২৫,০০০ কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰ উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
বেংগালুৰুত ‘কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ত নিৰ্মাণ কৰা টাৰ্মিনেল ২ৰ উদ্বোধন; ‘চেন্নাই-মাইশূৰু বন্দে ভাৰত এক্সপ্ৰেছ’ৰ যাত্ৰাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
বেংগালুৰুত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব নাদাপ্ৰভু কেম্পেগৌড়াৰ ১০৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি
বিশাখাপট্টনমত প্ৰধানমন্ত্ৰীয়ে উচৰ্গা কৰিব অ’এনজিচি-ৰ ‘ইউ ফিল্ড অনছ’ৰ ডীপ ৱাটাৰ ব্লক প্ৰকল্প’; ‘গেইল’ৰ ‘শ্ৰীকুলাম অংগুল প্ৰকৃতিক গেছ পাইপলাইন প্ৰকল্প’ৰ আধাৰশিলাও স্থাপন কৰিব
বিশাখাপট্টনমত প্ৰধানমন্ত্ৰীয়ে ‘৬ লেনযুক্ত গ্ৰীনফিল্ড ৰাইপুৰ-বিশাখাপট্টনম ইক’নমিক ক’ৰিডৰ প্ৰকল্প’ৰ অন্ধ্ৰপ্ৰদেশ খণ্ডৰ লগতে বিশাখাপট্টনম ৰে’ল ষ্টেশ্যনৰ পুনৰুন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব
২০১৬ চনত আধাৰশিলা স্থাপন কৰা ‘ৰামাগুন্দুম সাৰ প্ৰকল্প’ উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
দিন্দিগুলত থকা ‘গান্ধীগ্ৰাম গ্ৰামীন প্ৰতিষ্ঠান’ৰ ‘৩৬ সংখ্যক সমাৱৰ্তন সমাৰোহ’ত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ আৰু ১২ নৱেম্বৰ, ২০২২ত কৰ্ণাটক, তমিলনাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগাণা ভ্ৰমণ কৰিব। ১১ নৱেম্বৰৰ পুৱা প্ৰায় ৯.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ বিধান সৌধাত থকা সন্ত কবি শ্ৰী কনকা দাসা আৰু মহৰ্ষি বাল্মিকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰায় ১০.২০ বজাত তেওঁ বেংগালুৰু ৰে’লষ্টেশ্যনত ‘বন্দে ভাৰত এক্সপ্ৰেছ’ আৰু ‘ভাৰত গৌৰৱ কৃষিদৰ্শন ৰে’লগাড়ী’ৰ যাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ ‘কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ত নিৰ্মাণ কৰা ‘টাৰ্মিনেল-২’ৰ উদ্বোধন কৰাৰ পিচত প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব ১০৮ ফুট উচ্চতাৰ নাদাপ্ৰভু কেম্পেগৌড়াৰ প্ৰতিমূৰ্তিটো। ইয়াৰ পিচতে প্ৰায় ১২.৩০ বজাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিয়লি প্ৰায় ৩.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ দিন্দিগুলত থকা ‘গান্ধীগ্ৰাম গ্ৰামীন প্ৰতিষ্ঠান’ৰ ‘৩৬ সংখ্যক সমাৱৰ্তন সমাৰোহ’ত ভাষণ প্ৰদান কৰিব।

১২ নৱেম্বৰৰ পুৱা প্ৰায় ১০.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত এলানি প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সেইদিনা বিয়লি প্ৰায় ৩.৩০ বজাত প্ৰধানমন্ত্ৰী গৰাকী গৈ উপস্থিত হ’বগৈ তেলেংগাণাৰ ৰামাগুন্দুমত থকা ‘আৰএফচিএল’ প্ৰকল্পস্থলীত। ইয়াৰ পিচতে প্ৰায় ৪.১৫ বজাত তেওঁ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব।

 

