শিৰডীৰ শ্ৰী ছাইবাবা সমাধি মন্দিৰত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে
মন্দিৰত নতুন দৰ্শন কিউ কমপ্লেক্স উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
নীলৱাণ্ডে বান্ধৰ জল পূজন সম্পন্নৰ লগতে ইয়াৰ বাওঁপাৰৰ কেনেল নেটৱৰ্ক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
৮৬ লাখৰো অধিক কৃষক হিতাধিকাৰীক উপকৃতকাৰী ‘নমো শেটকাৰী মহাসন্মান নিধি যোজনা’ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
মহাৰাষ্ট্ৰত প্ৰায় ৭৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰথমবাৰৰ বাবে গোৱাত অনুষ্ঠিতব্য ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ অক্টোবৰ, ২০২৩ত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব।

দুপৰীয়া প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদনগৰ জিলাৰ শিৰডীত উপস্থিত হৈ শ্ৰী ছাইবাবা সমাধি মন্দিৰত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব। লগতে মন্দিৰৰ নতুন দৰ্শন কিউ কমপ্লেক্স উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰীয়ে নীলৱাণ্ডে বান্ধৰ জল পূজন সম্পন্নৰ লগতে বান্ধটোৰ এটা কেনেল নেটৱৰ্ক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। বিয়লি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে শিৰডীত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে স্বাস্থ্য, ৰে’ল, পথ, তেল আৰু গেছ আদি খণ্ডৰ প্ৰায় ৭৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

সন্ধিয়া প্ৰায় ০৬:৩০ বজাত প্ৰধানমন্ত্ৰী গোৱাত উপস্থিত হৈ ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰিব।

মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিবলগীয়া শিৰডীস্থিত নতুন দৰ্শন কিউ কমপ্লেক্স হৈছে ভক্তসকলৰ বাবে আৰামদায়ক অপেক্ষাৰ স্থান প্ৰশস্তকৰণৰ অৰ্থে নিৰ্মিত এক অত্যাধুনিক বৃহৎ ভৱন। ইয়াত দহ হাজাৰৰো অধিক ভক্তৰ বাবে আসনৰ ক্ষমতা থকা কেইবাটাও অপেক্ষাগৃহ আছে। ইয়াত শীততাপ নিয়ন্ত্ৰিত ৰাজহুৱা সুবিধা যেনেঃ ক্ল’ক ৰুম, টয়লেট, বুকিং কাউন্টাৰ, প্ৰসাদ কাউন্টাৰ, তথ্য কেন্দ্ৰ আদিৰ ব্যৱস্থা আছে। ২০১৮ৰ অক্টোবৰত এই নতুন দৰ্শন কিউ কমপ্লেক্সৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীগৰাকীয়েই স্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে নীলৱাণ্ডে বান্ধৰ বাওঁপাৰৰ (৮৫ কিলোমিটাৰ) কেনেল নেটৱৰ্ক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ জৰিয়তে পানীৰ পাইপ বিতৰণ নেটৱৰ্কৰ সুবিধা প্ৰশস্তৰে ৭টা তহচিলৰ (আহমেদনগৰৰ ৬ আৰু নাচিকৰ এটা) ১৮২ খন গাঁও উপকৃত হ’ব। ১৯৭০ত প্ৰথমবাৰৰ বাবে নীলৱাণ্ডে বান্ধৰ পৰিকল্পনা কৰা হৈছিল। প্ৰায় ৫১৭৭ কোটি টকা ব্যয় সাপেক্ষে ইয়াৰ বিকাশ সাধন কৰা হয়।

ৰাজহুৱা কার্য্যসূচীত ভাগ লৈ প্রধানমন্ত্রীয়ে ‘নমো শেটকাৰী মহাসন্মান নিধি আঁচনি’ৰ শুভাৰম্ভ কৰিব। এই যোজনাই মহাৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ৮৬ লাখৰো অধিক হিতাধিকাৰীক উপকৃত কৰিব। ইয়াৰ জৰিয়তে বছৰি ৬০০০ টকাকৈ অতিৰিক্ত ধন প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে আহমেদনগৰ অসামৰিক চিকিৎসালয়ত আয়ুষ হাস্পতালকে প্ৰমুখ্য কৰি একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিবলগীয়া আন-আন প্ৰকল্পসমূহ হৈছেঃ কুৰ্দুৱাদি-লাটুৰ ৰোড ৰেলৱে অংশৰ বৈদ্যুতীকৰণ (১৮৬ কিলোমিটাৰ); জলগাঁওৰপৰা ভূসাৱললৈ ৩য় আৰু ৪ৰ্থ ৰেলপথ (২৪.৪৬ কিলোমিটাৰ); ১৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (পেকেজ-I) চাংলিৰপৰা বৰগাঁও অংশলৈ চাৰি লেনিং; ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ মানমড টাৰ্মিনেলত অতিৰিক্ত সুবিধা আদি।

