এই সন্মিলনৰ বিষয়বস্তু - শান্তিৰপৰা সমৃদ্ধিলৈ
উত্তৰাখণ্ডক নতুন বিনিয়োগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ডিচেম্বৰ, ২০২৩ত উত্তৰাখণ্ডৰ ডেৰাডুন ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত তেখেতে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত আয়োজন কৰা ‘উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩’ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধন কৰিব।

‘উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩’ হৈছে উত্তৰাখণ্ডক এক নতুন বিনিয়োগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ দিশত এটি পদক্ষেপ। ৮ আৰু ৯ ডিচেম্বৰ, ২০২৩ত দুদিনীয়া সন্মিলনখনিৰ বিষয়বস্তু হৈছে - “শান্তিৰপৰা সমৃদ্ধিলৈ” (Peace to Prosperity)।”

এই সন্মিলনত সমগ্ৰ বিশ্বৰ কেইবা হাজাৰ বিনিয়োগকাৰী আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইয়াত কেন্দ্ৰীয় মন্ত্ৰী, ভিন্ন দেশৰ ৰাষ্ট্ৰদূতসকলৰ লগতে আগশাৰীৰ উদ্যোগপতিসকল তথা আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future