প্রধানমন্ত্রীয়ে কম্বাইণ্ড কমাণ্ডাৰ্ছ কনফাৰেন্স ২০২৩ –ত যোগ দিব
প্রধানমন্ত্রীয়ে ভোপাল – নতুন দিল্লী বন্দে ভাৰত এক্সপ্রেছ যাত্ৰাৰ সূচনা কৰিব

প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ১ এপ্রিল, ২০২৩ –ত ভোপাল ভ্ৰমণ কৰিব। প্রধানমন্ত্রীয়ে পুৱা ১০ বজাত ভোপালৰ কুশাভাউ ঠাকৰে হলত কম্বাইণ্ড কমাণ্ডাৰ্ছ কনফাৰেন্স ২০২৩ –ত যোগ দিব। তাৰপাছত, দুপৰীয়া ৩ বাজি ১৫ মিনিটত প্রধানমন্ত্রীয়ে ভোপালত ৰাণী কমলাপতি ৰে'ল ষ্টেচনত ভোপাল – নতুন দিল্লী বন্দে ভাৰত এক্সপ্রেছ যাত্ৰাৰ সূচনা কৰিব।

কম্বাইণ্ড কমাণ্ডাৰ্ছ কনফাৰেন্স ২০২৩

তিনি দিনৰ সামৰিক কমাণ্ডাৰসকলৰ সন্মিলন অনুষ্ঠিত হ'ব ৩০ মাৰ্চৰ পৰা ১ এপ্রিল, ২০২৩ পর্যন্ত। এইবাৰৰ থিম হ’ল ‘ৰেডি ৰিছার্জেণ্ট ৰেলিভেণ্ট’। সন্মিলনত জাতীয় নিৰাপত্তা সংক্রান্তীয় বিভিন্ন বিষয়ত আলোচনা হ'ব। ইয়াৰ ভিতৰত আছে - সশস্ত্র বাহিনীৰ মাজত সংযোগ আৰু সমন্বয়। আত্মনির্ভৰতা অর্জনৰ লক্ষ্যত সশস্ত্র বাহিনীৰ প্রস্তুতি আৰু প্রতিৰক্ষা ব্যৱস্থাৰ অগ্রগতি সন্দৰ্ভতো পর্যালোচনা কৰা হ'ব।

সন্মিলনত যোগ দিব তিনিটা সশস্ত্র বাহিনীৰ কমাণ্ডাৰসকল আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়াসকলে। সেনাবাহিনী, নৌ-বাহিনী আৰু বিমান বাহিনীৰ সেনা, নাবিক আৰু বৈমানিকে এই আলোচনাত যোগ দিব। তেওঁলোকৰ সৈতে অনানুষ্ঠানিকভাৱেও আলাপ-আলোচনা কৰা হ'ব।

বন্দে ভাৰত এক্সপ্রেছ

বন্দে ভাৰত এক্সপ্রেছে দেশৰ যাত্ৰীসকলৰ ভ্ৰমণৰ অভিজ্ঞতালৈ সম্পূর্ণ পৰিৱৰ্তন আনিছে। ভোপালৰ ৰাণী কমলাপতি ৰে'ল ষ্টেচনত ভোপাল আৰু নতুন দিল্লীৰ মাজত নতুন ট্রেইন আৰম্ভ হ'ব। এইখন সমগ্ৰ দেশত একাদশ বন্দে ভাৰত ট্ৰেইন। সম্পূর্ণ থলুৱাভাৱে নিৰ্মিত বন্দে ভাৰত এক্সপ্রেছত যাত্রী স্বাচ্ছন্দ্যৰ ব্যৱস্থা অত্যাধুনিক। স্বাচ্ছন্দ্যমূলক, আৰামদায়ক, দ্রুত ভ্রমণৰ সুযোগ আনি দিছে এই ট্রেইনে। তাৰ লগতে, ই আঞ্চলিক পর্যটন আৰু অর্থনৈতিক উন্নয়নৰ প্রসাৰ ঘটাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour