২৫,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰেৱা ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
পঞ্চায়ত পৰ্যায়ত ৰাজহুৱা সামগ্ৰী ক্ৰয়ৰ বাবে সংহত ইগ্ৰামস্বৰাজ আৰু জিইএম পৰ্টেল উদ্বোধন কৰাৰ লগতে প্ৰায় ৩৫ লাখ স্বামীত্ব সম্পত্তি কাৰ্ডো প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
পিএমএৱাই–জিৰ অধীনত ৪ লক্ষাধিক হিতাধিকাৰীৰ ‘গৃহপ্ৰৱেশ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
কোচি জল মেট্ৰ' ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
ছিলভাছাৰ নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
দমনত দেৱকা সমূদ্ৰতীৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আৰু ২৫ এপ্ৰিল, ২০২৩ত মধ্যপ্ৰদেশ, কেৰালা, দাদকা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ ভ্ৰমণ কৰিব৷

২৪ এপ্ৰিলৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব, য’ত তেওঁ প্ৰায় ১৭,০০০ কোটি টকা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।

২৫ এপ্ৰিলৰ পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তিৰুৱনন্তপুৰম কেন্দ্ৰীয় ৰে’ল ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছত প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে তিৰুৱনন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত ৩,২০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ মূল্যৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ উচৰ্গা কৰিব৷

বিয়লি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব আৰু প্ৰায় ৪:৩০ বজাত ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত ৪,৮৫০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে দমনত দেৱকা সমূদ্ৰতীৰ উদ্বোধন কৰিব।

ৰেৱাত পিএম

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশৰ সকলো গাঁওসভা আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানক সম্বোধন কৰিব।

অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পঞ্চায়ত পৰ্যায়ত ৰাজহুৱা সামগ্ৰী ক্ৰয়ৰ বাবে এক সংহত ইগ্ৰামস্বৰাজ আৰু জিইএম পৰ্টেল মুকলি কৰিব। ইগ্ৰামস্বৰাজ– চৰকাৰী ই-মাৰ্কেটপ্লেচ একত্ৰীকৰণৰ উদ্দেশ্য হৈছে পঞ্চায়তসমূহে ইগ্ৰামস্বৰাজ মঞ্চৰ সহায় লৈ জিইএমৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী আৰু সেৱাসমূহ ক্ৰয় কৰিবলৈ সক্ষম কৰা।

চৰকাৰৰ আঁচনিসমূহৰ পৰিপূৰকতা নিশ্চিত কৰাৰ দিশত জনসাধাৰণৰ অংশগ্ৰহণক আগুৱাই নিয়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে “বিকাশ কী ঔৰ সাজে কদম” শীৰ্ষক এক অভিযানৰ শুভাৰম্ভ কৰিব। এই অভিযানৰ বিষয়বস্তু হৈছে—সৰ্বাংগীন উন্নয়ন, অন্তিম মাইলত উপনীত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীক ৩৫লাখ স্বামীত্ব সম্পত্তি কাৰ্ড বিতৰণ কৰিব৷ এই অনুষ্ঠানৰ পাছত এই ৩৫লাখ কাৰ্ডকে ধৰি সমগ্ৰ দেশত স্বামীত্ব আঁচনিৰ অধীনত ১.২৫ কোটি সম্পত্তি কাৰ্ড বিতৰণ কৰা হ’ব৷

‘সকলোৰে বাবে আৱাস’ লাভৰ সপোন পূৰণৰ দিশত এখোজ আগুৱাই প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা–গ্ৰামীণৰ অধীনত ৪লক্ষাধিক হিতাধিকাৰীৰ ‘গৃহপ্ৰৱেশ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২৩০০ কোটি টকাৰ বিভিন্ন ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ উচৰ্গা কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত মধ্যপ্ৰদেশত ১০০শতাংশ ৰে’ল বৈদ্যুতীকৰণৰ লগতে বিভিন্ন দ্বৈত ৰে’লপথ, গজ পৰিৱৰ্তন আৰু বৈদ্যুতীকৰণ প্ৰকল্পও আছে। প্ৰধানমন্ত্ৰীয়ে গোৱালিয়ৰ ষ্টেচনৰ পুনৰ উন্নয়নৰ কামৰো আধাৰশিলা স্থাপন কৰিব।

লগতে প্ৰধানমন্ত্ৰীয়ে জল জীৱন অভিযানৰ অধীনত প্ৰায় ৭,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

তিৰুৱনন্তপুৰমত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে তিৰুৱনন্তপুৰম চেণ্ট্ৰেল ষ্টেচনত তিৰুৱনন্তপুৰম আৰু কাছাৰগোড়ৰ মাজত কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিব। এই ৰে’লখনে তিৰুৱনন্তপুৰম, কোল্লাম, কোট্টায়ম, এৰ্নাকুলাম, থ্ৰিছুৰ, পলাক্কাড, পাথানামথিত্তা, মালাপ্পুৰম, কোঝিকোড়ে, কান্নুৰ আৰু কাছাৰগোড়কে ধৰি ১১খন জিলা সামৰি ল’ব।

প্ৰধানমন্ত্ৰীয়ে ৩২০০ কোটি টকা ৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ প্ৰধানমন্ত্ৰীয়ে কোচি জল মেট্ৰ’খনো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এয়া এনে ধৰণৰ প্ৰকল্প, যিটোৱে কোচি চহৰৰ সৈতে ইয়াৰ চাৰিওফালে থকা ১০টা দ্বীপক বেটাৰী চালিত বৈদ্যুতিক হাইব্ৰিড নাৱৰ জৰিয়তে নিৰৱচ্ছিন্ন সংযোগ কৰিব৷ কোচি জলৰ মেট্ৰ’ৰ উপৰিও ডিণ্ডিগুল-পালানী-পালাক্কাড অংশৰ ৰে’ল বৈদ্যুতিকীকৰণো প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে তিৰুৱনন্তপুৰম, কোঝিকোড়ে, বাৰ্কলা শিৱগিৰি ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়নকে ধৰি বিভিন্ন ৰে’ল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব; যিটোৱে নেমন আৰু কোচুভেলীকে ধৰি তিৰুৱনন্তপুৰম অঞ্চলৰ ব্যাপক উন্নয়ন আৰু তিৰুৱনন্তপুৰম-শ্বোৰানুৰ অংশৰ গতি বৃদ্ধি কৰিব৷

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে তিৰুৱনন্তপুৰমত ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলা স্থাপন কৰিব। ডিজিটেল বিজ্ঞান উদ্যানক একাডেমীৰ সহযোগত উদ্যোগ আৰু ব্যৱসায়িক ইউনিটসমূহে ডিজিটেল সামগ্ৰী আৰু সেৱাসমূহ বিকশিত কৰাৰ বাবে এক মূল গৱেষণা সুবিধা হিচাপে কল্পনা কৰা হৈছে। তৃতীয় প্ৰজন্মৰ বিজ্ঞান উদ্যান হিচাপে ডিজিটেল বিজ্ঞান উদ্যানত উদ্যোগ ৪.০ প্ৰযুক্তি যেনে-কৃত্ৰিম বুদ্ধিমত্তা, তথ্য বিশ্লেষণ, চাইবাৰ ছিকিউৰিটি, স্মাৰ্ট মেটেৰিয়েল আদিৰ ক্ষেত্ৰত সামগ্ৰীৰ বিকাশত সহায়ক হোৱাকৈ সাধাৰণ সুবিধাসমূহ থাকিব। অত্যাধুনিক মৌলিক আন্তঃগাঁথনিয়ে উদ্যোগসমূহৰ দ্বাৰা প্ৰায়োগিক গৱেষণা আৰু বিশ্ববিদ্যালয়সমূহৰ সৈতে সহযোগিতাৰে পণ্যৰ সহ-বিকাশত ব্যাপক সমৰ্থন কৰিব৷ প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰাৰম্ভিক বিনিয়োগ প্ৰায় ২০০ কোটি টকা হোৱাৰ বিপৰীতে মুঠ প্ৰকল্পৰ ব্যয় আনুমানিক ১,৫১৫ কোটি টকা হ’ব৷

ছিলভাছা আৰু মনত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ছিলভাছাৰ নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰি ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব, যিটো প্ৰতিষ্ঠানৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়ে নিজ হাতে ২০১৯ চনৰ জানুৱাৰী মাহত স্থাপন কৰিছিল। এই প্ৰতিষ্ঠানে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ চিকিৎসা সেৱাৰ পৰিৱৰ্তন সাধন কৰিব। অত্যাধুনিক চিকিৎসা মহাবিদ্যালয়খনত উন্নতমানৰ গৱেষণা কেন্দ্ৰ, ২৪x৭ কেন্দ্ৰীয় পুথিভঁৰালকে ধৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনী, বিশেষ চিকিৎসা কৰ্মচাৰী, চিকিৎসা গৱেষণাগাৰ, স্মাৰ্ট প্ৰেক্ষাগৃহ, ৰিছাৰ্চ লেব, শৰীৰবিজ্ঞান সংগ্ৰহালয়, এটা ক্লাব ঘৰ, ক্ৰীড়াৰ সুবিধা আৰু ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলৰ বাবে থকাৰো সুবিধা আছে৷

ইয়াৰ পিছতে ছিলভাছাৰ ছাইলি খেলপথাৰত প্ৰধানমন্ত্ৰীয়ে ৯৬টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব, যাৰ মূল্য ৪,৮৫০ কোটি টকাৰো অধিক৷ এই প্ৰকল্পসমূহৰ ভিতৰত দাদৰা আৰু নগৰ হাভেলী জিলাৰ মৰ্খাল, খেৰদি, ছিণ্ডোনি আৰু মাছাতত চৰকাৰী বিদ্যালয়; দাদৰা আৰু নগৰ হাভেলী জিলাৰ বিভিন্ন পথৰ সৌন্দৰ্য্যবৰ্ধন, শক্তিশালী আৰু বহলীকৰণ; আম্বাৱাদী, পাৰিয়াৰী, দমনৱাড়া, খাৰিৱাদ চৰকাৰী বিদ্যালয় আৰু দমনত চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়; মতি দমন আৰু নানি দমনত মাছ বজাৰ আৰু শ্বপিং কমপ্লেক্স আৰু নানি দমনত পানী যোগান আঁচনি আদি উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে দমনত দেৱকা সমুদ্ৰতীৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। প্ৰায় ১৬৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৫.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সমুদ্ৰতীৰ দেশৰ অন্যতম উপকূলৱৰ্তী খোজকাঢ়িব পৰা পথ। এই সমুদ্ৰতীৰে স্থানীয় অৰ্থনীতিৰ উন্নয়ন সাধন কৰাৰ লগতে অঞ্চলটোলৈ অধিক পৰ্যটকক আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত ই অৱসৰ বিনোদনৰ কেন্দ্ৰবিন্দু হৈ পৰিব। এই সমুদ্ৰতীৰক বিশ্বমানৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰা হৈছে৷ ইয়াত স্মাৰ্ট লাইটিং, পাৰ্কিঙৰ সুবিধা, বাগিচা, খাদ্যৰ বিপনী, বিনোদনমূলক স্থান আৰু ভৱিষ্যতে বিলাসী টেণ্ট চহৰৰ ব্যৱস্থা কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Prime Minister’s State Visit to Uzbekistan
August 30, 2026

MoUs and Agreements

Sl. No.

Title

1.

Cultural Exchange Programme between the Government of the Republic of India and the Government of the Republic of Uzbekistan for the years 2026-30.

2.

Letter of Intent between the Ministry of External Affairs of the Republic of India and the Cultural Heritage Agency of the Republic of Uzbekistan for the conservation and restoration of ancient buddhist sites of Fayaz Tepa and KaraTepa located in Termez, Uzbekistan.

3.

Memorandum of Understanding on Cooperation in the field of archival work between the National Archives under the Ministry of Culture of India and the Agency "Uzarchive" under the Ministry of Justice of the Republic of Uzbekistan.

4.

Memorandum of Understanding between the Government of the Republic of India and the Government of the Republic of Uzbekistan on cooperation in the field of Ayurveda and other traditional systems of medicine.

5.

Memorandum of Understanding between the Ministry of Mines of the Republic of India and Ministry of Mining Industry and Geology of the Republic of Uzbekistan on Cooperation in the fields of Geology and Mineral Resources.

6.

Partnership Program on cooperation between the Ministry of Tourism of the Republic of India and the Tourism Committee of the Republic of Uzbekistan in the field of tourism for 2026-28.

7.

Memorandum of Understanding between The Sushma Swaraj Institute of Foreign Service, Ministry of External Affairs, Republic of India and the Diplomatic Academy at the University of World Economy and Diplomacy, Ministry of Foreign Affairs of the Republic of Uzbekistan.

8.

Memorandum of Understanding (MoU) between the Ministry of Finance of the Republic of India and the Ministry of Economy and Finance of the Republic of Uzbekistan for an Economic and Financial Dialogue.

9.

Agreement between the Ministry of Environment and Forest and Climate Change of the Republic of India and National Committee on Ecology and Climate Change of the Republic of Uzbekistan on cooperation in the field of environmental protection.

10.

Memorandum of Understanding between the Government of the Republic of India and the Government of the Republic of Uzbekistan on Cooperation in the Field of Higher Education and Scientific Research.

11.

Cooperation Agreement between the Gujarat state of the Republic of India and the Samarkand region of the Republic of Uzbekistan of establishment of partnership relations.

Announcements

Sl. No.

Title

1.

Elevating the India-Uzbekistan Strategic Partnership to a Comprehensive Strategic Partnership

2.

Grant of USD 1 million for afforestation in the Aral Sea region

3.

 Lal Bahadur Shastri Scholarship for Hindi Language (100 Scholarships)

4.

ICCR Sanskrit Chair at Tashkent State University of Oriental Studies

5.

Commercial Agreement between NPCI International Payments Ltd (NIPL) with National Interbank Processing Centre JSC (NIPC), Uzbekistan to enable UPI Apps of India to scan national QR - UZQR for making merchant payments in Uzbekistan.