চাহিবজাদাৰ অদম্য সাহসৰ বিষয়ে নাগৰিকসকলক অৱগত কৰা আৰু শিক্ষিত কৰাৰ বাবে সমগ্ৰ দেশতে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ডিচেম্বৰ, ২০২৩ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত পুৱা ১০:৩০ বজাত 'বীৰ বাল দিৱস' উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিল্লীত যুৱপ্ৰজন্মৰ এক পদযাত্ৰাৰ ফ্লেগ অফ কৰিব।

 

এই দিৱস উপলক্ষে চৰকাৰে চাহিবজাদাৰ অদম্য সাহসৰ কাহিনীৰ বিষয়ে নাগৰিকসকলক, বিশেষকৈ সৰু ল'ৰা-ছোৱালীসকলক অৱগত কৰা আৰু শিক্ষিত কৰাৰ বাবে সমগ্ৰ দেশতে অংশগ্ৰহণমূলক কাৰ্যসূচীৰ আয়োজন কৰিছে। চাহিবজাদাৰ জীৱন কাহিনী আৰু ত্যাগৰ বিৱৰণ সন্নিবিষ্ট এখন ডিজিটেল প্ৰদৰ্শনী সমগ্ৰ দেশৰ বিদ্যালয় আৰু শিশু সেৱা কেন্দ্ৰসমূহত প্ৰদৰ্শিত হ'ব। 'বীৰ বাল দিৱস'ক লৈ এখন চলচ্চিত্ৰও দেশজুৰি প্ৰদৰ্শিত হ'ব। লগতে, বিভিন্ন অনলাইন প্ৰতিযোগিতা যেনে ইন্টাৰেক্টিভ কুইজ থাকিব যিবোৰ মাইভাৰত আৰু মাইগভ পৰ্টেলৰ জৰিয়তে আয়োজন কৰা হ'ব।

 

শ্ৰী গুৰু গোবিন্দ সিং জীৰ প্ৰকাশ পূৰবৰ দিনা, ২০২২ চনৰ ৯ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে শ্ৰী গুৰু গোবিন্দ সিঙৰ পুত্ৰ চাহিবজাদা বাবা জোৰাৱৰ সিং জী আৰু বাবা ফতেহ সিং জীৰ শ্বহীদ উপলক্ষে ২৬ ডিচেম্বৰৰ দিনটো 'বীৰ বল দিৱস' হিচাপে পালন কৰা হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches $1.5 billion maritime insurance pool, issues first covers

Media Coverage

India launches $1.5 billion maritime insurance pool, issues first covers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মে’ 2026
May 13, 2026

Leadership That Leads by Example: PM Modi's Push for Mindful Growth, Innovation & Infrastructure