ফৰিদাবাদত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘অমৃতা হাস্পটাল’
“নৱ-নিৰ্মিত হাস্পটালখনৰ জৰিয়তে ‘ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰ’ত চিকিত্সা আন্তঃগাঁথনিৰ উত্তৰণ ঘটিব”
মোহালীৰ ‘চাহিবজাদা অজিত্ সিং নগৰ’ত স্থাপিত ‘হোমি ভাবা কেন্সাৰ হাস্পটাল আৰু গৱেষণা প্ৰতিষ্ঠান’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
পাঞ্জাৱ আৰু চুবুৰীয়া ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাইজলৈ বিশ্ব মানৰ চিকিত্সাসেৱা আগবঢ়াব হাস্পটালখনে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ আগষ্ট, ২০২২ত হাৰিয়াণা আৰু পাঞ্জাৱ ভ্ৰমণ কৰিব। সেইদিনা প্ৰধানমন্ত্ৰীয়ে দুখন চিকিত্সা প্ৰতিষ্ঠানৰ দ্বাৰ উন্মোচন কৰাৰ লগতে প্ৰতিষ্ঠান দুখন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। সেই দিনা দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীয়ে হাৰিয়াণাৰ ফৰিদাবাদত  ‘অমৃতা হাস্পটাল’ৰ শুভ উদ্বোধন ঘোষণা কৰিব। তাৰ পিচতে তেওঁ চণ্ডীগড়ৰ ‘চাহিবজাদা অজিত্ সিং নগৰ’(মোহালী)লৈ যাব আৰু দুপৰীয়া প্ৰায় ২.১৫ বজাত মুল্লানপুৰত স্থাপন কৰা ‘হোমি ভাবা কেন্সাৰ হাস্পটাল তথা গৱেষণা প্ৰতিষ্ঠান’খন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।

হাৰিয়াণাত প্ৰধানমন্ত্ৰী

ফৰিদাবাদত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া ‘অমৃতা হাস্পটাল’ৰ জৰিয়তে ‘ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰ’ত আধুনিক চিকিত্সা আন্তঃগাঁথনিয়ে বিশেষ উত্তৰণ লাভ কৰিব। ‘অমৃতানন্দময়ী মঠ’ৰ দ্বাৰা পৰিচালিত ‘ছুপাৰ-স্পেচিয়েলিটী’ হাস্পটালখনত ২৬০০খন বিচনা থাকিব। প্ৰায় ৬০০০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হাস্পটালখনে ফৰিদাবাদৰ লগতে ‘ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰ অঞ্চল’ত আধুনিক স্বাস্থ্যসেৱাৰ সুবিধা আগবঢ়াব।

পঞ্জাৱত প্ৰধানমন্ত্ৰী

পাঞ্জাৱ আৰু দাঁতি কাষৰীয়া ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ আবাসীসকলক বিশ্ব মানৰ কেন্সাৰ চিকিত্সা সেৱা আগবঢ়োৱা লক্ষ্যৰে নতুন চণ্ডিগড়ৰ ‘চাহিবজাদা অজিত্ সিং নগৰ জিলা’(মোহালী)ৰ মুল্লাপুৰত স্থাপন কৰা ‘হোমি ভাবা কেন্সাৰ হাস্পটাল আৰু গৱেষণা প্ৰতিষ্ঠান’খন ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে। ৬৬০ কোটি টকা ব্যয়ৰে ‘টাটা মেম’ৰিয়েল চেণ্টাৰে’ নিৰ্মাণ কৰা হাস্পটালখন ভাৰত চৰকাৰৰ অধীনস্থ ‘আণৱিক শক্তি বিভাগ’ৰ অৰ্থ সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠান হ’ব।

‘তৃতীয় পৰ্যায়ৰ চিকিত্সাসেৱা’ প্ৰদান কৰিবলগীয়া চিকিত্সালয় খনত ৩০০খন বিচনাৰ লগতে সকলো প্ৰকাৰৰ কে্ন্সাৰৰ চিকিত্সা প্ৰদান কৰিব পৰা সা-সুবিধা সম্বলিত হ’ব। চিকিত্সালয়খনত অস্ত্ৰোপচাৰ, ৰেডিঅথেৰাপী আৰু মেডিকেল অনকলজী- কেমোথেৰাপী, ‘ইমিউন’থেৰাপী’ আৰু ‘ব’নমেৰু প্ৰতিষ্ঠাপন’ৰ দৰে চিকিত্সাসেৱাৰ সা-সুবিধা থাকিব।

‘স্পক’-ৰ হিচাপে কাৰ্য সম্পাদন কৰি থকা ছাংগুৰৰ ১০০খন বিচনাযুক্ত হাস্পটালখনৰ লগতে এইখন চিকিত্সালয়ে অঞ্চলটোত কেন্সাৰ চিকিত্সা আৰু নিদানৰ প্ৰাণকেন্দ্ৰ হিচাপে সেৱা আগবঢ়াব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-Japan action plan targets exchange of 5 lakh people in five years, including 50,000 skilled Indians: Gov

Media Coverage

India-Japan action plan targets exchange of 5 lakh people in five years, including 50,000 skilled Indians: Gov
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 জুলাই 2026
July 31, 2026

Building Trust & Capability Under PM Modi : Fair Exams, Homegrown Space Tech & India’s First Telecom Manufacturing Zone