সোণামাৰ্গ সুৰংগই লেহলৈ যোৱা পথত শ্ৰীনগৰ আৰু সোণামাৰ্গৰ মাজত সৰ্ববতৰৰ সংযোগ প্ৰদান কৰিব
প্ৰকল্পটোৱে কৌশলগতভাৱে জটিল লাডাখ অঞ্চললৈ সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন প্ৰৱেশ নিশ্চিত কৰিব
এই প্ৰকল্পই প্ৰতিৰক্ষা লজিষ্টিক বৃদ্ধি কৰিব, অৰ্থনৈতিক বৃদ্ধিৰ বাবে উদ্দীপিত কৰিব, আৰু সমগ্ৰ জম্মু-কাশ্মীৰ আৰু লাডাখত আৰ্থ-সাংস্কৃতিক সংহতিক লাভান্বিত কৰিব
সোণমাৰ্গক বছৰজুৰি পৰ্যটন স্থানলৈ ৰূপান্তৰিত কৰি পৰ্যটনক এক বৃহৎ উত্থান প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ জানুৱাৰীত জম্মু-কাশ্মীৰৰ সোণামাৰ্গ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:৪৫ বজাত তেওঁ সোণামাৰ্গ সুৰংগ পৰিদৰ্শন কৰাৰ পিছতে ইয়াৰ উদ্বোধন কৰা হ’ব। লগতে এই উপলক্ষে সভাত ভাষণো দিব।

প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ সোণামাৰ্গ সুৰংগ প্ৰকল্পটো ২৭০০ কোটিৰো অধিক ব্যয়ৰে নিৰ্মাণ কৰা হৈছে। ইয়াত ৬.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ সোণমাৰ্গ মূল সুৰংগ, এটা প্ৰস্থান সুৰংগ আৰু এপ্ৰ’চ পথসমূহ সন্নিবিষ্ট কৰা হৈছে। সমুদ্ৰপৃষ্ঠৰ পৰা ৮,৬৫০ ফুটতকৈও অধিক উচ্চতাত অৱস্থিত এইটোৱে লেহলৈ যোৱা পথত শ্ৰীনগৰ আৰু সোণামাৰ্গৰ মাজত সৰ্ববতৰৰ সংযোগ বৃদ্ধি কৰিব, ভূমিস্খলন আৰু হিমস্খলনৰ পথসমূহ বাইপাছ কৰি কৌশলগতভাৱে জটিল লাডাখ অঞ্চললৈ সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন প্ৰৱেশ নিশ্চিত কৰিব। ইয়াৰ উপৰিও সোণমাৰ্গক বছৰজুৰি চলিব পৰা গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰি শীতকালীন পৰ্যটন, দুঃসাহসিক ক্ৰীড়া, আৰু স্থানীয় জীৱিকাক উন্নীত কৰি পৰ্যটনক প্ৰসাৰিত কৰিব।

২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া জোজিলা সুৰংগৰ লগতে ইয়াৰ দ্বাৰা পথৰ দৈৰ্ঘ্য ৪৯ কিলোমিটাৰৰ পৰা ৪৩ কিলোমিটাৰলৈ হ্ৰাস কৰা হ’ব আৰু গাড়ীৰ গতিবেগ ঘণ্টাত ৩০ কিলোমিটাৰৰ পৰা ৭০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হ’ব, যাৰ ফলত শ্ৰীনগৰ উপত্যকা আৰু লাডাখৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ-১ৰ নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত হ’ব। এই বৰ্ধিত সংযোগে প্ৰতিৰক্ষা লজিষ্টিক বৃদ্ধি কৰিব, সমগ্ৰ জম্মু-কাশ্মীৰ আৰু লাডাখত অৰ্থনৈতিক বৃদ্ধি আৰু আৰ্থ-সাংস্কৃতিক সংহতিক আগুৱাই নিব।

এই অভিযান্ত্ৰিক কৃতিত্বত তেওঁলোকৰ অৱদান স্বীকাৰ কৰি কঠোৰতম পৰিস্থিতিত নিখুঁতভাৱে কাম কৰা নিৰ্মাণ শ্ৰমিকসকলকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chhattisgarh signs two key MoUs to strengthen PM GatiShakti implementation

Media Coverage

Chhattisgarh signs two key MoUs to strengthen PM GatiShakti implementation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity