প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত নাগৰিক সুবিধাসমূহৰ উন্নতি আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ১১,১০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে অযোধ্যা বিমান বন্দৰ উদ্বোধন কৰিব; অনাগত শ্ৰী ৰাম মন্দিৰৰ স্থাপত্য প্ৰতিফলিত কৰা টাৰ্মিনেল ভৱনৰ অগ্ৰভাগৰো উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে অযোধ্যা ধাম জংচন ৰে'লৱে ষ্টেচন উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে দুখন নতুন অমৃত ভাৰত ৰে’লৰ ফ্লেগ অফ কৰাৰ ক্ৰমত দেশত অমৃত ভাৰত ৰে’লৰ অভিযান আৰম্ভ হ’ব
প্ৰধানমন্ত্ৰীয়ে ছখন নতুন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব
অনাগত শ্ৰী ৰাম মন্দিৰলৈ গমন বৃদ্ধিৰ বাবে, প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত চাৰিটা নতুনকৈ উন্নীত, বহল আৰু নান্দনিক পথ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ ডিচেম্বৰ, ২০২৩ত উত্তৰ প্ৰদেশত অযোধ্যা ভ্ৰমণ কৰিব।
প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰতৰ দুখন নতুন ৰে’ল ক্ৰমে দৰভংগা-অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ আৰু মালদা টাউন-ছাৰ এম বিশ্বেশ্বৰায় টাৰ্মিনাছ (বেংগালুৰু) অমৃত ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ ডিচেম্বৰ, ২০২৩ত উত্তৰ প্ৰদেশত অযোধ্যা ভ্ৰমণ কৰিব।

প্ৰায় ১১:১৫ বজাত, প্ৰধানমন্ত্ৰীয়ে পুনৰ বিকশিত অযোধ্যা ৰে'লৱে ষ্টেচন উদ্বোধন কৰিব আৰু নতুন অমৃত ভাৰত ট্ৰেইন আৰু বন্দে ভাৰত ট্ৰেইনৰ ফ্লেগ অফ কৰিব। তেওঁ আন কেইবাটাও ৰে'লৱে প্ৰকল্পও ৰাষ্ট্ৰক সমৰ্পিত কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্মিত অযোধ্যা এয়াৰপৰ্ট উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে এটা ৰাজহুৱা কাৰ্যক্ৰমত ভাগ ল'ব, য'ত তেওঁ ৰাজ্যখনত ১৫,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক পৰিকল্পনা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই সকলো পৰিকল্পনা ৰাষ্ট্ৰৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। ইয়াত অযোধ্যা আৰু তাৰ আশে-পাশে থকা অঞ্চলৰ বিকাশৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ পৰিকল্পনা আৰু সমগ্ৰ উত্তৰ প্ৰদেশত অন্য পৰিকল্পনাৰে সম্পৃক্ত প্ৰায় ৪৬০০ কোটি টকাৰ পৰিকল্পনা অন্তৰ্ভুক্ত।

প্ৰধানমন্ত্ৰীৰ পৰিকল্পনা হৈছে অযোধ্যাত আধুনিক বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলা, সংযোগৰ উন্নতি সাধন কৰা আৰু চহৰখনৰ চহকী ইতিহাস তথা ঐতিহ্যৰ লগত সংগতি ৰাখি নাগৰিক সুবিধাসমূহৰ নৱীকৰণ কৰা। এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ মহানগৰীত নতুন বিমানবন্দৰ, নতুনকৈ পুনৰ বিকশিত কৰা ৰে'লৱে ষ্টেচন, নতুনকৈ পুনৰ বিকশিত, বহল আৰু নান্দনিক পথ আৰু অন্যান্য নাগৰিক আন্তঃগাঁথনিৰ উদ্বোধন কৰা হৈছে। ইয়াৰ উপৰিও, কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব, যিয়ে অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা নাগৰিক সুবিধাসমূহৰ সৌন্দৰ্য্যবৰ্ধন আৰু উন্নতিত অৰিহণা যোগাব।

অযোধ্যা বিমানবন্দৰ

অত্যাধুনিক বিমানবন্দৰৰ প্ৰথম পৰ্যায়ত ১৪৫০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে বিকশিত কৰা হৈছে। বিমানবন্দৰৰ টাৰ্মিনেল ভৱনটোৰ আয়তন হ’ব ৬৫০০ বৰ্গমিটাৰ, যি বছৰি প্ৰায় ১০ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সজ্জিত হ'ব। টাৰ্মিনেল ভৱনৰ অগ্ৰভাগ অযোধ্যাৰ অনাগত শ্ৰী ৰাম মন্দিৰৰ স্থাপত্য প্ৰতিফলিত হৈছে। টাৰ্মিনেল ভৱনৰ ভিতৰৰ অংশ ভগৱান শ্ৰীৰামৰ জীৱন চিত্ৰিত কৰা স্থানীয় শিল্প, আৰু চিত্ৰৰে সজাই তোলা হৈছে। অযোধ্যা বিমানবন্দৰৰ টাৰ্মিনেল ভৱনটোত বিভিন্ন সুবিধা যেনে ইনচুলেটেড ছাদ ব্যৱস্থা, এল ই ডি লাইটিং চিষ্টেম, বৰষুণৰ পানী সংগ্ৰহ, ফোৱাৰাৰে লেণ্ডস্কেপিং, পানী পৰিশোধন প্লাণ্ট, নলা পৰিশোধন প্লাণ্ট, সৌৰ শক্তি কেন্দ্ৰ আৰু এনে বহুতো সুবিধা আছে। এই সকলোবোৰ সুবিধা গৃহ-৫ ষ্টাৰ ৰেটিং অনুসৰি হ’ব। বিমানবন্দৰটোৱে অঞ্চলটোৰ সংযোগ উন্নত কৰিব, যাৰ ফলত পৰ্যটন, ব্যৱসায়িক কাৰ্যকলাপ আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব।

অযোধ্যা ধাম ৰে'ল ষ্টেচন

পুনৰ বিকশিত কৰা অযোধ্যা ৰে'লৱে ষ্টেচনৰ প্ৰথম পৰ্যায় – যি অযোধ্যা ধাম জংচন ৰে'লৱে ষ্টেচন নামেৰে জনাজাত – ২৪০ কোটিৰো অধিক ব্যয় সাপেক্ষে বিকশিত কৰা হৈছে। তিনিমহলীয়া আধুনিক ৰে'লৱে ষ্টেচন ভৱনটোত লিফ্ট, এস্কেলেটৰ, ফুড প্লাজা, পূজা সামগ্ৰীৰ দোকান, ঘড়ী কক্ষ, শিশু যত্ন কক্ষ, ৱেটিং হল আদি সকলো আধুনিক সুবিধাৰে সজ্জিত। ষ্টেচন ভৱনটো ‘সকলোৰে বাবে সুলভ’ আৰু ‘আই জি বি চি প্ৰমাণিত সেউজ ষ্টেচন বিল্ডিং’ হ’ব।

অমৃত ভাৰত ট্ৰেইনবন্দে ভাৰত ট্ৰেইন আৰু অন্যান্য ৰে'ল প্ৰকল্প

অযোধ্যা ধাম জংচন ৰে'লৱে ষ্টেচনত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দেশৰ নতুন শ্ৰেণীৰ ছুপাৰফাষ্ট যাত্ৰীবাহী ৰে’ল - অমৃত ভাৰত এক্সপ্ৰেছক ফ্লেগ অফ কৰিব। অমৃত ভাৰত ৰে'ল হৈছে এল এইচ বি পুছ পুল ট্ৰেইন য’ত নন এয়াৰ কণ্ডিচনাৰ ডবা আছে। উন্নত গতিৰ বাবে এই ৰে'লখনৰ দুয়ো মূৰত ইঞ্জিন স্থাপন কৰা হয়। এই ৰে'লখনে যাত্ৰীসকলক সুন্দৰ আৰু আকৰ্ষণীয় ডিজাইনৰ আসন, উন্নত লাগেজ ৰেক, উপযুক্ত মোবাইল হোল্ডাৰৰ সৈতে মোবাইল চাৰ্জিং পইণ্ট, এল ই ডি লাইট, চি চি টি ভি, ৰাজহুৱা তথ্য ব্যৱস্থা আদি উন্নত সুবিধা প্ৰদান কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে ছখন নতুন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব।

প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰতৰ দুখন নতুন ৰে’ল ক্ৰমে দৰভংগা-অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ আৰু মালদা টাউন-ছাৰ এম বিশ্বেশ্বৰায় টাৰ্মিনাছ (বেংগালুৰু) অমৃত ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব।

লগতে প্ৰধানমন্ত্ৰীয়ে ছখন নতুন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব। ইয়াৰ ভিতৰত শ্ৰী মাতা বৈষ্ণো দেৱী কটৰা-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ; অমৃতসৰ-দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ; কইম্বাটুৰ-বেংগালুৰু কেণ্ট ভাণ্ডে ভাৰত এক্সপ্ৰেছ; মঙলদৈ-মদগাঁও বন্দে ভাৰত এক্সপ্ৰেছ; জালনা-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ আৰু অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল বন্দে ভাৰত এক্সপ্ৰেছ অন্তৰ্ভুক্ত।

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ২৩০০ কোটি টকাৰ তিনিটা ৰে’ল প্ৰকল্পও দেশৰ বাবে উৎসৰ্গা কৰিব। প্ৰকল্পসমূহৰ ভিতৰত ৰুমা চাকেৰী-চাণ্ডেৰী থাৰ্ড লাইন প্ৰজেক্ট; জৌনপুৰ-তুলসী নগৰ, আকবৰপুৰ-অযোধ্যা, সোহাৱাল-পাত্ৰংগা আৰু চফদৰগঞ্জ-ৰসাউলি খণ্ডৰ জৌনপুৰ-অযোধ্যা-বৰাবাংকি দ্বিপথ প্ৰকল্প; আৰু মালহাউৰ-দলিগঞ্জ ৰে’ল বিভাগৰ দ্বিপথ আৰু বিদ্যুৎকৰণ প্ৰকল্প অন্তৰ্ভুক্ত।

অযোধ্যাত নাগৰিক আন্তঃগাঁথনিৰ বিকাশ

অনাগত শ্ৰী ৰাম মন্দিৰলৈ গমন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে অযোধ্যাৰ চাৰিটা নতুনকৈ পুনৰ বিকশিত, বহল আৰু নান্দনিক পথ উদ্বোধন কৰিব – ৰামপথ, ভক্তিপথ, ধৰ্মপথ আৰু শ্ৰী ৰাম জন্মভূমি পথ উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা নাগৰিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ৰাজহুৱা স্থানসমূহ সৌন্দৰ্য্যবৰ্ধন কৰিব পৰা কেইবাটাও প্ৰকল্প উদ্বোধন আৰু লোকাৰ্পণ কৰিব। এই উদ্বোধনী প্ৰকল্পসমূহৰ ভিতৰত ৰাজৰ্ষি দশৰথ স্বায়ত্তশাসিত ৰাজ্যিক চিকিৎসা মহাবিদ্যালয়; অযোধ্যা-চুলতানপুৰ ৰোড-বিমানবন্দৰ সংযোগী চাৰিলেনযুক্ত পথ; ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বাইপাছ মহোবৰা বজাৰ হৈ তেধি বজাৰলৈ উঠি যোৱা চাৰিলেনযুক্ত পথ শ্ৰী ৰাম জন্মভূমি; মহানগৰ আৰু অযোধ্যা বাইপাছৰ বহুতো দৃশ্যপটৰ পথ; ৩৩০এ ৰাষ্ট্ৰীয় ঘাইপথৰ জগদীশপুৰ-ফৈজাবাদ অংশ; মহোলী-বৰাগাঁও-দেওধি পথ আৰু জসৰপুৰ-ভাউপুৰ-গংগাৰমণ-সুৰেশনগৰ পথ বহল আৰু শক্তিশালী কৰা; পঞ্চকোছি পৰিক্ৰমা মাৰ্গত বড়ী বুৱা ৰে'লৱে ক্ৰছিঙত আৰ অ’ বি; গ্ৰাম পিখৰৌলীত কঠিন আৱৰ্জনা পৰিশোধন প্লাণ্ট; আৰু ডাঃ ব্ৰজকিশোৰ হোমিঅ’পেথিক কলেজ এণ্ড হাস্পতালত নতুন অট্টালিকা আৰু শ্ৰেণীকোঠাৰ লগতে অন্যান্য অন্তৰ্ভুক্ত। প্ৰধানমন্ত্ৰীয়ে ‘মুখ্যমন্ত্ৰী নগৰ সৃজন যোজনা’ৰ কাম-কাজ আৰু পাঁচটা পাৰ্কিং আৰু বাণিজ্যিক সুবিধাৰ সৈতে জড়িত কাম-কাজ উদ্বোধন কৰিব।

অযোধ্যাত নতুন প্ৰকল্পৰ আধাৰশিলা

প্ৰধানমন্ত্ৰীয়ে নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব যিয়ে অযোধ্যাৰ নাগৰিক সুবিধাসমূহ উন্নত কৰাত সহায় কৰিব আৰু লগতে চহৰখনৰ চহকী সাংস্কৃতিক ঐতিহ্যকো শক্তিশালী কৰিব। ইয়াৰ ভিতৰত অযোধ্যাৰ চাৰিটা ঐতিহাসিক দুৱাৰৰ সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধন; নতুন পকী জেটি আৰু গুপ্তাৰ ঘাট আৰু ৰাজঘাটৰ মাজত প্ৰি-কাষ্ট জেটি সংস্কাৰ; নয়া ঘাটৰ পৰা লক্ষ্মণ ঘাটলৈকে পৰ্যটন সা-সুবিধাৰ উন্নয়ন আৰু সৌন্দৰ্য্যবৰ্ধন; ৰাম কি পেইড়ীত দীপোৎসৱ আৰু অন্যান্য মেলাৰ বাবে দৰ্শনাৰ্থী গেলেৰী নিৰ্মাণ, ইয়াৰ ভিতৰত ৰাম কি পেইড়ীৰ পৰা ৰাজঘাটলৈ আৰু ৰাজঘাটৰ পৰা ৰাম মন্দিৰলৈ তীৰ্থ পথ শক্তিশালী আৰু সংস্কাৰ কৰা অন্তৰ্ভুক্ত।

প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত ২১৮০ কোটিতকৈ অধিক ব্যয়ৰে গ্ৰীণফিল্ড টাউনশ্বিপ আৰু প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া বশিষ্ঠ কুঞ্জ আৱাসিক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (নতুন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ) লক্ষ্ণৌ-অযোধ্যা অংশৰ আধাৰশিলাও স্থাপন কৰিব; বৰ্তমানৰ অযোধ্যা বাইপাছ ৰাষ্ট্ৰীয় ঘাইপথ-২৮ (নতুন ৰাষ্ট্ৰীয় ঘাইপথ-২৭) শক্তিশালী আৰু পৰিৱৰ্তন; অযোধ্যাত চিপেট কেন্দ্ৰ স্থাপন আৰু পৌৰ নিগম অযোধ্যা আৰু অযোধ্যা উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য্য।

সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰকল্প

ৰাজহুৱা অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ অন্যান্য গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ উদ্বোধন আৰু লোকাৰ্পণ কৰিব। ইয়াৰ ভিতৰত গোসাঁই কি বজাৰ বাইপাছ-বাৰাণসী (ঘাঘৰা দলং-বাৰাণসী) (এনএইচ ২৩৩) চাৰিলেন বহল কৰা অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও, আন আন প্ৰকল্পসমূহৰ ভিতৰত আছে ৭৩০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খুটাৰৰ পৰা লখিমপুৰ অংশলৈ শক্তিশালী কৰা আৰু উন্নীতকৰণ; আমেথি জিলাৰ ত্ৰিশুন্দিত এল পি জি প্লাণ্টৰ ক্ষমতা বৃদ্ধি; পাংখাত ৩০ এম এল ডি আৰু জাজমৌ, কাণপুৰত ১৩০ এম এল ডিৰ ছিৱেজ ট্ৰিটমেণ্ট প্লাণ্ট; উন্নাও জিলাত নলা মেৰামতি আৰু ডাইভাৰচন আৰু নলা পৰিশোধনৰ কাম; আৰু কানপুৰৰ জাজমৌত টেনাৰী ক্লাষ্টাৰৰ বাবে চিইটিপি অন্তৰ্ভুক্ত।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 এপ্ৰিল 2026
April 04, 2026

Real Change on the Ground: PM Modi’s Reforms Simplifying Life, Supercharging Economy & Securing India’s Future