প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ ফেব্ৰুৱাৰী, ২০২০ত উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত ডেফএক্সপ’-২০২০ (প্ৰতিৰক্ষা মেলা)ৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব৷

প্ৰতি দুবছৰৰ মুৰে মুৰে অনুষ্ঠিত প্ৰতিৰক্ষা বিভাগৰ বিশাল প্ৰদৰ্শনী ‘ডেফএক্সপ’-২০২০ৰ এয়া একাদশ সংখ্যক মেলা৷ ১,০০০তকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে অংশগ্ৰহণ কৰিবলগীয়া এইখনেই হৈছে বৰ্তমানলৈকে অনুষ্ঠিত ভাৰতৰ সৰ্ববৃহৎ ডেফএক্সপ’৷

এই মেলাৰ বিষয়বস্তু হৈছে-‘ভাৰতঃ প্ৰতিৰক্ষা সামগ্ৰীৰ নিৰ্মাণৰ উদিত হাব৷’ ইয়াৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা খণ্ডৰ অত্যাধুনিক প্ৰযুক্তিসমূহ এখন চাঁদৰ তললৈ অনা আৰু চৰকাৰ, ব্যক্তিগত নিৰ্মাণ প্ৰতিষ্ঠান আৰু ষ্টাৰ্ট-আপৰ বাবে অসংখ্য সুযোগ সৃষ্টি কৰা৷ এই কাৰ্যসূচীয়ে দেশৰ মহাকাশ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা সুৰক্ষাকে ধৰি সামগ্ৰিক দিশ সামৰি ল’ব৷
এই মেলাৰ প্ৰাসংগিক বিষয়বস্ত হৈছে “প্ৰতিৰক্ষা খণ্ডৰ ডিজিটেল পৰিৱৰ্তন সাধন কৰা” যিটোত নতুন প্ৰযুক্তিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদানৰ জৰিয়তে আমাৰ ভৱিষ্যতৰ যুদ্ধক্ষেত্ৰৰ ধাৰণাৰ সৈতেও প্ৰাসংগিক হ’ব৷

শুভাৰম্ভণি অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু উত্তৰপ্ৰদেশৰ পেভিলিয়নো পৰিদৰ্শন কৰিব৷

‘ভাৰত পেভিলিয়ন’ত সৰু আৰু মজলীয়া উদ্যোগ (এছএমই)/ ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ(এমএছএমই)ৰ লগতে অভিনৱ পৰিৱেশতন্ত্ৰকে ধৰি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ এক্সক্লুছিভ প্ৰদৰ্শনী প্ৰদৰ্শন কৰিব, যিবোৰ অগ্ৰগতিৰ মুল চাবিকাঠি৷

উত্তৰপ্ৰদেশৰ পেভিলিয়নত ৰাজ্যখনত চিহ্নিত প্ৰতিৰক্ষা কৰিড’ৰত বিনিয়োগকাৰীৰ বাবে বৃহৎ ঔদ্যোগিক কৌশল আৰু সম্ভাৱনীয়তাক প্ৰদৰ্শন কৰা হ’ব৷ উত্তৰপ্ৰদেশ চৰকাৰে লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শিত কৰিবলৈ একাধিক সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰিছে৷ মেলাস্থলীত টেণ্ট চিটীত দৰ্শকক এক ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদানৰো পৰিকল্পনা কৰিছে৷

দুয়োটা পেভিলিয়ন পৰিদৰ্শন কৰা পাছত প্ৰধানমন্ত্ৰীয়ে স্থল বাহিনীৰ সম্পূৰ্ণ জীৱন্ত প্ৰদৰ্শন, বায়ু সেনাৰ উৰণ প্ৰদৰ্শন আৰু নৌ সেনাৰ কাম-কাজ ব্যৱস্থা প্ৰদৰ্শনীত সভাপতিত্ব কৰিব৷

ডেফএক্সপ’ ২০২০ত ৭০খনতকৈ অধিক দেশে অংশগ্ৰহণ কৰাৰ লগতে এইখনেই সৰ্বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মেলা হিচাপে পৰিগণিত হোৱা আশা আছে৷

মেলাৰ সময়ত কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ আশা কৰা হৈছে, যাৰফলত নতুন ব্যৱসায়িক সহযোগিতা বৃদ্ধি পাব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety

Media Coverage

Indian Railways renews 54,600 km of tracks since 2014, boosting speed potential and safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মাৰ্চ 2026
March 12, 2026

Citizens Appreciate Building a Viksit Bharat: PM Modi's Leadership Fuels Jobs, Clean Energy, and Regional Unity in 2026