প্ৰধানমন্ত্ৰীয়ে আহমেদনগৰ অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশু স্বাস্থ্য শাখাৰ আধাৰশিলা স্থাপন কৰিব।

এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড আৰু স্বামিত্ব কাৰ্ডো বিতৰণ কৰিব।

গোৱাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত দেশখনৰ ক্ৰীড়া সংস্কৃতিত লক্ষ্যণীয় পৰিৱৰ্তন সাধন হৈছে। নিৰন্তৰ চৰকাৰী সমৰ্থনৰ ফলশ্ৰুতিত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খেলুৱৈসকলে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। শীৰ্ষ প্ৰদৰ্শনকাৰীসকলক চিনাক্তকৰণ আৰু ক্ৰীড়াৰ জনপ্ৰিয়তা অধিক বৰ্ধনৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিতকৰণৰ তাৎপৰ্য স্বীকাৰেৰে দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছে। 

প্ৰধানমন্ত্ৰীয়ে অহা ২৬ অক্টোবৰত গোৱাৰ মাৰ্গাওৰ পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰিব। তেখেতে এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰা খেলুৱৈসকলক সম্বোধনো কৰিব।

প্ৰথমবাৰৰ বাবে গোৱাত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছে। ২৬ অক্টোবৰৰপৰা ৯ নৱেম্বৰলৈ এই ক্ৰীড়া অনুষ্ঠিত হ’ব। দেশৰ ভিন্ন প্ৰান্তৰ ১০,০০০ ৰোধিক খেলুৱৈয়ে ২৮টা স্থানত ৪৩ ৰোধিক ক্ৰীড়া শিতানত অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GIFT City scales new heights as India's 1st international finance and IT hub

Media Coverage

GIFT City scales new heights as India's 1st international finance and IT hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi’s interaction with BJP booth Karyakartas from Assam ahead of Assembly Elections
March 30, 2026
‘Seva, Sangathan, and Samarpan’, PM Modi says Assam’s BJP karyakartas embody the true spirit of the organisation
When every booth becomes strong, victory becomes certain, and Assam’s future becomes brighter: PM Modi lauding the efforts of BJP karyakartas
The importance of protecting Assam’s identity and tackling issues like illegal infiltration is not just a political issue but one of security, culture and justice: PM Modi
Over a dozen key peace agreements have brought lasting stability, especially in regions like Bodoland: PM Modi

PM Modi interacted with BJP booth karyakartas across Assam as a part of the ‘Mera Booth, Sabse Mazboot’ programme via NaMo App. He energised booth-level members and reaffirmed that every booth remains the foundation of the party’s strength and electoral success. He hailed the true spirit of Assam, calling it a powerful force driving BJP’s growth in the Northeast.

Opening the interaction, PM Modi described himself as a karyakarta first, expressing pride in working alongside the grassroots cadre. He lauded booth karyakartas for their tireless dedication, emphasising that their connect with every household is the BJP’s greatest strength. “Booth jeetoge toh chunav jeetoge,” he reiterated.

Highlighting Assam’s transformation over the past decade, PM Modi underlined the shift from instability and violence to peace, progress, and prosperity under the double engine government. He noted that over a dozen key peace agreements have brought lasting stability, especially in regions like Bodoland.

He stressed the importance of educating first-time voters about Assam’s past challenges, urging karyakartas to actively communicate the contrast between earlier regimes marked by unrest and the current era of stability. He encouraged innovative booth-level engagements to emotionally connect with voters while showcasing developmental achievements.

PM Modi also called for focused outreach to beneficiaries of key welfare schemes such as PM Awas Yojana, PM-Kisan, Ujjwala, and others, urging workers to compile beneficiary lists and strengthen direct engagement. He emphasised turning polling day into a Jan Utsav, with collective participation ensuring maximum voter turnout.
Encouraging youth and women’s participation, PM Modi praised Assam’s Nari Shakti and highlighted initiatives empowering women economically and socially. He urged workers to leverage platforms like the NaMo App and social media to share real-life stories.

Addressing key regional concerns, PM Modi underscored the importance of protecting Assam’s identity and tackling issues like illegal infiltration, calling it not just a political issue but one of security, culture, and justice. He urged karyakartas to raise awareness at the grassroots and support efforts ensuring the rights and dignity of indigenous communities.

He also highlighted the empowerment of tea garden workers through land rights and welfare schemes, calling it a historic step towards dignity and long-term security for lakhs of families.

Reaffirming the guiding principles of ‘Seva, Sangathan, and Samarpan’, PM Modi said that Assam’s BJP karyakartas embody the true spirit of the organisation.

He concluded with a powerful call to action:“When every booth becomes strong, victory becomes certain, and Assam’s future becomes brighter.”