কৰ্ণাটকৰ বেংগালুৰুত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ ‘কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ত ৫০০০কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা টাৰ্মিনেল-২ৰ শুভ উদ্বোধন কৰিব। এই ব্যৱস্থা সংযোজিত হোৱাৰ পিচত প্ৰতি বছৰে প্ৰায় ২.৫ কোটি বিমানযাত্ৰীৰ সুবিধা প্ৰদান কৰি অহা বিমানবন্দৰটোৰ সামৰ্থ্য দুগুণে বৃ্দ্ধি পাই ৫-৬ কোটি যাত্ৰীলৈ সেৱা আগবঢ়াব পৰা হ’ব।

Watch Live on YouTube at 11.30 AM

বেংগালুৰুৰ ‘ক্ৰন্তিবীৰা ছাংগোল্লী ৰায়ান্না(কএছআৰ)ৰে’লষ্টেশ্যন’ত প্ৰধানমন্ত্ৰীয়ে পতাকা জোকাৰি ‘চেন্নাই-মাইশূৰু বন্দে ভাৰত এক্সপ্ৰেছ’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰিব। এইখন হ’ব দেশৰ পঞ্চমখন আৰু দক্ষিণ ভাৰতৰ প্ৰথমখন ‘বন্দে ভাৰত’ শ্ৰেণীৰ ৰে’লগাড়ী। এইখন ৰে’লগাড়ীৰ সংযোজনে ‘ঔদ্যোগীক প্ৰাণকেন্দ্ৰ’ চেন্নাই, ‘প্ৰযুক্তি আৰু ষ্টাৰ্টআপৰ প্ৰাণকেন্দ্ৰ’ বেংগালুৰু আৰু প্ৰসিদ্ধ পৰ্যটনথলী মাইশূৰুৰ মাজৰ যোগাযোগ ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব। প্ৰধানমন্ত্ৰীয়ে নগৰখনৰ প্ৰতিস্থাতা নাদাপ্ৰভু কেম্পেগৌড়াৰ ৯৮টন ব্ৰঞ্জ আৰু ১২০টন ষ্টীলৰে নিৰ্মাণ কৰি উলিওৱা ১০৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিক ভাবে উন্মোচন কৰিব। ইয়াৰ পিচতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০,৫০০ কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰ একাংশ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে আন একাংশৰ আধাৰশিলী স্থাপন কৰিব।

ইয়াৰ ভিতৰত থকা ‘৬ লে’নযুক্ত গ্ৰীনফিল্ড ৰাইপুৰ-বিশাখাপট্টনম ইক’নমিক ক’ৰিডৰ প্ৰকল্প’ৰ অন্ধ্ৰপ্ৰদেশ খণ্ডৰ আধাৰশিলা স্থাপন কৰিব। ৩৭৫০ কোটিৰো অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া এই অৰ্থনৈতিক কৰিডৰে চত্তিশগড় আৰু ওড়িশাৰ পৰা বিশাখাপট্টনম বন্দৰ তথা চেন্নাইৰ-কলকাতা ৰাষ্ঠ্ৰীয় ঘাইপথৰ মাজৰ যোগাযোগ ব্যৱস্থাক অধিক খৰটকীয়া কৰি তুলিব।

ইফালে, বিশাখাপট্টনমত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব অ’এনজিচি-ৰ ‘ইউ ফিল্ড অনছ’ৰ ডীপ ৱাটাৰ ব্লক প্ৰকল্প’। এই প্ৰকল্পটো ২৯০০ কোটিৰো অধিক টকাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰতিদিনে প্ৰায় ৩ নিযুত ঘনমিটাৰ(এমএমএছচিএমডি) পৰিমাণৰ গেছ উত্পাদনক্ষম এই ক্ষেত্ৰখন হৈছে প্ৰকল্পটোৰ আটাইতকৈ গভীৰ আৱিষ্কাৰ। প্ৰধানমন্ত্ৰীয়ে ‘গেইল’ৰ ৬.৬৫এমএমএছচিএমডি উত্পাদনক্ষম ‘শ্ৰীকুলাম অংগুল প্ৰকৃতিক গেছ পাইপলাইন প্ৰকল্প’ৰ আধাৰশিলাও স্থাপন কৰিব। ৭৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পাইপলাইন প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে ২৬৫০ কোটি টকা।

প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰায় ৪৫০ কোটি টকা ব্যয়ৰে বিশাখাপট্টনম ৰে’ল ষ্টেশ্যনৰ পুনৰুন্নয়ন কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পটোৰ আধাৰশিলাও স্থাপন কৰিব। অত্যাধুনিক সা-সুবিধা সম্বলিত কৰি পুনৰ্বিকশিত কৰিব খোজা ৰে’লষ্টেশ্যনটোৱে প্ৰতিদিনে ৭৫,০০০ যাত্ৰীলৈ সেৱা আগবঢ়োৱাৰ সামৰ্থ্য লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘বিশাখাপট্টনম ফিছিং হাৰবাৰ’ৰ আধুনিকীকৰণ আৰু উত্তৰণ কৰিবলগীয়া প্ৰায় ১৫০ কোটি ব্যয় সাপেক্ষ প্ৰকল্প এটাৰো আধাৰশিলা স্থাপন কৰিব।

তেলেংগাণাত প্ৰধানমন্ত্ৰী

ৰামগুন্দুমত উপস্থিত হ’ব লগা প্ৰধানমন্ত্ৰীগৰাকীয়ে এক অনুষ্ঠানত ৰাজ্যখনত ৰূপায়িত হ’বলগীয়া ৯,৫০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ একাংশ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে আন একাংশৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত তেওঁ ২০১৬ চনৰ ৭ আগষ্টত আধাৰশিলা স্থাপন কৰা ‘ৰামাগুন্দুম সাৰ প্ৰকল্প’(আৰএফচিএল)টো আনুষ্ঠানিক ভাবে উচৰ্গা কৰিব। এই প্ৰকল্পত প্ৰতিবছৰে ১২.৭ লাখমেট্ৰিকটন পৰিমাণৰ ‘নিম-কোটেড’ ইউৰীয়া উত্পাদন কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১০০০ কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা ‘ভদ্ৰাচলম ৰোড-ছাত্তুপল্লী ৰে’লপথ’ছোৱাও ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। তদুপৰি তেওঁ ‘ৰাষ্ট্ৰীয় ঘাইপথ-৭৬৫ডিজি’-ৰ মেদক-সিদ্দিপেট-এলকাথুৰ্থী খণ্ড, ‘ৰাষ্ট্ৰীয় ঘাইপথ-১৬১বিবি’-ৰ বোধন-বাছৰ-ভৈনছা শাখা আৰু ‘ৰাষ্ট্ৰীয় ঘাইপথ-৩৫৩চি’-ৰ সিৰোনচাৰ পৰা মহাদেৱপুৰ খণ্ডত ৰূপায়িত হ’বলগীয়া ২২০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেবাটাও প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব।

তামিলনাডুৰ গান্ধীগ্ৰামত প্ৰধানমন্ত্ৰী

তামিলনাডুৰ দিন্দিগুলত থকা ‘গান্ধীগ্ৰাম গ্ৰামীন প্ৰতিষ্ঠান’ৰ ৩৬ সংখ্যক সমাৱৰ্তন সমাৰোহত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে। এই সমাৰোহত ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ২৩০০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে তেওঁলোকৰ শিক্ষান্ত উপাধিসমূহ গ্ৰহণ কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former PM Shri PV Narasimha Rao Ji on his birth anniversary
June 28, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. Shri Modi remarked that Shri PV Narasimha Rao Ji made enduring contributions to India’s progress during a critical phase of our nation’s history.

The Prime Minister posted on X:

Tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. He made enduring contributions to India’s progress during a critical phase of our nation’s history. He made a mark as an able administrator. He was also a distinguished scholar, blessed with immense knowledge and understanding of India’s diverse culture.