of others
August 19, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that the true fulfilment of human life lies in constantly working for the welfare and well-being of other living beings.

The Prime Minister shared a Sanskrit Subhashitam-

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”

The Subhashitam conveys that the ultimate fulfillment of human life in this world lies in constantly performing benevolent and welfare-oriented actions toward other living beings through one's physical capabilities, wealth, intellect, and speech.

The Prime Minister wrote on X;

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”